শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বুঢ়া আঙুলি দেখুৱাই ক’লে কোন তেওঁলোক ? বিতৰ্কিত মন্তব্যক লৈ জমিয়ত আৰু মাদানীক সমালোচনা মানৱ ডেকাৰ…

প্ৰথমে মাদানীয়ে অসমত কেৱল সংখ্যালঘুক অত্যাচাৰ কৰাৰ বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰাৰ দাবী জনাইছিল। শেহতীয়াকৈ ছৈয়দা হামিদে সংখ্যালঘুকলৈ এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক মানৱ ডেকাই।

বুঢ়া আঙুলি দেখুৱাই ক’লে কোন তেওঁলোক ? বিতৰ্কিত মন্তব্যক লৈ জমিয়ত আৰু মাদানীক সমালোচনা মানৱ ডেকাৰ…
মানৱ ডেকা
manas-borah
Manas Borah | Updated On: 26 Aug 2025 00:26 AM

জমিয়ত আৰু মাদানী কোন হয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। মাদানীক মই বুঢ়া আঙুলি দেখুৱাইছো আৰু তাতকৈও বেয়াকৈ কৈছো। অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিম বুলি ক’বলৈ জমিয়ত আৰু মাদানী কোন হয় ? এইদৰে কয় মানৱ ডেকাই। একে সময়তে পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদৰ শেহতীয়া মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ ডেকাই।

মাদানী-হামিদৰ মন্তব্যই শেহতীয়াকৈ গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মূল বিষয় হৈছে অবৈধ বাংলাদেশী, সন্দেহজনক নাগৰিক। শাসকীয় পক্ষই বাৰে বাৰে দাবী কৰিছে যে, সন্দেহজনক নাগৰিকে অসমৰ মাটি দখল কৰি ৰাজ্যত তেওঁলোকৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। প্ৰথমে নামনি আৰু এতিয়া উজনি ! এই সামগ্ৰিক বিষয়টো চৰ্চালৈ অহাৰ মূলতে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা উচ্ছেদ অভিযান।

প্ৰথমে মাদানীয়ে অসমত কেৱল সংখ্যালঘুক অত্যাচাৰ কৰাৰ বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰাৰ দাবী জনাইছিল। শেহতীয়াকৈ ছৈয়দা হামিদে সংখ্যালঘুকলৈ এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয় যে, “মুছলমান সকলৰ যি অৱস্থা সেয়া অতি দুখজনক। বাংলাদেশী হোৱাত সমস্যা ক’ত? বাংলাদেশীও মানুহ। বাংলাদেশীয়ে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই।” এই দুয়োগৰাকীৰ মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতিত বিতৰ্কৰ সূচনা কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক মানৱ ডেকাই।

তেওঁ Tv9 ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, তেওঁলোকৰ উদ্দেশ্য তেনেকুৱাই, কিন্তু সেই উদ্দেশ্য সমাজৰ বাবে ঠিক নহয়। জমিয়ত হওক, মাদানী হওক,  ছৈয়দা হামিদ মেদাম হওক, তেওঁলোকে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত কাম কৰে আৰু ভাৰতত অৰাজকতা বিয়পাব বিচাৰে। কংগ্ৰেছে জানে যে, তেওঁলোক শাসনলৈ আহিব নোৱাৰে। কংগ্ৰেছ কেনেকুৱা ধৰণৰ দল, সেই কথা জনসাধাৰণেও জানে।

সমান্তৰালভাৱে তেওঁ দাবী কৰে যে, এইসকল লোকে এইধৰণৰ বিষয় চৰ্চালৈ আনিবলৈ বিচাৰিছে আৰু পিছ দুৱাৰে শাসনলৈ আহিবলৈ চেষ্টা কৰি আছে। এই লোকসকলে অসমৰ বিষয়ে নাজানে, এইখন লাচিত বৰফুকনৰ অসম, চাওলুং চুকাফাৰ অসম, শংকৰদেৱৰ অসম, নৰনাৰায়নৰ অসম, চিলাৰায়ৰ অসম। এই লোকসকলে খিলঞ্জীয়াৰ লোকৰ দুখ বুজি পোৱা নাই।

মানৱ ডেকাই পুনৰবাৰ দাবী কৰে যে, ইতিমধ্যে সন্দেহজনক নাগৰিকৰ বাবে নামনি অসম গল। এতিয়া এই লোকসকলে সংৰক্ষিত বনাঞ্চলকে ধৰি ৰাজ্যখনৰ অন্যান্য চৰকাৰী মাটি দখল কৰি, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি উজনি অসমত সোমাবলৈ চেষ্টা কৰিছে। জিন্না, ছাদুল্লাৰ সপোন আছিল, পূব পাকিস্তান এতিয়াৰ বাংলাদেশৰ লগত অন্তৰ্ভুক্ত কৰাৰ। এই লোকসকলৰ ৮০ শতাংশ লোক “বনাফাইড চিটিজেন”। ইয়াৰ কাৰণ এইটো নহয় যে, তেওঁলোকে অসমৰ সংস্কৃতি ধ্বংস কৰিব, খিলঞ্জীয়া অধিকাৰ কাঢ়ি লব, মাটিৰ দখল কৰি লব। ই এক ডাঙৰ চক্ৰান্ত।

হামিদাৰ প্ৰসংগত তেওঁ কয়, ছৈয়দ হামিদাৰ ছোনিয়া গান্ধী তথা গান্ধী পৰিয়ালৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। তেওঁ মহিলা আয়োগৰ সদস্যা আছিল, পদ্মশ্ৰী লাভ কৰিছিল, পৰিকল্পনা আয়োগৰ সদস্যা হৈছিল। সেই সময়ত তৰুণ গগৈয়েও তেওঁক অসমৰ সভালৈ মাতি মাতি আনিছিল। গতিকে এই সকলোবোৰ কংগ্ৰেছৰ পৰিকল্পনা। তেওঁলোকে মন ৰাখিব লাগে যে, এইখন হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ, অমিত শ্বাহৰ চৰকাৰ, এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। যিয়ে সীমা অতিক্ৰম কৰিব তেওঁলোকক চৰকাৰ তথা অসম জনসাধাৰণৰ ফালৰ পৰা উচিত উত্তৰ দিয়া হব।