TV9 ASSAM
আই পি এল ইতিহাসৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছে নিজৰ শক্তিৰ প্ৰমাণ দি পুনৰ এবাৰ প্ৰৱেশ কৰিছে প্লে’ অফ পৰ্যায়ত।
এইক্ষেত্ৰত মুম্বাইয়ে দেখুৱাইছে চমক। প্ৰথম ৫খন মেচৰ ৪খনতে পৰাস্ত হোৱাৰ পিছত দলটোৱে দুৰন্ত প্ৰত্যাৱৰ্তন ঘটাই প্লে’ অফত প্ৰৱেশ কৰে।
মুম্বাইৰ গুৰুত্বপূৰ্ণ সদস্য যশপ্ৰীত বুমৰাহে আঘাতৰ বাবে ছিজনৰ প্ৰথম চাৰিখন খেলত খেলা নাছিল। তাৰ পিছত এতিয়ালৈ তেওঁ ৯ খন মেচ খেলি ১৬টা উইকেট দখল কৰিছে।
এইদৰে তেওঁ আই পি এল ইতিহাসত এক নতুন অভিলেখ ৰচিছে। এই অভিলেখৰ ক্ষেত্ৰত বুমৰাহৰ বাদে আন কোনো খেলুৱৈ সামান্যও কাষ চাপিব পৰা নাই।
আই পি এলত বুমৰাহে একেলগে ৯টা ছিজন ১৫ বা তাতকৈ অধিক উইকেট লাভ কৰিছে। তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল ২০১৬ চনৰ আই পি এলৰ পৰা।
২০১৩ চনত IPL অভিষেক ঘটোৱা বুমৰাহে ২০১৬ত ১৫টা, ২০১৭ত ২০টা, ২০১৮ চনত ১৭টা, ২০১৯ত ১৯টা, ২০২১ত ২১টা, ২০২২ত ১৫টা, ২০২৪ত ২০টা উইকেট দখল কৰিছিল।
এই ৯টা ছিজনত তেওঁৰ ইক’নমি ৰেট কেতিয়াও ৮ৰ ওপৰললৈ যোৱা নাই। ইয়াৰে ৫টা ছিজনত তেওঁৰ ইকনমি ৰেট প্ৰতি অভাৰত ৭ ৰানতকৈও কম।
পঢ়িবলৈ ক্লিক কৰক
IPL 2025ত এই দিশত শীৰ্ষত বৈভৱ