ভৰিৰ সৰু সৰু সমস্যা হ’ব পাৰে হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ, জানক চিকিৎসকৰ পৰা…

Heart disease symptoms: হৃদযন্ত্ৰৰ সমস্যা হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে। ভৰিতো কিছুমান সমস্যাৰ সৃষ্টি হয়, যি হৃদৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। গতিকে সাৱধান হোৱা ভাল।

ভৰিৰ সৰু সৰু সমস্যা হব পাৰে হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ, জানক চিকিৎসকৰ পৰা...

হৃদৰোগ

Published: 

01 Jul 2025 | 01:22 PM

কেতিয়াবা ভৰি ফুলি উঠা বা টান হোৱা সাধাৰণ কথা, কিন্তু যদি এই সমস্যা স্থায়ী হয় তেন্তে সাৱধান হোৱা উচিত। কাৰণ এয়া হৃদৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। ভৰিত কেনেধৰণৰ গধুৰতা বা কি ধৰণৰ সমস্যা হৃদযন্ত্ৰৰ লক্ষণ হ’ব পাৰে, এই বিষয়ে জানিবলৈ আমি হৃদৰোগ বিশেষজ্ঞ চিকিৎসকৰ সৈতে কথা পাতিছিলো। তেওঁ ভৰিৰ লগত জড়িত হৃদৰোগৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে।

শৰীৰে পৰ্যাপ্ত পৰিমাণৰ তেজ নাপালে হৃদযন্ত্ৰৰ ৰোগ হ’ব পাৰে। ইয়াৰ ফলত শৰীৰৰ কিছুমান অংশ বিশেষকৈ ভৰি আৰু ভৰিৰ গোৰোহাত ফুলা বা গধুৰ হোৱাৰ দৰে লক্ষণ দেখা দিব পাৰে। এই লক্ষণসমূহ বৃক্কৰ ৰোগ, গাঁঠিৰ ৰোগৰ হ’ব পাৰে, কিন্তু যদি ইয়াৰ লগতে যদি আন সমস্যাও দেখা দিয়ে তেন্তে ইয়াক আওকান কৰিব নালাগে।

ভৰিত কি কি লক্ষণে দেখা দিয়ে

এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ বৰুণ বংছালে কয় যে, ভৰি দুখন ফুলাৰ উপৰিও হৃদযন্ত্ৰ দুৰ্বল হ’লে আন বহুতো লক্ষণ দেখা দিয়ে। গতিকে ইয়াক আওকান কৰা উচিত নহয়। কিছুমান লক্ষণ এনে ধৰণৰ-

  • যদি সামান্য কাম কৰা বা চিৰি বগাই যোৱাৰ পিছত ভৰিৰ বিষৰ সৈতে উশাহ বন্ধ অনুভৱ কৰা
  • বেছি কষ্ট নকৰাকৈ ভাগৰুৱা অনুভৱ কৰা , এয়া হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ লক্ষণ হ’ব পাৰে।
  • ডাঃ বংছালৰ মতে যদি আপোনাৰ জোতাৰ চাইজ একেই আছে, কিন্তু তাৰ পাছতো ভৰিত ফিট নহয় তেন্তে ই ভৰিত তৰল পদাৰ্থ জমা হোৱাৰ লক্ষণ হ’ব পাৰে।  হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা (Ejection Fraction) হ্ৰাস পোৱাৰ বাবে এনে হয়। অৱশ্যে কম সংখ্যক লোকৰ ক্ষেত্ৰত এই লক্ষণ দেখা যায়।
  • ভৰি ফুলা যদি স্থায়ী হয়, লগতে উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা থাইৰয়ড হাই হয় তেন্তে এই লক্ষণ আওকান কৰা ভাল নহয়।

কিয় দুৰ্বল হয়

দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ ডাঃ অজিত জৈনে কয় যে হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ বহু কাৰণ থাকিব পাৰে। ইয়াৰ কাৰণ কেইটামান তলত উল্লেখ কৰা হ’ল-

  • উচ্চ কলেষ্টেৰল,
  • মেদবহুলতা,
  • উচ্চ ৰক্তচাপ,
  • ডায়েবেটিছ,
  • মানসিক চাপ বা টোপনিৰ অভাৱ আদি।
  • যদি পৰিয়ালৰ ইতিহাসত কাৰোবাৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা আছে।

গতিকে এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

পৰিত্ৰাণ

ডাঃ জৈনৰ মতে হৃদৰোগ প্ৰতিৰোধৰ বাবে ভাল জীৱনশৈলী আৰু ভাল খাদ্য খোৱা দৰকাৰ। কিছুমান বিশেষ দিশ তলত উল্লেখ কৰা হ’ল-

  • সেউজীয়া শাক-পাচলি খাব লাগে,
  • ফল-মূল, ড্ৰাই ফ্ৰুট খাব লাগে,
  • কম চৰ্বিযুক্ত গাখীৰ, মাছ আদি সেৱন কৰা ভাল।
  • দৈনিক কমেও ৩০ মিনিট খোজ কাঢ়িব লাগে বা যোগাসন কৰিব লাগে।
  • ভৰি ফুলাৰ বাবে গৰম পানীৰ ফোমেণ্টেচন প্ৰয়োগ কৰিব পাৰি
  • ভৰি দুখন ওপৰলৈ তুলি ৰাখি জিৰণি লোৱাটো ভাল।

 

অন্য খবৰ পঢ়কঃ সঘনাই প্ৰস্ৰাৱ অহা, ভোক নলগা কি ৰোগৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...