শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ ঘৰতো বাহ সাজিছে নেকি কপৌৱে? পিছে শুভ নে অশুভ এয়া!

বহুতো ধৰ্মীয় গ্ৰন্থত কপৌক স্বৰ্গদূত বা শান্তিৰ দূত বুলি কোৱা হৈছে। সেয়ে অধিকাংশ লোকেই ঘৰলৈ কপৌৰ আগমনে শুভ লক্ষণ কঢ়িয়াই আনে বুলি ধাৰণা কৰে। কিন্তু এই সন্দৰ্ভত বাস্তু শাস্ত্ৰই কি কয়?

আপোনাৰ ঘৰতো বাহ সাজিছে নেকি কপৌৱে? পিছে শুভ নে অশুভ এয়া!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 26 Aug 2025 07:19 AM

সমগ্ৰ বিশ্বজুৰি কপৌ চৰাইক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয় কপৌৰ শান্ত স্বভাৱৰ বাবে অধিকাংশ লোকৰে প্ৰিয় এই চৰাইবিধ কপৌ চৰাইক নানা দিশত অত্যন্ত শুভ হিচাপেও গণ্য কৰে বহুলোকে পিছে ঘৰত কপৌৰ বাহ থকাটো শুভ নে অশুভ? এই প্ৰশ্নই হয়তো বহুলোকৰ মনতে ক্ৰিয়া কৰে এই বিষয়ক লৈ শাস্ত্ৰ আৰু বাস্তু শাস্ত্ৰত বিভিন্ন সময়ত বিভিন্ন কথা লিখা হৈছে। কপৌ প্ৰাচীন কালৰে পৰা শান্তি, প্ৰেম আৰু ঐক্যৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে।

বহুতো ধৰ্মীয় গ্ৰন্থত কপৌক স্বৰ্গদূত বা শান্তিৰ দূত বুলি কোৱা হৈছে। সেয়ে অধিকাংশ লোকেই ঘৰলৈ কপৌৰ আগমনে শুভ লক্ষণ কঢ়িয়াই আনে বুলি ধাৰণা কৰে। কিন্তু এই সন্দৰ্ভত বাস্তু শাস্ত্ৰই কি কয়? কপৌ চৰাই সাধাৰণতে শান্তিপ্ৰিয় চৰাই। কপৌৱে আশ্ৰয় লোৱা স্থানত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়।

বাস্তু শাস্ত্ৰৰ মতে, যদি কোনো ঘৰৰ চাদ বা বেলকনিত কপৌৱে বাহ সাজে তেতিয়া ই দীৰ্ঘদিনলৈ শুভকামনা বাৰ্তা কঢ়িয়াই লৈ ফুৰে। কপৌৱে ঘৰত বাহ সাজিলে ধন-সম্পত্তি বৃদ্ধি পায়, পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম আৰু ঐক্য বজাই ৰখা হয় বুলি বিশ্বাস কৰা হয়। কাজিয়া আৰু বিবাদ বহু পৰিমাণে হ্ৰাস পায় বুলিও কোৱা হয়।

কপৌৰ উপস্থিতিয়ে মানসিক শান্তি আনে বুলিও ধাৰণা কৰা হয়। শাস্ত্ৰ মতে কপৌ পবিত্ৰতাৰ প্ৰতীক। হিন্দু ধৰ্মত কপৌক শান্তিৰ দেৱী লক্ষ্মীৰ লগত জড়িত কৰা হয়। গতিকে কপৌ আহিলে বা নিজাববীয়াকৈ বাহ সাজিলে ঘৰখনৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি পৰে বুলি বিশ্বাস কৰা হয়। বৌদ্ধ ধৰ্মতো কপৌক বন্ধুত্ব আৰু কৰুণাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

অৱশ্যে বাস্তু শাস্ত্ৰ মতে ঘৰত সকলো সময়তে কপৌৰ বাহ থকাটো ভাল নহয়। কপৌ চৰাইয়ে ঘৰৰ ভিতৰত বা খিৰিকীৰ চুকত বাহ সাজিলে যিকোনো বাধা আহিব পাৰে, ৰোগ আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি বাস্তু শাস্ত্ৰই উল্লেখ কৰিছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও এয়া বিশেষ ঠিক নহয়।

আধুনিক চিকিৎসা বিজ্ঞানৰ মতে কপৌৰ পাখি আৰু শুকান মলৰ পৰা ওলোৱা এক প্ৰকাৰৰ ধূলি বতাহৰ লগত মিহলি হৈ পৰে। ই হাওঁফাওঁৰ ভিতৰলৈ গৈ হিষ্ট’প্লাজমোচিছ বা বাৰ্ড ফেন্সিয়াৰ হাওঁফাওঁ নামৰ ৰোগ সৃষ্টি কৰিব পাৰে। গতিকে ঘৰত কপৌৰ বাহ থকাটো এফালে শুভ, আনফালে কিছু ক্ষেত্ৰত অশুভও হ’ব পাৰে।

শুভ কাৰণ হিচাপে কপৌক শান্তি, ঐক্য আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। অশুভ হিচাপে কপৌৱে স্বাস্থ্যৰ বিপদ বৃদ্ধি কৰে আৰু ঘৰলৈ অশান্তি আনিব পাৰে। গতিকে সিদ্ধান্তটো সম্পূৰ্ণৰূপে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। কপৌৰ প্ৰতি দয়ালু হৈ পৰিয়ালৰ স্বাস্থ্য ৰক্ষা কৰি উত্তম সমাধান বাছি লোৱাটো জ্ঞানী মানুহৰ কাম।