শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শৰীৰত কিয় বৃদ্ধি পায় বাট দোষ? পতঞ্জলিয়ে দিছে এই সমস্যা সমাধানৰ পথ…

দেহত বাট দোষৰ ভাৰসাম্যতা থকাটো অতি প্ৰয়োজনীয়। সাধাৰণতে অধিকাংশ লোকেই পিত্ত আৰু কফ দোষৰ বিষয়ে জানে, কিন্তু শৰীৰত বাট দোষ কিয় বৃদ্ধি পায় আৰু এয়া কিদৰে হ্ৰাস কৰিব পাৰি সেয়া ভালদৰে জ্ঞাত নহয়। পতঞ্জলিৰ পৰা এই বিষয়ে জানো আহক।

শৰীৰত কিয় বৃদ্ধি পায় বাট দোষ? পতঞ্জলিয়ে দিছে এই সমস্যা সমাধানৰ পথ…
পতঞ্জলিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 11 Jul 2025 00:31 AM

আয়ুৰ্বেদৰ মতে সুস্থ হৈ থাকিবলৈ শৰীৰত কফ, বাট আৰু পিত্তৰ ভাৰসাম্যতা থকাটো অতি প্ৰয়োজনীয়। কিন্তু বৰ্তমানৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। অধিক তেলীয়া আৰু মছলাসমৃদ্ধ খাদ্যই শৰীৰৰ পিত্ত দোষৰ সমস্যা যিদৰে অধিক চিন্তনীয় কৰি তুলিব পাৰে, সেইদৰে বাট আৰু কফৰ ক্ষেত্ৰতো এনে অৱস্থা পাৰে যদি এই তিনিটাৰ ভিতৰত এটাও শৰীৰত কম বা বেছি হয়, তেতিয়া ইয়াৰ ফলত বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। শৰীৰত বাট দোষ বৃদ্ধি হোৱাৰ বাবে ছাল শুকান হোৱা, কোষ্ঠকাঠিন্য বা গাঁঠিৰ বিষৰ দৰে সমস্যা দেখা যায়। ইয়াৰ বাহিৰেও আন বহুতো পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। দেহত বাট দোষৰ ভাৰসাম্যতা থকাটো অতি প্ৰয়োজনীয়। সাধাৰণতে অধিকাংশ লোকেই পিত্ত আৰু কফ দোষৰ বিষয়ে জানে, কিন্তু শৰীৰত বাট দোষ কিয় বৃদ্ধি পায় আৰু এয়া কিদৰে হ্ৰাস কৰিব পাৰি সেয়া ভালদৰে জ্ঞাত নহয়। পতঞ্জলিৰ পৰা এই বিষয়ে জানো আহক

যোগগুৰু বাবা ৰামদেৱে আৰম্ভ কৰা পতঞ্জলিৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ মাজত আয়ুৰ্বেদ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। আচাৰ্য বালকৃষ্ণই আয়ুৰ্বেদ সন্দৰ্ভত এখন অতি প্ৰয়োজনীয় গ্ৰন্থ ৰচনা কৰিছে। এই গ্ৰন্থখনৰ নামদ্য চাইঞ্চ অৱ আয়ুৰ্বেদা। এই গ্ৰন্থখনত বাট দোষৰ বিষয়ে বহু তথ্য প্ৰকাশ কৰা হৈছে। তেওঁ এই গ্ৰন্থখনত শৰীৰত বাট দোষ কিয় অধিক হয় আৰু ইয়াক কেনেকৈ হ্ৰাস কৰিব পাৰি, সেই বিষয়ে জানিবলৈ দিছে। আকাশ আৰু বায়ুএই দুয়োটা মৌলৰে গঠিত বাট দোষ। তিনি দোষৰ ভিতৰত বাট দোষক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বাট দোষে শৰীৰৰ গতি আৰু ৰক্ত সঞ্চালন নিয়ন্ত্ৰণ কৰে। চৰক সংহিতাত বায়ুক পাচন অগ্নি বৃদ্ধি কৰা, সকলো ইন্দ্ৰিয়ৰ প্ৰভাৱক আৰু উৎসাহৰ কেন্দ্ৰ বুলি ধৰা হয়। শৰীৰত পেট আৰু অন্ত্ৰত বাট পোৱা যায়।

বাট দোষ পাঁচ প্ৰকাৰৰ সেয়া হৈছে

প্ৰাণ বাটঃ ইয়াক জীৱন শক্তিৰ মূল বুলি কোৱা যায়, যি মগজু, হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ কাৰ্য্য নিয়ন্ত্ৰণ কৰে।

উদান বাটঃ ই শ্বাস-প্ৰশ্বাসতন্ত্ৰ আৰু কথা কোৱাৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে।

সমান বাটঃ ই হজম আৰু বিপাকীয় ক্ৰিয়াত থাকে, খাদ্য হজম আৰু পুষ্টিকৰ পদাৰ্থ শোষণ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত ভূমিকা লয়।

অপান বাটঃ শৰীৰৰ তলৰ অংশ বিশেষকৈ পাচনতন্ত্ৰৰ তলৰ অংশ, প্ৰজনন অংগ আৰু মলত্যাগ নিয়ন্ত্ৰণত সহায় কৰে।

ব্যান বাটঃ ই শৰীৰৰ ৰক্ত সঞ্চালন আৰু পেশীৰ গতি আৰু স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ কৰে। সকলো অংগ সক্ৰিয় কৰি ৰখাতো ইয়াৰ ভূমিকা আছে।

বাট দোষৰ গুণ অনুযায়ী বাট প্ৰকৃতিৰ লক্ষণ শৰীৰত দেখা যায়। উদাহৰণস্বৰূপে শৰীৰত শুকানতাই দেখা দিয়াৰ বাবে মাত গধুৰ হয়, টোপনিৰ অভাৱ, কোষ্ঠকাঠিন্য, বিষ, ওজন হ্ৰাস আৰু ছাল শুকান হোৱা আদি লক্ষণে দেখা দিয়ে। ঠাণ্ডা সহ্য কৰিব নোৱাৰা, শৰীৰ কঁপনি বা গাঁঠিৰ অধিক সমস্যা আদি লক্ষণ দেখা যায়। খৰকৈ খোজ কঢ়াৰ সময়ত উজুটি খোৱাৰ দৰে লক্ষণ দেখা যায়। ইয়াৰ উপৰিও চুলি, ছাল, মুখ, দাঁত আৰু হাত-ভৰি শুকান হোৱাটোও ইয়াৰ অন্যতম লক্ষণ। আনহাতে, বাট প্ৰকৃতি থকা লোকসকলে নিজৰ সিদ্ধান্ত অতি সোনকালে লয়। খুব সোনকালে খঙাল আৰু বিৰক্ত হয়। অত্যধিক মানসিক চাপ লোৱা, একাগ্ৰতা হেৰুৱা, হতাশা, অস্থিৰতা আৰু ভোক কমি যোৱা আদিও ইয়াৰ কিছুমান লক্ষণ।

শৰীৰত বাট দোষ বৃদ্ধিৰ বহু কাৰণ থাকিব পাৰে অৱশ্যে ইয়াৰ ভিতৰত বয়স বৃদ্ধি হোৱাটোৱেই আটাইতকৈ প্ৰধান কাৰণ হয়। মানসিক চাপ, ভাগৰ, ভয় আৰু ক্লান্তিৰ ফলত বাট দোষ বৃদ্ধি পাব পাৰে। শৰীৰত বাট দোষ বৃদ্ধিৰ কাৰণ প্ৰস্ৰাৱ বা হাঁচি ধৰি ৰখাও হ’ব পাৰে। শৰীৰৰ যিকোনো ধৰণৰ পৰিৱৰ্তন আমাৰ খাদ্যাভ্যাসৰ বাবেই হয়। খাদ্য হজম হোৱাৰ পূৰ্বে পুনৰ খাদ্য খোৱা বা অতিৰিক্তভাৱে খোৱা, জলা খাদ্য বেছিকৈ খোৱাটোও ইয়াৰ কাৰণ হ’ব পাৰে। তদুপৰি অধিক পৰিমাণে শুকান ফল খোৱা, বেছিকৈ ঠাণ্ডা খাদ্য খোৱা আৰু মানসিক চাপ লোৱাৰ দৰে সমস্যায়ো শৰীৰত বাট দোষ বৃদ্ধি কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা আৰু নিজৰ সামৰ্থতকৈ বেছি কাম কৰাও শৰীৰত বাট বৃদ্ধিৰ কাৰণ হ’ব পাৰে।

শৰীৰত বৃদ্ধি পোৱা বাট দোষ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে ইয়াৰ বৃদ্ধিৰ কাৰণ কি সেয়া জনাটো প্ৰয়োজনীয়। সঠিক খাদ্য আৰু ঔষধৰ দ্বাৰা বাট দোষ বৃদ্ধিৰ দৰে সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। ইয়াৰ লগতে জীৱনশৈলীও সলনি কৰাটো প্ৰয়োজনীয়। বাটৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ খাদ্যত মাখন, চৰ্বিযুক্ত খাদ্যবস্তু অন্তৰ্ভুক্ত কৰিব লাগে। লগতে সম্ভৱ লে গৰম পানীৰে গা ধোৱাৰ অভ্যাস কৰিব লাগে। হাত-ভৰিৰ মালিচ, বাট হ্ৰাসকাৰী দ্ৰব্যৰে মালিচ কৰা, ঘেঁহু, তিল, আদা, হালধি, গুড় আদি বস্তু খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰা আদিয়েও বাট দোষ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ দৰে লক্ষণ দেখা দিলে মনোবিজ্ঞানীৰ কাষ চপাটোও অতি প্ৰয়োজনীয়

লগতে সঠিক জিৰণি লোৱাৰ লগতে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। নিকোটিন, কফি, চাহ আৰু সুৰা পানৰ পৰা বিৰত থাকক। নিয়মিতভাৱে গৰম কৰি লোৱা তেলেৰে মালিচ কৰক মালিচৰ বাবে তিল তেল, আলমণ্ড তেল আৰু অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। দৈনিক ব্যায়াম কৰক। এই সময়ত কবি, ফুলকবি, ব্ৰকলি, নাচপতি আৰু কাচ কল খোৱাৰ পৰা বিৰত থকা উচিত।