Vice President Election: চি পি ৰাধাকৃষ্ণন দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি, ১৫২ টা ভোটত পৰাস্ত বিৰোধী প্ৰাৰ্থী বি এছ ৰেড্ডী
দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন। আজি অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ৪৫২ টা ভোট লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকৰ সমৰ্থিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে। দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় চি পি ৰাধাকৃষ্ণন। তেওঁ জগদীপ ধনখড়ৰৰ স্থলাভিসিক্ত হ'ব।

দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল চি পি ৰাধাকৃষ্ণন। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত ৪৫২ টা ভোট লাভ কৰে। তেওঁৰ প্ৰতিদ্বন্দ্বী তথা ইণ্ডিয়া ব্লকৰ সমৰ্থিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০ ভোট। আজি অনুষ্ঠিত ভোটগ্ৰহণত প্ৰায় ৭৫০ ৰো অধিক সাংসদে ভোটদান কৰে। অৱশ্যে কেবাটাও দলে ভোট বৰ্জন কৰাও দেখা যায়।
নির্বাচনত জয়ী হোৱাৰ পাছতে ৰাধাকৃষ্ণনে দেশবাসীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে নিজৰ কার্যকালত দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ প্রতিশ্রুতি দিয়ে। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু ইয়াৰ পূৰ্বে তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিবাহ কৰি আছিল।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চি পি ৰাধাকৃষ্ণনক ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰাধাকৃষ্ণনে ৰাজহুৱা জীৱনত দশক দশক ধৰি লাভ কৰা অভিজ্ঞতাই দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি আস্থা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে।
Congratulations to Shri C. P. Radhakrishnan on being elected as the Vice President of India! Your decades of rich experience in public life will contribute significantly to the nation’s progress. I extend my best wishes to you for a successful and impactful tenure.
— President of India (@rashtrapatibhvn) September 9, 2025
এক্সত এটা পোষ্টত ৰাষ্ট্ৰপতি মুৰ্মুৱে লিখিছে, “শ্ৰী চি পি ৰাধাকৃষ্ণনক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন! ৰাজহুৱা জীৱনত আপোনাৰ দশক দশক ধৰি চহকী অভিজ্ঞতাই জাতিটোৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। মই আপোনালোকলৈ সফল আৰু প্ৰভাৱশালী কাৰ্যকালৰ বাবে শুভেচ্ছা জনাইছো।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা পোষ্টত মোদীয়ে লিখে, “২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে থিৰু চি পি ৰাধাকৃষ্ণন জীলৈ অভিনন্দন। তেওঁৰ জীৱন সদায় সমাজ সেৱা আৰু দৰিদ্ৰ আৰু প্ৰান্তীয় লোকক সবলীকৰণৰ বাবে নিয়োজিত হৈ আহিছে। মোৰ বিশ্বাস যে তেওঁ এজন অসাধাৰণ উপ-ৰাষ্ট্ৰপতি হ’ব, যিয়ে আমাৰ সাংবিধানিক মূল্যবোধক শক্তিশালী কৰিব আৰু সংসদীয় বক্তৃতা বৃদ্ধি কৰিব।”
Congratulations to Thiru CP Radhakrishnan Ji on winning the 2025 Vice Presidential election. His life has always been devoted to serving society and empowering the poor and marginalised. I am confident that he will be an outstanding VP, who will strengthen our Constitutional…
— Narendra Modi (@narendramodi) September 9, 2025
ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চি পি ৰাধাকৃষ্ণনক শুভেচ্ছা জনাই লিখিছে- “শ্ৰী চি পি ৰাধাকৃষ্ণন জীক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ দৃঢ় বিশ্বাস যে সমাজৰ তৃণমূল পৰ্যায়ৰ পৰা উঠি অহা এজন নেতা হিচাপে আপোনাৰ বুদ্ধি আৰু প্ৰশাসনৰ বিষয়ে গভীৰ জ্ঞানে আমাৰ সংসদীয় গণতন্ত্ৰৰ শ্ৰেষ্ঠখিনি উলিয়াই আনি প্ৰান্তীয় লোকসকলক সেৱা আগবঢ়োৱাত সহায় কৰিব। উচ্চ সদনৰ পবিত্ৰতাৰ ৰক্ষক হিচাপে আপোনাৰ যাত্ৰাৰ বাবে আপোনালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
Congratulations to Shri C.P. Radhakrishnan Ji on being elected as the Vice President of India.
I firmly believe that your sagacity as a leader who has risen from the grassroots of the society and profound knowledge about administration will help us in bringing out the best in…
— Amit Shah (@AmitShah) September 9, 2025
ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নিজৰ শুভেচ্ছা বাৰ্তাত লিখিছে- “উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয় নিশ্চিত কৰাৰ বাবে শ্ৰী চি পি ৰাধাকৃষ্ণনলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঐক্যবদ্ধ বিৰোধীৰ যৌথ প্ৰাৰ্থী শ্ৰী বি সুদৰ্শন ৰেড্ডী গাৰুক তেওঁৰ উৎসাহী আৰু নীতিগত যুঁজৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইটো নিৰ্বাচনতকৈও বেছি আছিল; ই আছিল মতাদৰ্শৰ যুদ্ধ, ইয়াত পুনৰ দৃঢ়তাৰে কোৱা হৈছিল যে আমাৰ সংবিধান আৰু গণতন্ত্ৰক সুৰক্ষিত কৰিবলৈ স্বৈৰাচাৰী প্ৰৱণতা থকা চৰকাৰসমূহ পৰীক্ষা কৰিব লাগিব।”
Best wishes to Shri C.P. Radhakrishnan on securing victory in the Vice Presidential election. We extend our sincere gratitude to Shri B. Sudershan Reddy garu, the united Opposition’s joint candidate, for his spirited and principled fight. This was more than an election; it was a…
— Mallikarjun Kharge (@kharge) September 9, 2025
“আমি আশা কৰোঁ যে নতুন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদীয় পৰম্পৰাৰ সৰ্বোচ্চ নীতি-নিয়ম বজাই ৰাখিব, বিৰোধীৰ বাবে সমান স্থান আৰু মৰ্যাদা নিশ্চিত কৰিব, আৰু শাসকীয় যুগৰ হেঁচাৰ বলি নহ’ব। অগ্ৰাধিকাৰৰ ক্ৰমত দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক কাৰ্যালয় উপ-ৰাষ্ট্ৰপতিক পুনৰ সজীৱ কৰি তুলিব লাগিব, যাতে ডেম’ক্ৰেটিক মূল্যবোধ ৰক্ষাৰ ক্ষেত্ৰত স্বাধীনতা, ন্যায়পৰায়ণতা আৰু শক্তি প্ৰতিফলিত হয়।” খাৰ্গেই লিখে।
খাৰ্গেই আৰু লিখে “এই নির্বাচন কিয় প্রয়োজনীয় হ’ল আমিও মনত ৰাখিব লাগিব ৷ শ্ৰী জগদীপ ধনখড়ে বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোতে হঠাতে পদত্যাগ কৰিছিল—এই প্ৰস্থান এতিয়াও অস্পষ্ট আৰু আনুষ্ঠানিক। আমি আগবাঢ়ি যোৱাৰ লগে লগে স্বচ্ছতা, জবাবদিহিতা, আৰু সাংবিধানিক স্থিতিৰ প্ৰতি সন্মানে আমাৰ প্ৰতিষ্ঠানসমূহক পথ প্ৰদৰ্শন কৰিব লাগিব।”
চি পি ৰাধাকৃষ্ণন কোন?
চি পি ৰাধাকৃষ্ণনৰ সম্পূৰ্ণ নাম চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণন। তেওঁ ১৯৯৮ আৰু ১৯৯৯ চনত দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫৭ চনৰ ২০ অক্টোবৰত তামিলনাডুৰ তিৰুপপুৰত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণন বিজেপিৰ এগৰাকী প্ৰবীন নেতা। ২০২৪ চনৰ ৩১ জুলাইত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ ৩০ জুলাইলৈ ঝাৰখণ্ডৰ ৰাজ্যপালৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাধাকৃষ্ণনে।
তামিলনাডু ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল চি পি ৰাধাকৃষ্ণনে। ২০০৩ চনৰ পৰা ২০০৬ চনলৈ তেওঁ তামিলনাডু বিজেপিৰ সভাপতি আছিল। আৰ এছ এছৰ সৈতেও সম্পৰ্ক আছিল ৰাধাকৃষ্ণনৰ। তেওঁ ১৯৭৩ চনত ১৬ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিল। ১৯৭৪ চনত আৰ এছ এছৰ অন্যতম শাখা ভাৰতীয় জনসংঘৰ তামিলনাডুৰ ৰাজ্যিক কাৰ্যবাহীৰ সদস্য হয় তেওঁ। ১৯৯৬ চনত ৰাধাকৃষ্ণনে তামিলনাডু বিজেপিৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে। আৰ এছ এছৰ পৰা ৰাজহুৱা জীৱন আৰম্ভ কৰি আজি তেওঁ দেশৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে।