মুখ্যমন্ত্ৰী-গৌৰৱ গগৈৰ বাকযুদ্ধৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পদপিষ্টৰ ঘটনালৈ… দিনটোৰ শীৰ্ষ খবৰ
মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ অভিযান চলিবই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় আমি জুবিনকো ন্যায় দিম ,অবৈধ অনুপ্ৰৱেশকাৰী মিঞা মুছলমানকো কষ্ট দিয়ে থাকিম।

অৱশেষত দিছপুৰ থানাত আত্মসমৰ্পণ বিকাশ অসমৰ। আত্মসমৰ্পণৰ পিছতেই বিকাশ অসমক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। বীৰ লাচিত সেনা অসমৰ কামৰূপ মহানগৰ জিলাৰ সচিব আছিল বিকাশ। কিছুদিন ধৰি পলাতক হৈ আছিল তেওঁ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট আখ্যা দিয়াৰ পাছতেই প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতাগৰাকীৰ। এক পোষ্টযোগে তেওঁ কয় যে এই মন্তব্যই মুখ্যমন্ত্ৰীৰ “ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়” উদঙাই দিছে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে বুলি কয় গগৈয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।