Morning Walk: শীতকালত পুৱা খোজ কাঢ়িলে বৃদ্ধি হয় নেকি হাৰ্ট এটেকৰ সম্ভাৱনা,জানক…

Walk In Winter: শীতকালত মানুহৰ শৰীৰত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। শীতকালত পুৱা খোজকঢ়া বহুতৰে অভ্যাস আছে। কিন্তু শীতকালত সকলোৰে বাবে খোজকঢ়া ভাল নহয়। এই ক্ষেত্ৰত কিছুমান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিব লাগে।

Morning Walk: শীতকালত পুৱা খোজ কাঢ়িলে বৃদ্ধি হয় নেকি হাৰ্ট এটেকৰ সম্ভাৱনা,জানক...

খোজকঢ়া

Published: 

30 Dec 2025 14:58 PM

বৰ্তমান শীত পৰিছে। এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। মানুহে স্বাস্থ্য ভালে ৰাখিবলৈ খোজ কাঢ়ে। কিন্তু প্ৰদূষণ, বেছি শীত, কুঁৱলী থকা ঠাইত পুৱা খোজ কাঢ়িব নালাগে বুলি কয় চিকিৎসকে। ই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। সেয়ে ঘৰৰ ভিতৰতে খোজ কাঢ়িব পাৰে।

শীতকালত শৰীৰে নিজক গৰম কৰি ৰাখিবলৈ চেষ্টা কৰে, যাৰ ফলত ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে। এনে অৱস্থাত ৰক্তচাপ বৃদ্ধি পাব পাৰে। এনে অৱস্থাত হৃদযন্ত্ৰই অধিক জোৰেৰে তেজ পাম্প কৰিবলৈ বাধ্য হয়। যদি কোনো লোকে বেছি ঠাণ্ডাত বাহিৰলৈ যায় তেন্তে হৃদযন্ত্ৰত দুগুণ চাপ পৰে, যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে।

কাৰ সম্ভাৱনা বেছি?

এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজী বিভাগৰ ডাঃ বৰুণ বংছালে। তেওঁ কয় যে, এই সময়ত পুৱা খোজ কঢ়াৰ পৰা বিৰত থাকিব লাগে। কিন্তু কিছুমান মানুহে বিশেষ গুৰুত্ব দিব লাগে। হৃদৰোগীসকলে মূলত পুৱা বাহিৰলৈ ওলাব নালাগে। কিয়নো তেওঁলোকৰ হৃদযন্ত্ৰ দুৰ্বল, এনে পৰিস্থিতি সামান্য অসাৱধানতাই সমস্যা আনিব পাৰে।

তেওঁ আৰু কয় যে, উচ্চ ৰক্তচাপৰ সমস্যা থকা ৰোগীসকলেও সাৱধানতা অৱলম্বন কৰিব পাৰে। এনে লোকে পুৱা ঠাণ্ডাত খোজ কাঢ়িব নালাগে। বৃদ্ধ লোকসকলেও পুৱা ঠাণ্ডাত খোজকঢ়াৰ পৰা বিৰত থাকিব লাগে।  এনে লোকসকলৰ সমস্যা হোৱাৰ সম্ভাৱনা অধিক।

ডাঃ বংছালে কয় যে গৰমৰ তুলনাত শীতকালত হাৰ্ট এটেকৰ ৰোগী বেছি হয়। বিশেষকৈ পুৱাৰ সময়ত এটেকৰ সমস্যা বেছি দেখা যায়। সেয়ে পুৱা খোজ কঢ়াৰ পৰা বিৰত থাকক।

মৰ্ণিং ৱাক কৰিব নালাগে নেকি?

দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে কয় যে, হৃদৰোগী আৰু বৃদ্ধসকলৰ বাহিৰে বাকীসকলে খোজ কাঢ়িব পাৰে, কিন্তু সাৱধানতা অৱলম্বন কৰা উচিত। যদি আপুনি ঠাণ্ডা, প্ৰদূষণ, কুঁৱলী পৰা ঠাইত বাস কৰে তেন্তে খোজ নকঢ়া ভাল। এটা কথা মনত ৰখা উচিত যে, বেছি ঠাণ্ডাত পুৱা ৬ বজাৰ আগত খোজ কঢ়াৰ পৰা বিৰত থাকক। ইয়াৰোপৰি শীতত খোজ কাঢ়িলে মূৰ, বুকু ঢাকি লব। দ্ৰুতগতিত খোজ কঢ়া পৰিহাৰ কৰক।

গুৰুত্বপূৰ্ণ

  • খোজকঢ়াৰ সময়ত উশাহত সমস্যা হলে খোজ নাকাঢ়িব।
  • বিষ হলে খোজ কঢ়াৰ পৰা বিৰত থাকক।
  • মূৰ ঘূৰালে বিৰত থাকক।

 

(যদি আপোনাৰ এনে কোনো লক্ষণ দেখা দিয়ে, তেন্তে লগে লগে খোজ কঢ়া বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)

 

অন্য খবৰ পঢ়কঃ লাভ কৰিব সফলতা, হ’ব আৰ্থিক উন্নতি! মাত্ৰ নতুন বছৰৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী…

এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
শৰীৰত হিম'গ্ল'বিন কমিলে কোনবোৰ লক্ষণ দেখা যায়? জানক...
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ