শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১২ হাজাৰ কোটিতকৈয়ো অধিক ব্যয়েৰে কেন্দ্ৰই আনিছে নতুন ৰে’ল প্ৰকল্প, লাভান্বিত হ’ব অসম

ৰে’ল মন্ত্ৰালয়ে লগতে আগন্তুক ৪ বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে। অসমৰ লগতে গুজৰাট, কৰ্ণাটক, তেলেংগানা আৰু বিহাৰৰ মাজেৰে আন পথসমূহ পাৰ হ’ব বুলি জানিব পৰা গৈছে।

১২ হাজাৰ কোটিতকৈয়ো অধিক ব্যয়েৰে কেন্দ্ৰই আনিছে নতুন ৰে’ল প্ৰকল্প, লাভান্বিত হ’ব অসম
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 28 Aug 2025 21:03 PM

ভাৰতৰ পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ সুলভ তথা সুগম আৰু ব্যৱহৃত মাধ্যম হিচাপে বিবেচিত হয় ৰে’লৱে। দেশৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ এই ৰে’ল পৰিবহণ ব্যৱস্থা এতিয়া অধিক বিস্তৃত কৰি তোলা হ’ব। দেশত ৪টা নতুন ৰে’ল প্ৰকল্প শীঘ্ৰেই আৰম্ভ হ’ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ৰে’ল প্ৰকল্পকেইটাত সেউজ সংকেত দিছে। ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই ৪টা নতুন প্ৰকল্পৰ মুঠ ব্যয় হৈছে ১২ হাজাৰ ৩২৮ কোটি টকা।

কেন্দ্ৰীয় চৰকাৰৰ এই নতুন প্ৰকল্পকেইটাৰ ভিতৰত এটা ব্যয়বহুল প্ৰকল্প স্থাপন হ’ব অসমত। ৰে’ল মন্ত্ৰালয়ে সদৰী কৰা মতে এই প্ৰকল্পৰ অধীনত ফৰকাটিঙৰ পৰা তিনিচুকীয়ালৈ মুঠ ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল লাইন নিৰ্মাণ কৰা হ’ব। এই ডাবল লাইন প্ৰকল্পৰ বাবে সৰ্বমুঠ ৩,৬৩৪ কোটি টকা ব্যয় কৰা হ’ব বুলি মন্ত্ৰালয়ে সদৰী কৰিছে।

ৰে’ল মন্ত্ৰালয়ে লগতে আগন্তুক ৪ বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে। অসমৰ লগতে গুজৰাট, কৰ্ণাটক, তেলেংগানা আৰু বিহাৰৰ মাজেৰে আন পথসমূহ পাৰ হ’ব বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি গুজৰাটৰ কুটছত নতুন লাইনৰ বাবে ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ দৈৰ্ঘ্য ১৪৫ কিলোমিটাৰ বৃদ্ধি পাব।

অহা ৩ বছৰৰ ভিতৰত এই ৰে’ল প্ৰকল্প সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰালয়ে সদৰী কৰিছে। তথ্য মতে, এই ৰে’ল প্ৰকল্পৰ বাবে ২ হাজাৰ ৫২৬ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। ইফালে তেলেঙ্গানাৰ ছেকেণ্ডৰাবাদৰ পৰা ৱাডীলৈ ১৭৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল প্ৰকল্প আগন্তুক ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰই।

উক্ত প্ৰকল্পৰ বাবে ৰে’ল মন্ত্ৰালয়ে ৫ হাজাৰ কোটিতকৈ অধিক টকা অনুমোদন জনাইছে। আনহাতে বিহাৰৰ ভাগলপুৰৰ পৰা জামালপুৰলৈ ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয় লাইন নিৰ্মাণৰ কামতো কেন্দ্ৰৰ পৰা সেউজ সংকেত লাভ কৰিছে। অহা ৩ বছৰত ১১৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই লাইন।