শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
PM Narendra Modi News: মোদীৰ অসম ভ্ৰমণৰ সূচী সলনিৰ পৰা আছুৰ সত্যাগ্ৰহলৈ দিনটোৰ শীৰ্ষ খবৰ

PM Narendra Modi News: মোদীৰ অসম ভ্ৰমণৰ সূচী সলনিৰ পৰা আছুৰ সত্যাগ্ৰহলৈ দিনটোৰ শীৰ্ষ খবৰ

Barasha Sarma
Barasha Sarma | Published: 27 Aug 2025 22:33 PM

কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইফালে সলনি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কাৰ্যসূচী। ১৩ ছেপ্টেম্বৰত অসমলৈ আহিব মোদী।

১.ৰাজ্যত আন্দোলনৰ কাৰ্যসূচী ঘোষণা আছুৰ। অহা ৪ ছেপ্টেম্বৰ আৰম্ভ হ’ব সত্যাগ্ৰহ।

২. বছৰজোৰা কাৰ্যসূচীৰে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী আয়োজন কৰিব আছুয়ে। ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে আছুৱে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

৩.  ১২ অক্টোবৰত পাব ঝুমইৰ বিনন্দিনীৰ ধন। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।

৪. ভূমি ক্ৰয়-বিক্ৰয় সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত অসম চৰকাৰৰ। এতিয়াৰ পৰা অন্য ধৰ্মৰ লোকৰ হাতত ভূমি বিক্ৰী কৰা প্ৰক্ৰিয়া হ’ব দীঘলীয়া।

৫. কাইলৈ অসম আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

৬.আজিৰ পৰা ৫০ শতাংশ শুল্ক ভৰিব লাগিব ভাৰতে।  শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ আমদানি সামগ্ৰীত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল।

৭. H-1B ভিছা সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত আমেৰিকাৰ। এতিয়াৰ পৰা ভাৰতীয়ৰ বাবে ভিছা পোৱা হ’ব ডাঙৰ সমস্যা।

৮. চৰকাৰৰ বিৰুদ্ধে অভিযোগ দেৱব্ৰত শইকীয়াৰ ।অসম মানৱ অধিকাৰ আয়োগত জনাইছে আবেদন।

৯. প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ তাৰিখ সলনি। ১৩ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম আহিব মোদী।