শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ সন্তানৰো হ’ব পাৰে ডায়েবেটিছ ৰোগ! এনে লক্ষণ দেখা দিলেই হওক সাৱধান…

শিশুৰ দেহত যদি টাইপ ১ ডায়েবেটিছৰ সমস্যা হয়, তেতিয়া কিছুমান প্ৰাৰম্ভিক লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ আওকাণ কৰিলে ভৱিষ্যতে বিপদ বৃদ্ধি পাব পাৰে। গতিকে শিশুৰ ক্ষেত্ৰত কিছুমান বিশেষ লক্ষণে দেখা দিলেই সাৱধান হোৱা উচিত।

আপোনাৰ সন্তানৰো হ’ব পাৰে ডায়েবেটিছ ৰোগ! এনে লক্ষণ দেখা দিলেই হওক সাৱধান…
শিশুৰো হ’ব পাৰে ডায়েবেটিছ (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 28 Aug 2025 18:25 PM

সাম্প্ৰতিক সময়ত অত্যন্ত উদ্বেগজনকভাৱে বৃদ্ধ পোৱা এবিধ ৰোগ হৈছে ডায়েবেটিছ তেজত চেনিৰ মাত্ৰা বৃদ্ধি পালে এই ডায়েবেটিছ ৰোগ হয়। ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। অধিকাংশ সময়তে অস্বাস্থ্যকৰ জীৱনশৈলী তথা খাদ্যাভ্যাসৰ বাবে এই ৰোগ যদিও বহু ক্ষেত্ৰত অটোইমিউন ডিছঅৰ্ডাৰৰ ফলতো ডায়েবেটিছ হ’ব পাৰে। এই অটোইমিউন ডিছঅৰ্ডাৰৰ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে সাধাৰণতে এই অৱস্থাক টাইপ ১ ডায়েবেটিছ বুলি জনা যায়। শিশুৰ ক্ষেত্ৰতো এই ধৰণৰ ডায়েবেটিছ দেখা যায়।

এই ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই অগ্নাশয়ৰ ইনচুলিন উৎপাদনকাৰী কোষবোৰ ধ্বংস কৰে। ফলত শৰীৰত ইনচুলিনৰ অভাৱ হয় এনে পৰিস্থিতিত শৰীৰৰ ৰক্তবাহী নলীত চেনি জমা হয় আৰু তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। যদি এই ৰোগ প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰে, তেতিয়া ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱপৰ হয়।

শিশুৰ দেহত যদি টাইপ ১ ডায়েবেটিছৰ সমস্যা হয়, তেতিয়া কিছুমান প্ৰাৰম্ভিক লক্ষণে দেখা দিয়ে এই লক্ষণসমূহ আওকাণ কৰিলে ভৱিষ্যতে বিপদ বৃদ্ধি পাব পাৰে গতিকে শিশুৰ ক্ষেত্ৰত কিছুমান বিশেষ লক্ষণে দেখা দিলেই সাৱধান হোৱা উচিত জানো আহক এনে কিছুমান লক্ষণৰ বিষয়ে

সঘনাই প্ৰস্ৰাৱ কৰা (Polyuria): শিশুৱে যদি সঘনাই প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰে, বিশেষকৈ নিশা টোপনিৰ পৰা সাৰ পাই প্ৰস্ৰাৱ কৰিলে সাৱধান হ’ব লাগে। কাৰণ তেজত থকা অতিৰিক্ত গ্লুক’জৰ ফলত সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা দেখা যায়।

অত্যধিক পিয়াহ (Polydipsia): সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে শিশুৰ অত্যধিক পিয়াহ লাগে আৰু সাধাৰণতকৈ অধিক পানী খায়। গতিকে সন্তানে অধিক পানী খালেও সাৱধান হোৱা উচিত

ভোক বৃদ্ধি (Polyphagia): শিশুৱে যথেষ্ট পৰিমাণৰ খাদ্য খোৱাৰ পিছতো যদি ভোকত থাকে, তেতিয়া এয়া ডায়েবেটিছ ৰোগৰ লক্ষণো হ’ব পাৰে। যেতিয়া শৰীৰে গ্লুক’জক শক্তিলৈ সঠিকভাৱে ৰূপান্তৰ কৰিব নোৱাৰে তেতিয়া এনে হ’ব পাৰে।

হঠাতে ওজন কমি যোৱা: স্বাভাৱিক বা অধিক খাদ্য খোৱাৰ পিছতো যদি ওজন কমিছে, তেতিয়া সাৱধান হওক। কাৰণ শৰীৰে শক্তিৰ বাবে চৰ্বি আৰু পেশী ভাঙিবলৈ আৰম্ভ কৰে। এয়াও টাইপ ১ ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।

ভাগৰুৱা: টাইপ ১ ডায়েবেটিছত আক্ৰান্ত লে শিশুৱে অস্বাভাৱিকভাৱে ভাগৰুৱা, দুৰ্বল বা কম সক্ৰিয় অনুভাৱ কৰিব পাৰে, কিয়নো এই ৰোগে দেখা দিলে কোষবোৰে পৰ্যাপ্ত পৰিমাণৰ গ্লুক’জ নাপায়।

দৃষ্টিশক্তি কমি যোৱা: তেজত অতিৰিক্ত চেনি থাকিলে চকু ফুলি উঠে, যাৰ ফলত সাময়িকভাৱে দৃষ্টিশক্তি ম্লান হৈ পৰে।

খং বা মেজাজৰ পৰিৱৰ্তন: হঠাতে মেজাজ সলনি হোৱা, খিংখিঙীয়া হোৱা বা মনোযোগৰ অভাৱ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

আঘাত বা ঘাঁ ভাল হোৱাত পলম হোৱা: দেহত হোৱা ঘাঁ বা সংক্ৰমণ ভাল হ’বলৈ যদি বহু সময় লাগে, এয়া তেজৰ চেনিৰ মাত্ৰা অস্বাভাৱিক হোৱাৰ ইংগিত।

বমি: তেজত চেনিৰ পৰিমাণ বেছি হ’লে ডায়েবেটিক কিট’এচিড’ছিছ (DKA) ৰোগ হ’ব পাৰে, যাৰ ফলত পেটৰ বিষ, বমি আদি হ’ব পাৰে।