শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাত-ভৰি বিষ, ভাগৰুৱা অনুভৱ কৰিছে নেকি ? এই সমস্যা কিয় হয়?

এই লক্ষণবোৰৰ কাৰণ কি ? হ'ব পাৰে ভিটামিন ডিৰ অভাৱ ! হাড়ৰ বিষ, ভাগৰ, মেজাজৰ পৰিৱৰ্তন আৰু টোপনিৰ সমস্যাকে ধৰি ভিটামিন ডিৰ অভাৱৰ আটাইতকৈ সাধাৰণ লক্ষণসমূহ জানক।

হাত-ভৰি বিষ, ভাগৰুৱা অনুভৱ কৰিছে নেকি ? এই সমস্যা কিয় হয়?
manas-borah
Manas Borah | Published: 01 Nov 2025 19:44 PM

শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে ? হাড়ৰ সুস্বাস্থ্য বজাই ৰখাত ভিটামিন ডিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে। শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি থাকিলে প্ৰায় সকলো শাৰীৰিক কাম-কাজ সহজ হৈ পৰে। শৰীৰটো সক্ৰিয় হৈ থাকে।

ভিটামিন ডিৰ অভাৱ হ’লে শৰীৰত কি কি লক্ষণ দেখা দিব পাৰে?

  • শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে হাত-ভৰি বিষ হ’ব পাৰে। যদি আপুনি কোনো কাৰণ নোহোৱাকৈ কঁকাল, পিঠি বা ডিঙিত বিষ অনুভৱ কৰে, তেন্তে ইয়াৰ কাৰণ ভিটামিন ডিৰ অভাৱ হ’ব পাৰে।
  • শৰীৰত ভিটামিন ডিৰ অভাৱৰ ফলত ভাগৰুৱা অনুভৱ হ’ব পাৰে। যিকোনো সময়ত টোপনি ভাৱ আহি থাকিব পাৰে। কাম কৰিবলৈ মন নোযোৱা হ’ব পাৰে। এলেহুৱা ভাৱ বাঢ়িব পাৰে। তদুপৰি কোনো কামত মনোযোগ দিব নোৱাৰিব পাৰে।
  • ভিটামিন ডিয়ে চেৰ’টনিনৰ এনজাইম হিচাপে কাম কৰে, যিটো হৰম’নে মনটোক ভাল মেজাজত ৰখাত সহায় কৰে। শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে মন আৰু মেজাজ শিথিল হৈ থাকে।
  • ভিটামিন ডিৰ অভাৱত প্ৰায়ে স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। ফলত সাৰ পোৱা আৰু ৰাতি শোৱাৰ ৰুটিনত ব্যাঘাত জন্মে।