শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Skin Care: আঁতৰিব ছালৰ ক’লা দাগ, উভতাই পাব হেৰুওৱা উজ্জ্বলতা, এই ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰক

Tan Removal Pack: আমাৰ পাকঘৰত সহজে উপলব্ধ কিছুমান প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি ক’লা দাগ আঁতৰোৱা সম্ভৱ। এই ঘৰতে বনোৱা পেকবোৰ ছালৰ বাবে সম্পূৰ্ণ নিৰাপদ আৰু নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ জিলিকনি পুনৰ ঘূৰাই অনাত সহায় কৰে।

Skin Care: আঁতৰিব ছালৰ ক’লা দাগ, উভতাই পাব হেৰুওৱা উজ্জ্বলতা, এই ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰক
ছালৰ যত্নImage Credit source: Pinterest
trishna-kalita
Trishna Kalita | Updated On: 01 Nov 2025 15:27 PM

বহুতে বজাৰত উপলব্ধ বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ বাবে আমাৰ ছালত হোৱা ক’লা দাগ বা টেন আঁতৰাই পেলায়। কিন্তু আমাৰ পাকঘৰত সহজে উপলব্ধ কিছুমান প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি এনে ক’লা দাগ ফলপ্ৰসূভাৱে আঁতৰোৱা সম্ভৱ। এই ঘৰতে বনোৱা পেকবোৰ ছালৰ বাবে সম্পূৰ্ণ নিৰাপদ আৰু নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ জিলিকনি পুনৰ ঘূৰাই অনাত সহায় কৰে। ছালখন সতেজ আৰু স্পন্দনশীল কৰি তুলিবলৈ দুটা অতি ফলপ্ৰসূ পেক তলত আলোচনা কৰা হৈছে।

১) দৈ আৰু বেচনৰ পেক

দৈ আৰু বেচন এটা ক্লাছিক ঘৰুৱা ঔষধ। যিয়ে ছালখন এক্সফোলিয়েট কৰে, আৰ্দ্ৰতা প্ৰদান কৰে আৰু দাগ পাতল কৰাত সহায় কৰে। এই পেকটো সংবেদনশীল ছালৰ বাবে অতি উপযোগী।

সামগ্ৰীসমূহ:

২ চামুচ বেচন, ১ চামুচ টেঙা দৈ (ঠাণ্ডা দৈ ভাল), ১/২ চামুচ হালধিৰ গুড়ি (আপুনি মিক্সাৰত গোটা শুকান হালধি পিহি ল’ব পাৰে)।

প্ৰস্তুতি আৰু ব্যৱহাৰ:

এটা বাটিত সকলো উপাদান একেলগে মিহলাই ডাঠ পেষ্ট বনাব। তাৰ পিছত ক’লা দাগ থকা ঠাইত (মুখ, হাত, ভৰি, ডিঙি) সমানে মিশ্ৰণটো লগাব লাগে। পেকটো শুকুৱাবলৈ ১৫-২০ মিনিট অপেক্ষা কৰক। পেকটো সম্পূৰ্ণ শুকোৱাৰ আগতে অলপ পানীৰে লাহে লাহে মালিচ কৰি ধুই পেলাওক। ই ছালখন লাহে লাহে এক্সফোলিয়েট কৰিব। সপ্তাহত ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰিব লাগে।

এই পেকটো প্ৰয়োগ কৰিলে দাগ পাতল হয়, ছালখন আৰ্দ্ৰ কৰি ৰাখে। বেচনে ছালৰ মৃত কোষবোৰ আঁতৰাই অতিৰিক্ত তেল শোষণ কৰে। আৰু হালধিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে।

২) আলু আৰু নেমুৰ শক্তিশালী পেক

আলু আৰু নেমুৰ মিশ্ৰণটো ক’লা দাগ আঁতৰোৱাৰ বাবে অন্যতম শক্তিশালী প্ৰাকৃতিক পেক। ইয়াত থকা প্ৰাকৃতিক ব্লিচিং উপাদানবোৰে সোনকালে কাম কৰে। তেলীয়া বা কম্বিনেচন ছালৰ বাবে এই পেকটো অতি ফলপ্ৰসূ।

সামগ্ৰীসমূহ:

আলুৰ ৰস ২ চামুচ (আলু এটা গ্ৰেট বা মিহলাই ৰস চেপি উলিয়াওক), নেমুৰ ৰস ১ চামুচ (যদি আপোনাৰ ছাল সংবেদনশীল হয়, তেন্তে নেমুৰ ৰসৰ পৰিমাণ কমাই বা বাদ দিয়ক), ১ চামুচ মৌ (শুকানতা আঁতৰাবলৈ)।

প্ৰস্তুতি আৰু ব্যৱহাৰ:

এটা সৰু বাটিত আলুৰ ৰস, নেমুৰ ৰস, আৰু মৌ ভালদৰে মিহলাই লওক। ব্ৰাছ বা কপাহৰ সহায়ত ক’লা পৰা ঠাইত মিশ্ৰণটো লগাব লাগে। ১০-১৫ মিনিট ৰাখিব। আলুৰ ৰস শুকাই গ’লে অলপ টান অনুভৱ হ’ব পাৰে। ঠাণ্ডা পানীৰে ধুই পেলাওক। দ্ৰুত ফলাফল পাবলৈ সপ্তাহত ৩-৪ বাৰ ব্যৱহাৰ কৰিব পাৰে। মনত ৰখা ভাল যে এই পেকটো ৰাতি ব্যৱহাৰ কৰাটোৱেই উত্তম। কাৰণ নেমুৰ ৰস ব্যৱহাৰ কৰাৰ পিছত পোনপটীয়া সূৰ্য্যৰ পোহৰ পৰিহাৰ কৰিব লাগে।

আলুৰ ৰসে প্ৰাকৃতিক ব্লিচিং এজেণ্ট হিচাপে কাম কৰে আৰু টেন পাতল কৰে। আৰু নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।যি ছালৰ ৰং পাতল কৰাত সহায়ক। আৰু মৌৱে ছালখন কোমল আৰু কোমল কৰি ৰাখে।

এই ঘৰতে বনোৱা টেন ৰিমুভেল পেক দুয়োটা সম্পূৰ্ণ প্ৰাকৃতিক আৰু পাৰ্শ্বক্ৰিয়ামুক্ত। কিন্তু মনত ৰখা উচিত যে যিকোনো নতুন পেক ব্যৱহাৰ কৰাৰ আগতে ছালৰ সৰু অংশত পৰীক্ষা কৰিব লাগে। এই পেকবোৰে যেনেকৈ টেন আঁতৰোৱাত সহায় কৰে। তেনেকৈ ক’লা দাগ বা টেনৰ পৰা হাত সাৰিবলৈ ওলাই যোৱাৰ আগতে নিয়মিতভাৱে ভাল মানৰ ছানস্ক্ৰীণ (এছ পি এফ ৩০ বা তাতকৈ অধিক) ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। নিয়মীয়া যত্ন আৰু উপযুক্ত সুৰক্ষাৰ দ্বাৰা নিজৰ ছালৰ হেৰুৱা জিলিকনি পুনৰ ঘূৰাই পাব পাৰি।