পেটৰ বহু সমস্যাৰ পৰিত্ৰাণ এই ৩ যোগাসন, বাবা ৰামদেৱে দিছে বিধান
গেছ, কোষ্ঠকাঠিন্য, বিষ, বা বদহজমৰ দৰে সমস্যাৰ ক্ষেত্ৰত অতি উপকাৰী এনে কিছুমান সহজ যোগাসনৰ বিষয়ে সদৰী কৰিছে স্বামী ৰামদেৱে। নিয়মীয়াকৈ এনে যোগাসনসমূহ অভ্যাস কৰিলে পেটৰ ৰোগ দূৰ কৰিব পাৰি।

স্বামী ৰামদেৱ
আমাৰ দৈনন্দিন জীৱনত নানা দৈনিক সমস্যাই প্ৰায়ে জুৰুলা কৰে। এনে সমস্যাসমূহৰ ভিতৰত পেটৰ সমস্যাও অন্যতম। সাধাৰণতে মেদবহুলতা, বদহজম, গেছ ইত্যাদি কাৰণে পেটৰ অন্যান্য সমস্যা বৃদ্ধি কৰে। অস্বাস্থ্যকৰ আহাৰ খোৱা বা ভুল সময়ত খাদ্য খোৱাৰ ফলত গেছ, বুকু জ্বলা পোৰা কৰা, বদহজম, কোষ্ঠকাঠিন্য আদি সমস্যা হ’ব পাৰে। প্ৰথম অৱস্থাত এনে সমস্যাসমূহক সহজভাৱে লয় যদিও ক্ৰমান্বয়ে গুৰুতৰ ৰোগলৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকে।
পেটৰ এনে সমস্যাসমূহৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে। লগতে মানসিক স্বাস্থ্যতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এইক্ষেত্ৰত কেৱল ঔষধেই সমাধান নহয়, যোগাসন আৰু সঠিক খাদ্যই এনে সমস্যাৰ দীৰ্ঘম্যাদী সমাধানত মুখ্য ভূমিকা ল’ব পাৰে। গেছ, কোষ্ঠকাঠিন্য, বিষ, বা বদহজমৰ দৰে সমস্যাৰ ক্ষেত্ৰত অতি উপকাৰী এনে কিছুমান সহজ যোগাসনৰ বিষয়ে সদৰী কৰিছে স্বামী ৰামদেৱে।
নিয়মীয়াকৈ এনে যোগাসনসমূহ অভ্যাস কৰিলে পেটৰ ৰোগ দূৰ কৰিব পাৰি। লগতে এনে অভ্যাসৰ দ্বাৰা পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। স্বামী ৰামদেৱে উল্লেখ কৰা এই যোগাসনসমূহৰ বিষয়ে জানো আহক-
১) মণ্ডুকাসনঃ আঁঠু লৈ বহি ভৰি দুখন পিছলৈ বেঁকা কৰি, পেটৰ ওচৰত হাত দুখন ধৰি আগলৈ বেঁকা হৈ পৰা ভংগীমা হৈছে মণ্ডুকাসন।
উপকাৰিতাসমূহঃ
পেটত লঘু চাপ প্ৰয়োগ কৰে।
পেটৰ অংগসমূহ এই আসনে মালিচ কৰে।
পেটৰ ফুলা কমায়।
বদহজমৰ পৰা উপশম দিয়ে।
খাদ্য সোনকালে হজম হয়।
কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা উপশম দিয়ে।
২) পৱনমুক্তাসনঃ এই আসনত পিঠি পেলাই শুই দুয়োখন ভৰি হাতেৰে ধৰি বুকুৰ ফালে টানে। কিছু সময় এই অৱস্থাত থাকক। এই আসনৰ জৰিয়তে গেছ বাহিৰ হয় আৰু পেটৰ ফুলি যোৱা সমস্যা দূৰ হয়।
উপকাৰিতাসমূহঃ
গেছ আৰু বিষৰ পৰা সকাহ দিয়ে।
পেটৰ বিষৰ পৰা উপশম দিয়ে।
গেছৰ সমস্যা দূৰ কৰে।
পেটৰ ফুলা কমায়।
শিশু আৰু বৃদ্ধ উভয়ে এই আসন কৰিব পাৰে।
৩) ভুজংগাসনঃ এই আসনত কঁকালৰ তলৰ অংশ পেলাই হাতেৰে ভেজা দি ওপৰৰ অংশ লাহে লাহে উঠাই ৰাখিব লাগে। ইংৰাজীত এইয ভংগীমাক Cobra Pose বুলিও কোৱা হয়। পেটৰ ৰোগে প্ৰায়ে কঁকাল আৰু মেৰুদণ্ডৰ সমস্যা বৃদ্ধি কৰে; এই আসনৰ অভ্যাস কৰিলে এনে সমস্যা হ্ৰাস পায়।
উপকাৰিতাসমূহঃ
পেট, কঁকাল, মেৰুদণ্ডৰ বাবে উপকাৰী।
পেটৰ পেশীৰ ব্যায়াম হয়।
ৰক্ত সঞ্চালন উন্নত কৰে।
হজম শক্তি উন্নত কৰে।
পেটৰ বিষ বা কঁকালৰ বিষ হ’লে এই আসনসমূহ লাহে লাহে অভ্যাস কৰক। স্বামী ৰামদেৱে প্ৰতিদিনে পুৱা খালী পেটত এই যোগাসন অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে। সমান্তৰালকৈ লঘু, সহজে হজম হোৱা খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিয়ক আৰু প্ৰচুৰ পৰিমাণে পানী খাওক।