শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শত্ৰুক ৰুধিবলৈ গোপন শক্তি সৃষ্টিৰ পথত ভাৰত! আঁৰত কোন?

শত্ৰুক ৰুধিবলৈ গোপন শক্তি সৃষ্টিৰ পথত ভাৰত! আঁৰত কোন?

Trishna Kalita
Trishna Kalita | Published: 28 Aug 2025 20:48 PM

বিভিন্ন দেশৰ ভিতৰত আমেৰিকাৰ ‘ডীপ স্টেট’ক আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়। ইৰাকৰ ছাদ্দাম হুছেইনৰ পৰা আৰম্ভ কৰি লিবিয়াৰৰ গাদ্দাফীলৈকে ৱাশ্বিংটনে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাবলৈ ‘ডীপ স্টেট’ৰ ব্যৱহাৰ কৰিছিল।

যদিও যুদ্ধ, সামৰিক উত্তেজনা বা সীমান্তত গোপন অভিযানৰ সৈতে বহু লোক পৰিচিত। তথাপিও ডীপ স্টেট (Deep State)ৰ বিষয়ে বিশেষ জ্ঞাত নহয় সাধাৰণ জনতা। দেশৰ বাহিৰৰ যিকোনো গোপন, অকৰ্তৃত্বশীল নেটৱৰ্ক যিয়ে চৰকাৰ বা কোনো বিশেষ ব্যক্তিৰ বাবে কাম কৰে, ইয়াক ডীপ স্টেট বুলি কোৱা হয়। সময়ৰ লগে লগে ভাৰতৰ আশে-পাশে ভূ-ৰাজনৈতিক জটিলতা বৃদ্ধি পাইছে। ইয়াৰ লগে লগে নিজাকৈ ‘ডীপ স্টেট’ গঢ়ি তোলাৰ পোষকতা কৰিছে দেশৰ ৰাজনৈতিক বিশেষজ্ঞ আৰু কূটনীতিবিদসকলে। এই বিশেষ গোটটোৰ অবিহনে ভাৰত মহাশক্তি হোৱাটো যথেষ্ট কঠিন বুলি তেওঁলোকে অনুভৱ কৰে।