শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ওজন কমাব বিচাৰে নেকি ? এই ক্ষেত্ৰত দ্ৰুত ফলাফল পাবলৈ গ্ৰীণ টি কেতিয়া খাব লাগে? জানক

ওজন নিয়ন্ত্ৰণৰ বাবে গ্ৰীণ টি কেতিয়া সেৱন কৰিব লাগে? কোন সময়ত সেৱন কৰিলে দ্ৰুত ফলাফল পোৱা যায়? জানোঁ আহক।

ওজন কমাব বিচাৰে নেকি ? এই ক্ষেত্ৰত দ্ৰুত ফলাফল পাবলৈ গ্ৰীণ টি কেতিয়া খাব লাগে? জানক
manas-borah
Manas Borah | Published: 01 Nov 2025 18:43 PM

ওজন নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় সংখ্যক লোকে গ্ৰীণ টি সেৱন কৰে। কিন্তু আপুনি জানেনে যে, ওজন নিয়ন্ত্ৰণৰ বাবে গ্ৰীণ টি কেতিয়া সেৱন কৰিব লাগে? কোন সময়ত সেৱন কৰিলে দ্ৰুত ফলাফল পোৱা যায়? বিশেষজ্ঞৰ মতে, খালী পেটত গ্ৰীণ টি সেৱন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়।

আন চাহৰ তুলনাত গ্ৰীণ টি যথেষ্ট স্বাস্থ্যকৰ। গ্ৰীণ টিয়ে বেয়া কলেষ্টেৰল শৰীৰত জমা হ’বলৈ নিদিয়ে। লগতে গ্ৰীণ টিয়ে বিপাকীয় হাৰ বৃদ্ধি কৰাত সহায় কৰে। এন্টিঅক্সিডেন্টৰে ভৰপূৰ গ্ৰীণ টিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে। ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবে গ্ৰীণ টি উপকাৰী। গ্ৰীণ টি কেতিয়া সেৱন কৰিব লাগে? জানোঁ আহক…

বহুতৰে এটা ধাৰণা থাকে যে, আহাৰ খোৱাৰ লগে লগে সেউজীয়া চাহ খালে শৰীৰৰ কেলৰি বহু পৰিমাণে কমি যায়। এই ধাৰণাটো একেবাৰেই সঠিক নহয়। শৰীৰে প্ৰটিন হজম কৰিবলৈ নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয়। সেউজীয়া চাহে এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। ফলত খাদ্যত থকা আইৰণ, কপাৰ, ক্ৰ’মিয়াম আদি মৌল শৰীৰে শোষণ নকৰে। গতিকে এই চাহ খোৱাৰ পিছত নাখালে ভাল।

খালী পেটত সেউজীয়া চাহ খোৱাটো একেবাৰেই উচিত নহয়। খালী পেটত এই চাহ খালে পেটত এচিডৰ মাত্ৰা বৃদ্ধি পায়। ফলত হজম শক্তি বিঘ্নিত হয়। সেয়েহে ৰাতিপুৱা লঘু কিবা এটা খোৱাৰ পিছত এই চাহ খাব লাগে।

বহুতে ৰাতিপুৱা চাহ খোৱাৰ পিছত ঔষধ সেৱন কৰে। গ্ৰীণ টি খোৱাৰ পিছত ঔষধ গ্ৰহণ নকৰিব। যদি গ্ৰীণ টি খোৱাৰ পাছত ঔষধ খাই, তেতিয়া বদহজমৰ সৃষ্টি কৰিব পাৰে।

ৰাতি বিচনাত পৰাৰ আগত কেতিয়াও গ্ৰীণ টি খাব নালাগে। ইয়াত থকা কেফেইনে টোপনি বাধা দিয়ে। ইয়াৰ বাহিৰেও ৰাতি সেউজীয়া চাহৰ মানসিক চাপ বৃদ্ধি কৰে আৰু ৰক্তচাপ বৃদ্ধি হোৱাৰ আশংকাও থাকে।

খৰখেদাকৈ সেউজীয়া চাহ খালে কোনো লাভ নহয়। এই চাহ লাহে লাহে আৰু আৰামত খালেহে আপোনাৰ বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পাব পাৰে।

ৰাতিপুৱা ৱৰ্কআউট আৰম্ভ কৰাৰ আগতে গ্ৰীণ টিৰ খালে সৰ্বোত্তম ফলাফল পোৱা যায়। ব্যায়ামৰ পূৰ্বে গ্ৰীণ টি সেৱনে ব্যায়ামৰ সময়ত চৰ্বি ক্ষয় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাত সহায় কৰে।