বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা সম্পৰ্কত গুৰুত্বপূৰ্ণ বৈঠকঃ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীলৈ লিখা হৈছিল পত্ৰ
আজি বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰাৰ উদ্দশ্যৰে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গৰ্লোচা আৰু কৌশিক ৰায়ৰ উপস্থিতিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বাৰিষাৰ প্ৰকোপত শেহতীয়া সময়ছোৱাত বৰাকত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৰষুণৰ সমান্তৰালকৈ ভূমিস্খলনৰ ফলত বৰাক উপত্যকাত বিস্তৰ ক্ষতিসাধন হৈছিল। বিশেষকৈ যাতায়ত-পৰিবহণ ব্যৱস্থাৰ ক্ষতিৰ ফলত প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বৰাকৰ। এনে পৰিস্থিতিৰ মাজতে আজি বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰাৰ উদ্দশ্যৰে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গৰ্লোচা আৰু কৌশিক ৰায়ৰ উপস্থিতিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত উত্তৰ-পূব সীমান্ত ৰে’লৱে, এন এইচ এ আই আৰু এন এইচ আই ডি চি এলৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয়৷ এই বৈঠকত লামডিং ডিভিজনৰ লামডিঙৰ পৰা বদৰপুৰ ৰেলেৱ লাইনৰ ওপৰত হোৱা ভূমিস্খলনৰ পুনৰ্সংস্থাপনৰ স্থিতি সম্পৰ্কে আলোচনা হয়।
লগতে সঘনে হোৱা ভূমিস্খলন প্ৰতিৰোধক ব্যৱস্থা, শিলচৰ- গুৱাহাটীৰ মাজত নিয়মিত যাত্ৰীবাহী ট্ৰেইন পৰিসেৱা, বিভিন্ন ট্ৰেইনৰ সময়সূচী স্বাভাৱিকীকৰণ, ডিমাহাচাও জিলাৰ জাতিঙ্গাৰ পৰা হাৰাঙ্গাজা পৰ্যন্ত যাতায়ত পৰিস্থিতি আৰু পথৰ নিয়মিত মেৰামতিৰ ব্যৱস্থা, জাতিঙ্গাৰ পৰা হাৰাঙ্গাজাওৰ মাজত ইষ্ট- ৱেষ্ট কৰিডৰৰ নিৰ্মীয়মান অংশৰ কামৰ অগ্ৰগতি,গেমন সেতুৰ মেৰামতি কামৰ অগ্ৰগতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়৷
আজিৰ এই বৈঠকত বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব আদিল খান, উত্তৰ পূব সীমান্ত ৰেলৱেৰ এ জি এম বীৰ ভদ্ৰ বিশ্বকৰ্মা, চিটিই এন ই আৰৰ যোগেশ বৰ্মা, এন এইচ আই ডি চি এলৰ কাৰ্যবাহী সঞ্চালক ৰিতেন কুমাৰ সিং,এন এইচ আই ডি চি এলৰ জ্যেষ্ঠ পৰিচালক সুৰজ কুমাৰ, এন এইচ এ আইৰ ডেপুটি মেনেজাৰ তুষাৰ পি বিশ্বাস সহ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
লক্ষণীয়ভাৱে কিছুদিন পূৰ্বে বৰাকৰ যাতায়ত ব্যৱস্থা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰখনত কংগ্ৰেছ নেতাগৰাকীয়ে বৰাক উপত্যকাৰ যাতায়ত তথা যোগাযোগৰ ব্যৱস্থাৰ অৱনতিত উদ্বেগ প্ৰকাশ কৰি ভৱিষ্যতৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।