শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Indian Railways: বৃহৎ পদক্ষেপ ভাৰতীয় ৰে’লৱেৰ, এতিয়াৰ পৰা ষ্টেচনত এই কাম কৰিলে ভৰিব লাগিব জৰিমনা

Indian Railways: বৃহৎ পদক্ষেপ ভাৰতীয় ৰে’লৱেৰ, এতিয়াৰ পৰা ষ্টেচনত এই কাম কৰিলে ভৰিব লাগিব জৰিমনা

manas-borah
Manas Borah | Published: 01 Nov 2025 20:35 PM

যদি আপুনি এই কাম কৰি আছে তেন্তে অতি সাৱধান হওক। এতিয়া ষ্টেচনত এই কাম কৰিলে ডাঙৰ জৰিমনা ভৰিব লাগিব। ভাৰতীয় ৰে’লৱেই এতিয়া ষ্টেচনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

দীৰ্ঘ দূৰত্বৰ ৰে’ল যাত্ৰা কৰাটো এক সুকীয়া অভিজ্ঞতা। কেৱল বাহিৰৰ প্ৰাকৃতিক দৃশ্য বা ৰে’লৰ ডবাত বহু সময় কটোৱাই নহয়, সহযাত্ৰীসকলৰ বিভিন্ন কাম-কাজো মনলৈ আহে। যিসকলে দীৰ্ঘ দূৰত্বৰ ৰে’লেৰে যাত্ৰা কৰিছে তেওঁলোকে নিশ্চয় ৰে’ল ৰখোৱাৰ সময়ত টুথব্ৰাছ আৰু টুথপেষ্ট লৈ ষ্টেচনত নামি অহা যাত্ৰীক দেখিছে। বহুতে প্লেটফৰ্মত থকা খোৱাপানীৰ বেচিনত খাদ্যৰ বাচন ধোৱাও বহুতে লক্ষ্য কৰিছে। যদি আপুনিও এই কাম কৰি আছে তেন্তে অতি সাৱধান হওক। এতিয়া ষ্টেচনত এই কাম কৰিলে ডাঙৰ জৰিমনা ভৰিব লাগিব। ভাৰতীয় ৰে’লৱেই এতিয়া ষ্টেচনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

বহুতে নাজানে যে, ১৯৮৯ চনৰ ৰে’লৱে আইন অনুসৰি ষ্টেচনত দাঁত ব্ৰাছ কৰা, থু পেলোৱা, কাপোৰ ধোৱা বা বাচন ধোৱা নিষিদ্ধ। যদি কোনোবাই নিৰ্দিষ্ট স্থান অৰ্থাৎ শৌচাগাৰৰ বাহিৰে আন কোনো ঠাইত এই কাম কৰে তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব। ষ্টেচনত যদি কোনো যাত্ৰী দাঁত ব্ৰাছ কৰা বা বাচন ধোৱা কাৰ্য ধৰা পৰে তেন্তে তেওঁক ৫০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।