আঁঠু আৰু নিতম্বৰ বিষ হৈ থাকে নেকি? কেনেকৈ পাব সকাহ, ক’লে বিশিষ্ট চিকিৎসকে…
আজিকালি বহুতে আঁঠু আৰু নিতম্বৰ বিষত ভোগা দেখা যায়।কেৱল বৃদ্ধসকলে নহয়, যুৱক-যুৱতীসকলৰ মাজতে এই স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

হাড়
আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত আঁঠু আৰু নিতম্বৰ বিষ অন্যতম। কেৱল বৃদ্ধসকলে নহয়, যুৱক-যুৱতীসকলৰ মাজতে এই স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। গতিকে হাড়ৰ লগত জড়িত বিভিন্ন দিশৰ বিষয়ে মানুহে জনা দৰকাৰ, যাতে এই ক্ষেত্ৰত সজাগ হৈ থাকিব পাৰে।
দেশৰ সুপৰিচিত অস্থিৰোগ বিশেষজ্ঞ ডাঃ পংকজ ৱালেচাই আঁঠু আৰু নিতম্বৰ ৰোগ লগতে ইয়াৰ প্ৰতিৰোধৰ বিষয়ে উল্লেখ কৰিছে। ফৰিদাবাদৰ সৰ্বোদয় হাস্পতালৰ হেড হিপ আৰু ৰবটিক নি ৰিপ্লেচমেণ্ট বিভাগৰ পৰিচালক আৰু মুৰব্বী ডাঃ ৱালেচা। তেওঁ জনোৱা গুৰুত্বপূৰ্ণ তথ্য এই লেখাটোত উল্লেখ কৰা হ’ল।
ডাঃ ৱালেচাই কয় যে গাঁঠিৰ ৰোগ কেৱল বৃদ্ধ লোকসকলৰ ক্ষেত্ৰতে নহয়, যুৱক-যুৱতীসকলৰ মাজতো দেখা যায়। খেলি থকা অৱস্থাত লাভ কৰা আঘাত, ভুল জীৱনশৈলী বা অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ বাবে নিতম্ব আৰু আঁঠুৰ সমস্যাত ভুগিব পাৰে। বেয়া জীৱনশৈলী আঁঠুৰ ৰোগৰ এটা প্ৰধান কাৰণ।
লক্ষণ
যদি আপুনি পুৱা সাৰ পোৱাৰ লগে লগে আঁঠু দুটা জঠৰ অনুভৱ কৰে, বা চিৰি বগাই বা বহি থকাৰ সময়ত ফুলা আৰু সামান্য বিষ হয়, তেন্তে ই অষ্টিঅ’আৰ্থাইটিছৰ লক্ষণ হ’ব পাৰে। নে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কিছুমান ব্যায়ামৰ জৰিয়তে আঁঠু শক্তিশালী কৰিব পাৰি। ইয়াৰ বাবে ছেমি স্কুৱেট, ব্ৰীজ প’জ, লাইট চাইকেলিং কৰিব লাগে। ইয়াৰ উপৰিও কিছুমান কথাও যত্ন লোৱাৰ প্ৰয়োজন।
ওজন নিয়ন্ত্ৰণ
ইয়াৰ বাবে ওজন নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন। অধিক ওজনে আপোনাৰ আঁঠু আৰু নিতম্ব দুয়োটাতে চাপ পেলাব পাৰে। ওজন নিয়ন্ত্ৰণ কৰিবলৈ স্বাস্থ্যৰ যত্ন লোৱা দৰকাৰ। লগতে খাদ্যত প্ৰ’টিন আৰু ভিটামিন অন্তৰ্ভুক্ত কৰক। হাড়ৰ বিকাশৰ বাবেও কেলচিয়াম অতি গুৰুত্বপূৰ্ণ। ই হাড়ৰ শক্তি বজাই ৰখাক সহায় কৰে।যদি শৰীৰত ভিটামিন ডি আৰু কেলচিয়াম কম থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে পৰিপূৰক গ্ৰহণ কৰিব লাগে।
চিকিৎসা
চিকিৎসকগৰাকীয়ে কয় যে, আজিৰ আধুনিক প্ৰযুক্তি যেনে ৰবটিক চাৰ্জাৰী, মিনিমিলি ইনভেছিভ চাৰ্জাৰী (এম আই এছ) আৰু হাই পাৰফৰমেন্স ইমপ্লাণ্টে গাঁঠি সলনি কৰা অস্ত্ৰোপচাৰক পূৰ্বতকৈ অধিক সুৰক্ষিত আৰু সফল কৰি তুলিছে। এইবোৰৰ দ্বাৰা আঁঠু আৰু নিতম্বৰ অস্ত্ৰোপচাৰ সহজে কৰিব পৰা যায়। লগতে তেওঁ কয় যে, ৯০% লোকৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। জীৱনশৈলী উন্নত কৰি আঁঠু আৰু নিতম্বৰ স্বাস্থ্য বজাই ৰাখিব পাৰি।
অন্য খবৰ পঢ়কঃ ভৰিৰ সৰু সৰু সমস্যা হ’ব পাৰে হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ, জানক চিকিৎসকৰ পৰা…