শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘৰুৱা সামগ্ৰীৰে ছালৰ যতন লয় নে? সাৱধান! মনত ৰাখক এইকেইটা দিশ, হ’ব পাৰে বিপদ…

সাধাৰণতে সৌন্দৰ্য চৰ্চাৰ ঘৰুৱা বিধানসমূহৰ পাৰ্শ্বক্ৰিয়া নাথাকে বুলি কোৱা হয় যদিও এই উপায়সমূহ ব্যৱহাৰ কৰাত যদি ভুল হয়, তেতিয়া ছালৰ যথেষ্ট ক্ষতি হ’ব লাগিব। সৌন্দৰ্য চৰ্চাৰ এনে ঘৰুৱা বিধানসমূহ গ্ৰহণ কৰাৰ সময়ত বহু লোকে কিছুমান ভুল কৰে, যাৰ ফলত উত্তম ফলাফল পোৱাতকৈ ক্ষতিহে হয়।

ঘৰুৱা সামগ্ৰীৰে ছালৰ যতন লয় নে? সাৱধান! মনত ৰাখক এইকেইটা দিশ, হ’ব পাৰে বিপদ…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: BSIP/Universal Images Group via Getty Images
monjit-dutta
Monjit Dutta | Published: 22 May 2025 23:33 PM

সাম্প্ৰতিক সময়ত সৌন্দৰ্য চৰ্চাৰ নিত্য নতুন সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। নিজৰ দেখনীয়াৰ কৰি ৰাখিবলৈ অধিকাংশ লোকেই এনে সামগ্ৰীসমূহৰ সহায় লয়। আন একাংশ লোকে আকৌ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে ঘৰুৱা বিধান। সাধাৰণতে সৌন্দৰ্য চৰ্চাৰ এনে ঘৰুৱা বিধানসমূহৰ পাৰ্শ্বক্ৰিয়া নাথাকে বুলি কোৱা হয় যদিও এই উপায়সমূহ ব্যৱহাৰ কৰাত যদি ভুল হয়, তেতিয়া ছালৰ যথেষ্ট ক্ষতি হ’ব লাগিব। সৌন্দৰ্য চৰ্চাৰ এনে ঘৰুৱা বিধানসমূহ গ্ৰহণ কৰাৰ সময়ত বহু লোকে কিছুমান ভুল কৰে, যাৰ ফলত উত্তম ফলাফল পোৱাতকৈ ক্ষতিহে হয়।

যদিও ঘৰুৱা ঔষধৰ প্ৰভাৱ আমাৰ মুখত কেইদিনমানৰ ভিতৰতে দেখা দিবলৈ আৰম্ভ কৰে, কিন্তু কেতিয়াবা যেতিয়া ছালৰ সমস্যা যেনে পিম্পল, ক’লা দাগ, বলিৰেখা, টেনিং আৰু ৰ’দত পোৰা আদি তীব্ৰ হৈ পৰে, তেতিয়া এনে সমস্যা সোনকালে সমাধান নহয়। ইয়াৰ কাৰণ হ’ব পাৰে আপুনি ঘৰুৱা ঔষধ সঠিকভাৱে ব্যৱহাৰ কৰা নাই। ঘৰুৱা উপায় গ্ৰহণ কৰাৰ সময়ত এই ৬টা ভুল কেতিয়াও নকৰিব, অন্যথা ছালত ইয়াৰ কু- প্ৰভাৱ পৰিব পাৰে-

সামগ্ৰীৰ অতিমাত্ৰা ব্যৱহাৰ

ঘৰতে বনোৱা ছালৰ যত্নৰ ৰুটিনে মুখত উজ্জলতাকে ধৰি বহুতো সুবিধা প্ৰদান কৰে। কিন্তু বহু মহিলাই ঘৰতে এনে বিধান প্ৰস্তুত কৰোঁতে উপাদানৰ পৰিমাণৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু প্ৰয়োজনতকৈ অধিক উপাদান ব্যৱহাৰ কৰে, যাৰ ফলত ই মুখমণ্ডলৰ ক্ষতি কৰে।

সামান্য পৰিমাণৰ উপাদান

বহু মহিলাই ঘৰতে বনোৱা মাস্ক বা ফেচ পেক বনোৱাৰ সময়ত কিছুমান সাধাৰণ ভুল কৰে। যেনে, তেওঁলোকে কম পৰিমাণৰ উপাদান গ্ৰহণ কৰে আৰু ইয়াৰ ফলত মুখত এই বিধান সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিব পৰা নহয়। যাৰ বাবে তেওঁলোকে ভাল ফলাফল নাপায় আৰু ছালখন নিস্তেজ তথা শুকান হ’বলৈ আৰম্ভ কৰে।

ধৈৰ্যৰ অভাৱ

তৎকালীন প্ৰভাৱ নেদেখিলে বহু লোকে কম দিনৰ ভিতৰতে ঘৰুৱা বিধানৰ প্ৰতি গুৰুত্ব কমাই আনে বা ঘৰুৱা ঔষধ মাত্ৰ কেইদিনমানৰ বাবেহে ব্যৱহাৰ কৰে। পিছে এনে ঔষধৰ পৰা ফলাফল পাবলৈ কিছু সময়ৰ প্ৰয়োজন হয় আৰু সেয়ে এইক্ষেত্ৰত ধৈৰ্য ধৰা উচিত।

সঠিক সময়ত ব্যৱহাৰ নকৰা

ঘৰুৱা ঔষধ সঠিক সময়ত ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰাৰ উত্তম সময় হৈছে নিশা। কাৰণ এই সময়ত ঘৰৰ ভিতৰত থাকে বাবে ধূলি আৰু সূৰ্যৰ তাপ মুখত নালাগে। নিশা ছালখন কোমল অৱস্থাত থাকে। সেয়ে নিশা ঘৰুৱা ঔষধ ব্যৱহাৰ কৰি ভাল ফলাফল পাব পাৰি।

ৰুটিন সঠিকমতে মানি নচলা

যদি আপুনি যিকোনো ছালৰ যত্নৰ ৰুটিন আৰম্ভ কৰে, সেয়া নিয়মিতভাৱে অনুসৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এনে কৰিলে সেই ঘৰুৱা উপায়বোৰৰ ফলাফল কম সময়ৰ ভিতৰত ছালত দেখা দিবলৈ আৰম্ভ কৰে।

বাহি সামগ্ৰী ব্যৱহাৰ নকৰিব

প্ৰায়ে কিছু লোকে ঘৰৰ কোনো সামগ্ৰী নষ্ট হোৱা যেন দেখিলে সেই সামগ্ৰীবিধ পেলাই দিয়াৰ পৰিৱৰ্তে মুখত লগাই দিয়াটো অধিক উপযুক্ত বুলি বিবেচনা কৰে। কিন্তু এনে কাৰ্য ছালৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াৰ ফলত ছালত ফোহা, খজুৱতি আৰু পিম্পলছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।