শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসহ্যকৰ পিঠিৰ বিষত ভুগিছে নেকি? সাৱধান হওক, হ’ব পাৰে এই জটিল ৰোগ…

অসহ্যকৰ পিঠিৰ বিষ, হঠাৎ ওজন কমি যোৱা আৰু প্ৰস্ৰাৱ কৰাত সমস্যা হ’লে, বহুতে ইয়াক বৃক্কৰ ৰোগৰ লক্ষণ বুলি ভাৱে। কিন্তু এই জটিল ৰোগৰ ই লক্ষণ হ'ব পাৰে।

অসহ্যকৰ পিঠিৰ বিষত ভুগিছে নেকি? সাৱধান হওক, হ’ব পাৰে এই জটিল ৰোগ…
পিঠিৰ বিষ
manas-borah
Manas Borah | Published: 09 Sep 2025 20:36 PM

দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিশেষকৈ উত্তৰ-পূব ভাৰতত এই সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। অসহ্যকৰ পিঠিৰ বিষ, হঠাৎ ওজন কমি যোৱা আৰু প্ৰস্ৰাৱ কৰাত সমস্যা হ’লে, বহুতে ইয়াক বৃক্কৰ ৰোগৰ লক্ষণ বুলি ভাৱে। বিশেষজ্ঞৰ মতে, এই লক্ষণবোৰ কেৱল বৃক্ক ৰোগৰ সৈতে জড়িত নহয়। ই অগ্ন্যাশয় কৰ্কট ৰোগৰ সম্ভাৱনাৰ ইংগিত দিব পাৰে। প্ৰকাশিত তথ্যত দেখা গৈছে যে, আন কেন্সাৰতকৈ অধিক লোক অগ্ন্যাশয় কৰ্কট ৰোগত আক্ৰান্ত হৈছে। গতিকে এই লক্ষণবোৰ অনুভৱ কৰিলে সাৱধান হওক।

এই লক্ষণবোৰ সাধাৰণভাৱে ল’ব নালাগে

  • যদি আপোনাৰ অসহ্যকৰ পেটৰ বিষ হয়, তেন্তে সাৱধান হওক। ই অগ্ন্যাশয় কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
  • যদি ৰাতি শুৱা সময়ত বা খাদ্য খোৱাৰ পাছত পেটৰ বিষ অনুভৱ কৰে, তেন্তে সাৱধান হওক।
  • এই কৰ্কট ৰোগৰ ক্ষেত্ৰত বিষ প্ৰধানকৈ পেটৰ ওপৰৰ অংশত হয় আৰু ই পিঠিলৈকে বিয়পি পৰে।
  • একেদৰে বাৰে বাৰে জণ্ডিচত আক্ৰান্ত হোৱাটো বিপদজনক হ’ব পাৰে। ই অগ্ন্যাশয় কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
  • সঘনাই ডায়েৰিয়া বা কোষ্ঠকাঠিন্য, দীৰ্ঘদিনীয়া জ্বৰ, ক্লান্তিও অগ্ন্যাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
  • সমান্তৰালভাৱে খাদ্য খোৱাৰ ক্ষেত্ৰত সামান্য খেলিমেলি হ’লে বদহজমৰ সমস্যা হোৱাটো অতি সাধাৰণ। যদি ঔষধ খোৱাৰ পিছতো এই সমস্যা বাৰে বাৰে হয়, তেন্তে সাৱধান হওক।
  • দীৰ্ঘদিনীয়া পেনক্ৰিয়াটাইটিছৰ ফলত পেটত তীব্ৰ বিষ হ’ব পাৰে। পেটৰ ওপৰৰ অংশৰ পৰা আৰম্ভ হোৱা এই বিষ ক্ৰমান্বয়ে সমগ্ৰ পেট আৰু পিঠিলৈকে বিয়পি পৰে। ইয়াৰ লগে লগে আপোনাৰ বমিও হ’ব পাৰে।
  • এনে লক্ষণবোৰে যদি দেখা দিয়ে তেন্তে সাৱধান হ’ব লাগে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।