শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাৰ্ট এটেকৰ পৰা কৰ্কট ৰোগলৈ…চাহ-চিগাৰেট একেলগে খোৱাৰ ফলত কি হয় জানেনে? জানক চিকিৎসকৰ পৰা…

বহু মানুহে চাহৰ সৈতে চিগাৰেট খোৱা দেখা যায়। কিন্তু ই বহু ক্ষতিকাৰক। এই অভ্যাসে হৃদযন্ত্ৰৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰোপৰি এই অভ্যাসৰ ফলত চিগাৰেট বাদ দিয়া কঠিন হৈ পৰে।

হাৰ্ট এটেকৰ পৰা কৰ্কট ৰোগলৈ…চাহ-চিগাৰেট একেলগে খোৱাৰ ফলত কি হয় জানেনে? জানক চিকিৎসকৰ পৰা…
চাহ আৰু ধূমপান
barasha-sarma
Barasha Sarma | Published: 16 Oct 2025 12:44 PM

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ই হাওঁফাওঁৰ লগতে আন বহু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু তাৰ পাছতো বহুতে ধূমপান কৰা দেখা যায়। কিছুমানে চাহ আৰু কফিৰ সৈতে চিগাৰেট খোৱা দেখা যায়। কিন্তু ই স্বাস্থ্যৰ বাবে আৰু অধিক ক্ষতিকাৰক।

বৰ্তমান সময়ত চাহ-কফিৰ সৈতে চিগাৰেট খোৱা এটা ষ্টাইললৈ পৰিণত হৈছে। কিন্তু এয়া ভাল নহয়। চিগাৰেটত নিকোটিন থাকে, আৰু চাহ-কফি কেফেইনযুক্ত পানীয়। যাৰ বাবে স্বাস্থ্যৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।  এলাহ দূৰ কৰিবলৈ বহুতে চাহৰ লগত চিগাৰেট খায়। কিন্তু ই হাওঁফাওঁৰ লগতে যকৃতৰ ক্ষতি কৰিব পাৰে। ইয়াৰোপৰি আন বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়।

ধূমপান আৰু চাহৰ ক্ষতিকাৰক প্ৰভাৱ

এই সন্দৰ্ভত সবিশেষ জনাইছে কাশৱী হাস্পতালৰ (গ্ৰেটাৰ নয়ডা) পালমোন’লজিষ্ট তথা চিকিৎসা সঞ্চালক ডাঃ আশীষ জয়ছৱালে। তেওঁ কয় যে, চাহ আৰু চিগাৰেট একেলগে সেৱন কৰিলে স্বাস্থ্যজনিত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব পাৰে। চিগাৰেটৰ নিকোটিন আৰু চাহ-কফিৰ সংমিশ্ৰণে শৰীৰৰ অধিক ক্ষতি কৰিব পাৰে। কিয়নো কেফেইনে ধূমপানৰ পৰা নিকোটিন শোষণ যথেষ্ট বৃদ্ধি কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

ডাঃ আশীষে কয় যে চাহ আৰু চিগাৰেট একেলগে সেৱন কৰিলে হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে।  নিকোটিন আৰু কেফেইন মিহলি হৈ হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত কাৰ্ডিয়াক এৰিথমিয়া আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

সমস্যা

তেওঁ আৰু কয় যে, চাহৰ লগত চিগাৰেট খোৱাৰ সময়ত হাওঁফাওঁত হোৱা অক্সিডেটিভ প্ৰক্ৰিয়াই ক্ষতি বৃদ্ধি কৰে। ইয়াৰ লগতে পেটৰ সমস্যা হ’ব পাৰে। ই মানসিক চাপ, কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। বিশেষজ্ঞৰ মতে, কেফেইনৰ উপৰিও চাহত ফাইটোলাইট নামৰ কিছুমান এন্টিঅক্সিডেন্টও থাকে। কিন্তু ধূমপানৰ লগতে চাহ খালে এই পুষ্টিকৰ উপাদানবোৰ নষ্ট হৈ যায়।

অভ্যাস এৰা দৰকাৰ

চাহ আৰু চিগাৰেট একেলগে সেৱন কৰিলে চিগাৰেট এৰি দিয়া আৰু অধিক কঠিন হৈ পৰে। চাহ এৰি দিয়াটোও কঠিন হৈ পৰে কাৰণ নিকোটিন আৰু কেফেইনে পাৰস্পৰিক নিৰ্ভৰশীলতাৰ সৃষ্টি কৰে। গতিকে এই অভ্যাস লাহে লাহে বাদ দিবলৈ চেষ্টা কৰিব লাগে। যদি বেছিকৈ সমস্যা হয় তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ আপোনাৰো হাঁপানী ৰোগ আছে নেকি? তেন্তে এই দিশৰ ওপৰত দিয়ক গুৰুত্ব…