বৰষুণৰ ফলত ঘৰৰ দেৱালত গঠন হৈছে নেকি বিশেষ দাগ? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ…
বৰষুণ প্ৰায় সকলোৰে প্ৰিয়। কিন্তু বহুদিন বৰষুণ দি থাকিলে বিভিন্ন সমস্যাৰো সৃষ্টি হয়। ইয়াৰে এটা সমস্যা হ'ল ঘৰৰ দেৱালত দাগ পৰা, যিয়ে দেৱালসমূহৰ ক্ষতি কৰে। বাৰিষাকালত সাধাৰণতে এনে হয়।

দেৱালৰ দাগImage Credit source: GettyImages
প্ৰায়ভাগ মানুহৰে বৰষুণ প্ৰিয়। গৰমৰ মাজত হোৱা বৰষুণে বহু সকাহ প্ৰদান কৰে যদিও একেৰাহে হোৱা বৰষুণৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰে এটা সমস্যা হ’ল ঘৰৰ দেৱালত দাগ পৰা, যিয়ে দেৱালসমূহৰ ক্ষতি কৰে। বাৰিষাকালত সাধাৰণতে এনে হয়। গতিকে এই সমস্যা কেনেকৈ হ্ৰাস কৰিব পাৰিব? যদি আপোনাৰ ঘৰতো এনে সমস্যাই দেখা দিছে তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
বাৰিষাৰ সময়ত বীজাণু বৃদ্ধি পায়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, ঘৰত উপযুক্ত সূৰ্যৰ পোহৰ বা বতাহৰ অভাৱ। আন এটা কাৰণ হৈছে, এই বতৰত আৰ্দ্ৰতা, যাৰ ফলত ভেঁকুৰ বা এনেধৰণৰ সেউজীয়া দাগ পৰাৰ সমস্যা বৃদ্ধি পায়।
ঘৰুৱা উপায়
- এনে সমস্যা সাধাৰণতে বাৰিষা হয়। গতিকে যতে এনে ধৰণৰ ভেঁকুৰ বা দাগ দেখে তাত কীটনাশক স্প্ৰে কৰিব পাৰে।
- পাকঘৰ আৰু বাথৰুমত যদি এই সমস্যা হয়, তেন্তে এই ঠাইবোৰ শুকানকৈ ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত এই সমস্যা কমি যাব।
- সপ্তাহত এবাৰ ভাল কীটনাশক ঔষধেৰে পাকঘৰ চাফা কৰিব লাগে। সূৰ্যৰ পোহৰ ঘৰত স্বাভাৱিকভাৱে প্ৰৱেশ কৰিবলৈ দিয়ক। কিছু সময় ঘৰৰ খিৰিকী খোলা ৰাখিব।
- ইতিমধ্যে আৰ্দ্ৰতাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেৱালবোৰ মেৰামতি কৰিবলৈ ফাটবোৰ পানী নোসোমাব পৰা চূণ ভৰাই দিব। ইয়াৰ পাছত এনে সমস্যা নহয়।
- যদি আপোনাৰ ছাদৰ পৰা পানী টোপাল টোপালকৈ ওলাই আহে, তেন্তে প্ৰথমে বেৰত কোনো ফাট আছে নে নাই পৰীক্ষা কৰক। যদি আছে তেন্তে ইয়াৰ বাবে অস্থায়ী আৰু স্থায়ী প্লাষ্টাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা ছাদৰ পৰা পানী টোপাল টোপালকৈ ওলোৱা আৰু আৰ্দ্ৰতাৰ সমস্যাৰ পৰা সকাহ পাব পাৰি।
- বাৰিষাৰ সময়ত কেতিয়াবা গম নোপোৱাকৈ পানী জমা হৈ থাকে। এনে অৱস্থাত পাকঘৰ, বাথৰুম, টেৰেচৰ দৰে ঠাইত নিষ্কাশন পাইপৰ সহায়ত পানী আঁতৰাই পৰিষ্কাৰ কৰি চাফা কৰিব লাগে।
অন্য খবৰ পঢ়কঃ যকৃত বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? জানক চিকিৎসকৰ পৰা…