হৃদযন্ত্ৰৰ পৰা যকৃতলৈ…তুলসী পাত কি কি ৰোগৰ বাবে ফলপ্ৰসূ, জানক…

Tulsi: প্ৰায় সকলোৰে চোতালত তুলসী থাকে। ধৰ্মীয় কাম-কাজৰ লগতে তুলসী পাত স্বাস্থ্যৰ দিশটোৰ বাবেও ফলপ্ৰসূ। তুলসীয়ে কেৱল চৰ্দি-কাহৰ পৰাই নহয় বিভিন্ন গুৰুতৰ ৰোগৰ ক্ষেত্ৰতো সকাহ প্ৰদান কৰে।

হৃদযন্ত্ৰৰ পৰা যকৃতলৈ...তুলসী পাত কি কি ৰোগৰ বাবে ফলপ্ৰসূ, জানক...

তুলসী পাত

Published: 

09 Nov 2025 | 11:05 PM

যুগ যুগ ধৰি চোতালত তুলসী ৰোপণ কৰা এক পৰম্পৰা। ধৰ্মীয় কাম-কাজৰ পৰা স্বাস্থ্যলৈ বহু দিশত তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। ই প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে। তুলসীত এনে উপাদান থাকে যিয়ে ১০০ ৰো অধিক ৰোগৰ পৰা সকাহ প্ৰদান কৰাত সহায় কৰে। চৰ্দি , কাহৰ পৰা আৰম্ভ কৰি মানসিক চাপ, হৃদযন্ত্ৰ, যকৃত আদি বিভিন্ন সমস্যাৰ বাবে তুলসী পাত উপকাৰী। তুলসী পাত খালে গেছ, এচিডিটি, ডায়েবেটিছ, ছালৰ ৰোগ আদিৰো উপশম হয়।

কি কি ৰোগত ভাল

তুলসী পাতত এন্টিবায়টিক, এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ থাকে। যাৰ বাবে ই সাধাৰণ ৰোগৰ পৰা গুৰুতৰ ৰোগৰ বাবেও ফলপ্ৰসূ হয়। তুলসীৰ পাতে চৰ্দি-কাহৰ সমস্যাৰ পৰা সকাহ দিব পাৰে, ই শ্লেমা পৰিষ্কাৰ কৰাত সহায় কৰে। জ্বৰ হ’লে তুলসী খালে ইয়াৰ যৌগ যেনে-ইউজেনল আৰু চিন’লে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে।

হাঁপানী, ব্ৰংকাইটিছ, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তুলসী খোৱাটো অত্যন্ত উপকাৰী। ইয়াৰোপৰি গেছ, পেটৰ বিষ, এচিডিটি আদিত তুলসী ভাল। নিয়মিতভাৱে তুলসী সেৱন কৰিলে ডায়েবেটিছ ৰোগৰী চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থকাত সহায়ত হয়। ই কলেষ্টেৰলৰ মাত্ৰাও কমায়। ইয়াৰোপৰি তুলসী পাত হাওঁফাওঁ, হৃদযন্ত্ৰ, অন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ভাল। ইয়াৰোপৰি ই ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও ফলপ্ৰসূ। ই মানসিক চাপ কম কৰে।

তুলসী পাত যকৃতৰ সমস্যাৰ বাবে ভাল। পুৱা খালী পেটত তুলসী পাতৰ ৰস খালে যকৃত পৰিষ্কাৰ থাকে আৰু পাচন প্ৰক্ৰিয়া ভাল হয়। ইয়াৰ লগতে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰাখিব বিচৰাসকলে তুলসী পাত খাব পাৰে।

অন্য উপকাৰ

  • যকৃতৰ বাবে ভাল।
  • মাইগ্ৰেইনৰ সমস্যা থাকিলে তুলসী পাতৰ চাহ খাব লাগে।
  • মহিলাসকলৰ হ’ৰমনৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে।
  • মাহেকীয়াৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।
  • যদি আপোনাৰ তুলসীৰ পৰা কোনো এলাৰ্জিৰ সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

 

অন্য খবৰ পঢ়কঃ নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানিলে আচৰিত হৈ পৰিব আপুনি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...