মুখত দাগ পৰা কোনো ৰোগৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা…
প্ৰায়ভাগ মানুহৰে ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। কিছুমানৰ মুখত দাগ বা শালমইনা আদি হয়। এনে পৰিস্থিতিত বহুতে বহু ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰে।

কেতিয়াবা মুখ, হাত বা শৰীৰৰ অন্যান্য অংশত ক’লা দাগ হোৱা দেখা যায়। এই দাগবোৰে মানুহৰ সৌন্দৰ্যত প্ৰভাৱ পেলায়। বহুতে এনে দাগবোৰ সাধাৰণতে আওকান কৰা দেখা যায়। কিন্তু ই গুৰুতৰ ৰোগ বা অন্য কোনো সংক্ৰমণ লক্ষণ হ’ব পাৰে। মেলাজমা বা হাইপাৰপিগমেণ্টেচনত ছালৰ কিছুমান অংশ বাকীবোৰতকৈ ক’লা হৈ পৰে। এই অৱস্থা সাধাৰণতে মুখমণ্ডল, কপাল, গাল, নাক, ওপৰৰ ওঁঠ, ডিঙি, কান্ধ বা হাতত দেখা দিয়ে। এনে অৱস্থাত ঠাইবোৰ বাদামী বা কেতিয়াবা মেৰুন ৰঙৰ হৈ পৰে।
এই সন্দৰ্ভত লেডী হাৰ্ডিং হাস্পতালৰ চিকিৎসা বিভাগৰ অধ্যাপক এল এছ ঘোটকাৰে কয় যে এইটো এটা ছালৰ সমস্যা। কিন্তু যদি ইয়াৰ লগতে আন লক্ষণ যেনে দাগবোৰৰ হঠাৎ পৰিৱৰ্তন, ইয়াৰ আকাৰ বাঢ়িবলৈ আৰম্ভ কৰে, বিষ, খজুৱতি বা ৰক্তক্ষৰণৰ দৰে হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কাৰণ ই অন্য ৰোগৰ লক্ষণ হ’ব পাৰে।
হৰম’নৰ পৰিৱৰ্তন
গৰ্ভাৱস্থাত হৰম’নযুক্ত ঔষধ বা গৰ্ভনিৰোধক বড়িৰ ব্যৱহাৰে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যাৰ ফলত দাগ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ছালত ৰংসৃষ্টি কৰা উপাদান অৰ্থাৎ মেলানিনৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত দাগ হ’ব পাৰে।
কি কি লক্ষণ দেখা যায়?
- ছালত পাতল পৰা গাঢ় বাদামী ৰঙৰ দাগ হয়।
- মুখ, গাল, কপাল, নাক, ওপৰৰ ওঁঠ, ডিঙি বা হাতৰ দুয়োফালে দাগ।
- দাগবোৰৰ আকৃতি বিভিন্ন হ’ব পাৰে।
- সাধাৰণতে দাগবোৰত বিষ, খজুৱতি বা ফুলা নাথাকে।
কেনেকৈ প্ৰতিৰোধ কৰিব?
- সূৰ্যৰ পোহৰ পৰিহাৰ কৰকঃ বেছি ৰ’দৰ পোহৰত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক। প্ৰয়োজন হ’লে ছানস্ক্ৰীণ লগোৱাৰ পিছতহে বাহিৰলৈ ওলাই যাব লাগে। ইয়াৰোপৰি বাহিৰত ওলাই গলে টুপী, স্কাৰ্ফ আদি পৰিধান কৰিব লাগে।
- ছালৰ যত্ন লওকঃ ফেচ ৱাছ ব্যৱহাৰ কৰাটো ভাল। ৰাসায়নিক মেকআপ বা স্ক্ৰীণ প্ৰডাক্ট ব্যৱহাৰ নকৰিব। ছালত মইশ্ব’ৰাইজাৰ লগাব লাগে।
ঘৰুৱা উপায়
- গাখীৰ আৰু মৌ মিহলাই দাগত ১০ৰ পৰা ১৫ মিনিট লগাওক আৰু পাছত ধুই দিয়ক।
- তিঁয়হ আৰু দৈৰ পেষ্ট বনাই ছালত ৩০-৪০ মিনিট লগাব আৰু পাছত ধুই দিব।
- অমিতাৰ পেষ্ট বনাই দাগবোৰত লগাওক , শুকোৱাৰ পাছত ধুই দিব।
চিকিৎসকৰ পৰামৰ্শ লওক
অধ্যাপক এল এছ ঘোটকাৰে কয় যে যদি দাগবোৰ অস্বাভাৱিক দেখা যায় বা ঘৰুৱা ঔষধে ইয়াৰ ওপৰত কাম নকৰে তেন্তে তৎক্ষণাত ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। তেওঁৰ পৰামৰ্শ মতেহে ঔষধ খাব লাগে আৰু প্ৰয়োজন হ’লে পৰীক্ষা কৰাব লাগে।
অন্য খবৰ পঢ়কঃ হঠাতে মূৰৰ বিষ হয় নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…