শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আয়ুৰ্বেদত আছে ইউৰিক এচিড নিয়ন্ত্ৰণৰ মহৌষধ! এনে উপায়েৰে পাব উপশম

আয়ুৰ্বেদত আমাৰ স্বাস্থ্যজনিত বহু সমস্যাৰ প্ৰাকৃতিক সমাধান আগবঢ়োৱা হৈছে। এনে সমাধানৰ জৰিয়তে ঘৰুৱাভাৱে কিছুমান ৰোগৰ চিকিৎসা সম্ভৱপৰ। আয়ুৰ্বেদৰ মতে, প্ৰাকৃতিক খাদ্য আৰু বনৌষধি চিকিৎসা মানি চলিলে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰা সম্ভৱপৰ হৈ পৰে।

আয়ুৰ্বেদত আছে ইউৰিক এচিড নিয়ন্ত্ৰণৰ মহৌষধ! এনে উপায়েৰে পাব উপশম
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 26 Aug 2025 09:51 AM

ডায়েবেটিছ, ৰক্তচাপ, থাইৰয়ড আদি সমস্যাৰ দৰে ইউৰিক এচিডো বৰ্তমান এক চিন্তনীয় স্বাস্থ্যজনিত সমস্যা হৈ পৰিছে বহুলোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছে এই ইউৰিক এচিডৰ বাবে এই ইউৰিক এচিড হৈছে শৰীৰৰ এক প্ৰাকৃতিক আৱৰ্জনা শৰীৰত পিউৰিন নামৰ যৌগ এটাৰ বিভাজনৰ ফলত ইউৰিক এচিডৰ সৃষ্টি হয়। সাধাৰণতে বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিড নিৰ্গত কৰে। শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে গাঁঠিৰ বিষ, গাঁঠি ফুলি উঠা, বাতবিষ আদি সমস্যাৰ সৃষ্টি হয়।

আয়ুৰ্বেদত আমাৰ স্বাস্থ্যজনিত বহু সমস্যাৰ প্ৰাকৃতিক সমাধান আগবঢ়োৱা হৈছে এনে সমাধানৰ জৰিয়তে ঘৰুৱাভাৱে কিছুমান ৰোগৰ চিকিৎসা সম্ভৱপৰ আয়ুৰ্বেদৰ মতে, প্ৰাকৃতিক খাদ্য আৰু বনৌষধি চিকিৎসা মানি চলিলে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰা সম্ভৱপৰ হৈ পৰে। জানো আহক এই বিষয়ে

১) ত্ৰিফলাঃ আয়ুৰ্বেদত ত্ৰিফলা এক বহুল ব্যৱহৃত বনৌষধি। আমলখি, শিলিখা আৰু ভোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা এই ঔষধে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পাচন শক্তি উন্নত কৰে। নিয়মিতভাৱে ৰাতি গৰম পানীৰ সৈতে ত্ৰিফলা সেৱন কৰিলে দেহত অতিৰিক্ত ইউৰিক এচিড জমা নহয়

২) পনৌনুৱাঃ আয়ুৰ্বেদত পনৌনুৱাক এক অতি উপকাৰী বনৌষধি হিচাপে গণ্য কৰা হয়। পুনৌনুৱাক প্ৰাকৃতিক প্ৰস্ৰাৱৰ ঔষধ হিচাপে গণ্য কৰা হয় ই শৰীৰৰ অতিৰিক্ত পানী আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। এইদৰে পুনৌনুৱাৰ সহায়ত ইউৰিক এচিডো হ্ৰাস পায়।

৩) তুলসী আৰু আদাঃ তুলসীৰ পাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে, আৰু আদাই প্ৰদাহ কমায় তথা হজম শক্তি উন্নত কৰে। প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে আদা-তুলসী মিহলাই খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) খাদ্যাভ্যাসঃ আয়ুৰ্বেদৰ মতে ইউৰিক এচিড হ্ৰাস কৰাৰ মূল চাবিকাঠি হ’ল খাদ্যাভ্যাস। বেছিকৈ মাংস, সাগৰীয় মাছ, কিছুমান দাইল, জাংক ফুড খালে তথা সুৰা সেৱন কৰিলে ইউৰিক এচিড বৃদ্ধি পাব পাৰে। এইবোৰে শৰীৰত পিউৰিন বৃদ্ধি কৰি ইউৰিক এচিড উৎপন্ন কৰে। তাৰ পৰিৱৰ্তে সেউজীয়া শাক-পাচলি, ফলমূল, গোটা শস্য, আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

৫) অশ্বগন্ধাঃ আয়ুৰ্বেদত অশ্বগন্ধাক এক অনন্য গুণসম্পন্ন ঔষধি হিচাপে বিবেচনা কৰা হয় অশ্বগন্ধাই শৰীৰক শক্তি প্ৰদান কৰে আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে, ইয়াৰ ফলত শৰীৰত অপ্ৰয়োজনীয় এচিড জমা হোৱাত বাধাগ্ৰস্ত হয়।