নখত দেখা দিয়া লক্ষণ হ’ব পাৰে কৰ্কট ৰোগৰ ইংগিত! জানক সকলো..

কৰ্কট ৰোগ এক গুৰুতৰ ৰোগ। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এই লক্ষণবোৰ এৰাই চলে। গৱেষণাত প্ৰকাশ পাইছে যে কৰ্কট ৰোগ হ'লে নখতো লক্ষণে দেখা দিয়ে।

নখত দেখা দিয়া লক্ষণ হব পাৰে কৰ্কট ৰোগৰ ইংগিত! জানক সকলো..

নখ

Published: 

10 Nov 2025 18:21 PM

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। NICPR ৰ তথ্য অনুসৰি দেশত প্ৰায় ২৫ লাখ লোক এই ৰোগত আক্ৰান্ত। প্ৰতি বছৰে ৭ লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত হয়। অৱশ্যে চিকিৎসাৰ ক্ষেত্ৰখনো বহুত আগবাঢ়িছে। সময়মতে এই ৰোগ ধৰা পৰিলে ইয়াৰ চিকিৎসা সম্ভৱ হয়।

যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিছুমান লক্ষণ নখত দেখা দিয়ে। নখৰ পৰিৱৰ্তন কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ বিজ্ঞানীসকলে নখ আৰু কেন্সাৰৰ মাজত এক সম্পৰ্ক আৱিষ্কাৰ কৰিছে।

বৈজ্ঞানিকসকলে কয় যে, কিছুমান মানুহৰ নখত দেখা দিয়ে বিশেষ পৰিৱৰ্তন জেনেটিক ডিচোৰ্ডাৰৰ সংকেত হ’ব পাৰে। যি BAP1 টিউমাৰ প্ৰেডিচপজিচন চিনড্ৰম নামৰ জিনীয় বিকাৰৰ লক্ষণ হ’ব পাৰে। এই ৰোগ BAP1 জিনৰ মিউটেচনৰ ফলত হয় আৰু ইয়াৰ ফলত ব্যক্তিৰ ছাল, চকু, বৃক্ক, হাওঁফাওঁ বা পেটৰ আৱৰণত কেন্সাৰ টিউমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত নখত অনিকোপেপিলোমা লক্ষণে দেখা দিয়ে।

অনিকোপেপিলোমা কি

নখত দেখি দিয়া বিশেষ টিউমাৰৰ অৱস্থাক অনিকোপেপিলোমা বুলি কোৱা হয়। এই অৱস্থাত নখত দীঘলীয়া, বগা বা ৰঙা ৰঙৰ ৰেখাৰ সৃষ্টি হয়। নখ বা নখৰ তলৰ অংশ মোটা হৈ পৰে। এই অৱস্থা সাধাৰণতে এটা নখ প্ৰভাৱিত কৰে। BAP1 জিনৰ মিউটেচন থকা লোকৰ ক্ষেত্ৰত এই পৰিৱৰ্তন বহু নখত দেখা যায়। বৈজ্ঞানিকসকলে কয় যে, নখৰ পৰীক্ষাৰ জৰিয়তে BAP1 চিনড্ৰম ধৰা পেলোৱা সম্ভৱ। এই ক্ষেত্ৰত বৈজ্ঞানিকসকলে আৰু অধিক গৱেষণা কৰি আছে।

উল্লেখ্য যে, নখে আমাক শৰীৰৰ বহু সমস্যাৰ ইংগিত দিয়ে। গতিকে কেইবাটাও নখত যদি অনিকোপেপিলোমাৰ লক্ষণে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ Breast cancer in Males : পুৰুষৰ মাজত বৃদ্ধি স্তনৰ কৰ্কট ৰোগ! কাৰণ, লক্ষণ আদি জনালে এইমছৰ চিকিৎসকে…

কিডনী ষ্টোন হ'লে কি কৰিব ? কম সময়ত উপশম পোৱাৰ উপায় জানক
জীৱনৰ ২৪তম জন্মদিন উদযাপন ৰিয়ানৰ, জানেনে তেওঁৰ নামত থকা অভিলেখসমূহৰ বিষয়ে
মা লক্ষ্মীৰ আগমনৰ পূৰ্বে দেখা দিয়ে এইসমূহ সংকেত! জানক সকলো...
ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ? এই সমস্যা থকাসকলৰ বাবে ৭ টা পৰামৰ্শ