জেহাদী সংগঠনৰ নামত লিখিছিল চিঠি, গ্ৰেপ্তাৰ চৰকাৰী শিক্ষক শ্বাহ আলম সৰকাৰ
মৌলবাদী সংগঠনেৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰক। সংগঠনটোৰ হৈ চিঠি লিখিছিল শিক্ষকজনে।

বাংলাদেশৰ কুখ্যাত জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক শ্বাহ আলম সৰকাৰক। ধৃত শ্বাহ আলম সৰকাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্নজনৰ নামত অহা কুখ্যাত জামাত-ই-ইছলামীৰ পত্ৰৰ লেখক হৈছে এইজন শিক্ষক শ্বাহ আলম সৰকাৰ।
উল্লেখ্য যে এদিন পূৰ্বে গোলকগঞ্জ আৰক্ষীৰ জালত পৰিছিল আলী হুছেইন বেপাৰী। বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-উল-মুজাহিদীন বাংলাদেশৰ অতি ঘনিষ্ঠ আলী হুছেইন বেপাৰী।
ধৃত আলী হুছেইন বেপাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰী তৃতীয় খণ্ডত চলাইছিল অভিযান। অভিযানত আটক কৰে শিক্ষক শ্বাহ আলম সৰকাৰক। আৰক্ষীয়ে শ্বাহ আলম সৰকাৰক সোধপোচ কৰাত সকলো স্বীকাৰ কৰে। বাংলাদেশৰ কুখ্যাত জামাত-ই-ইছলামীৰ হৈ পত্ৰ লিখাৰ কাম কৰিছিল শিক্ষক শ্বাহ আলম সৰকাৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ একাংশ লোকলৈ বাংলাদেশৰ জামাত-ই-ইছলামী সংগঠনৰ পৰা আহিছিল ভাবুকিপূৰ্ণ ভইচ মেচেজ। জামাতৰ সদস্যক ধৰাই দিলে ঘৰ-বাৰী জ্বলাই দিয়াৰ ভাবুকি দিছিল ভইচ মেচেজত। তাৰ পাছতেই আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছিল এই বিষয়ৰ ওপৰত।
এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা আলী হুছেইন বেপাৰীয়ে সীমান্ত অঞ্চলৰ বহু লোকৰ ফোন নম্বৰ যোগান ধৰিছিল জামাত-উল-মুজাহিদীনক। তাৰ পাছতেই এতিয়া মৌলবাদীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চৰকাৰী শিক্ষক।