New Year: বিদায় ২০২৫! এবুকু আশা, অপৰিসীম সম্ভাৱানা আৰু নতুনত্ব লৈ আহিছে ২০২৬…
Happy New Year 2026: বহু আশা,সম্ভাৱনা লৈ অৱশেষত আহিছে নতুন বছৰ ২০২৬। নতুন বছৰক লৈ কাৰ যে কিমান আশা, কিমান হেঁপাহ! নাথাকিবই কিয়, আমি সকলো যেন নতুনৰ মোহত আৱদ্ধ। আমি সকলোৱে বিচাৰো নতুন।

নতুন বছৰ
চাওতে চাওতে পাৰ হ’ল এটা বছৰ। অৱশেষত আমি আছো ২০২৬ চনৰ দুৱাৰদলিত। আৰম্ভ ইংৰাজী নতুন বছৰ ২০২৬ (New Year 2026)। সময় ধৰি ৰাখিব নোৱাৰে কোনোৱে, অতীতক এৰি আগবাঢ়ি যোৱাই প্ৰকৃতিৰ নিময়। সেই নিয়মত আৱদ্ধ আমি। কোৱা হয়, সময়তকৈ ডাঙৰ বস্তু পৃথিৱীত একো নাই। সময়ে দিয়ে, সময়ে কাঢ়ে। সেই সময়ে আজি আনিছে নতুন আশা, নতুন সম্ভাৱনাৰ সৈতে নতুন বছৰ ২০২৬। নতুন মানেই সকলোৰে আনন্দ, নতুন মানেই প্ৰেৰণা, নতুন মানেই যেন এক আৰম্ভণি।
নতুনে বাৰে বাৰে কৈ যায় এক চিৰন্তন সত্য- শেষ বুলিবলৈ একো নাই। শেষ মানে নতুনৰ আৰম্ভণি, শেষ মানেই সুযোগ, শেষ মানেই এক নতুনৰ সম্ভাৱনা। আমি সকলো নতুনৰ মোহত আৱদ্ধ। সেয়া লাগিলে নতুন কাপোৰৰ গোন্ধ হওক, নতুন কিতাপৰ বা নতুন বছৰৰ। মুঠতে সকলোৱে বিচাৰে নতুন। পিছে আমি পুৰণিকো এৰাই চলিব নোৱাৰো, অতীত আছে বাবে আমি বৰ্তমানত এটা ভাল ভৱিষ্যতৰ সপোন দেখি আছো।
জীৱন সঁচাকৈ ধুনীয়। আপুনি, মই ভবাতকৈ ই বহু ওপৰত। কিন্তু বৰ্তমান যন্ত্ৰ হৈ পৰিছো আমি। ব্যস্ততাই কোঙা কৰি পেলোৱা জীৱনটোত আমি যেন পাহৰি গৈছো সকলো। কেৱল দৌৰিছে আধুনিকতাৰ নামত, দৌৰিছো নাম, টকা সম্পত্তি বা আন কিবা বস্তুৰ নামত। এই দৌৰত আমি ইমানেই ব্যস্ত হৈ পৰিছো যে সকলো হেৰুওৱাৰ উপক্ৰম হৈ পৰিছো। বহুতে যেন পাহৰি গৈছে, আমাৰ লগত জীৱন বুলিবলৈতো কিবা এটা আছে! যদি আমি এনেকৈ নাম, সম্পত্তি আদিৰ পাছত দৌৰিয়ে থাকো জীৱন উপভোগ কৰিম কেতিয়া?
কেৱল কাম বন কৰি থকাতোৱেই জীৱন নহয়! হয়, মানুহক জীৱনত সকলো লাগে। টকা-সম্পত্তি, নাম আদি সকলো। কিন্তু সকলোতকৈ প্ৰয়োজনীয় বস্তু লাগে সুখ। যদি সুখকেই আমি প্ৰাধন্য নিদিও তেন্তে এই নাম, যশৰ অৰ্থ ক’ত? জীৱন ধুনীয়া, ইয়াত জীয়াব জানিব লাগিব। সেয়ে আপোনাক লাগিব নিজৰ বাবে সময়।
যদি নিজে সুখী নাথাকে আনক কেনেকৈ সুখী কৰিব? সেয়ে নিজক সময় দিয়ক, নিজে ভাল পোৱা কাম কৰক। আপুনি কি কৰি ভাল পায়? কিতাপ পঢ়ি, কাহিনী শুনি, গছত পানী দি নে খাদ্য বনায়? যিয়েই নহয়, আপুনি ভালপোৱা কাম কৰক। কেৱল নিজৰ বাবে। দেখিব আপুনি ভাবিব নোৱাৰাকৈ সুখী হ’ব।
কিন্তু এনে নহয় যে, আপোনাৰ জীৱনত কেতিয়াও দুখ নাহিব। জীৱন মানেই সুখ-দুখ, হাঁহি-কান্দোনৰ মিশ্ৰণ। ইয়াৰে এটাও যদি নোহোৱা হৈ যায় আপুনি ভালে থাকিব নোৱাৰিব। আচলতে আনন্দ-বেদনা, প্ৰাপ্তি-অপ্ৰাপ্তিবোৰে জীৱনটো বৰ সুন্দৰ কৰি ৰাখে। পাৰফেক্ট বুলিবলৈ একো নাই এই দুনীয়াত। সেয়ে চাগে চন্দ্ৰটো এটা দাগ আছে। গতিকে কেতিয়াও পাৰফেক্ট হ’বলৈ চেষ্টা নকৰিব, কেৱল কাম কৰি যাওক নিজৰ বাবে, আনৰ বাবে।
হয়, আপুনি আনৰ বাবেও কৰিব লাগিব। কিয়নো মানুহক মানুহৰ প্ৰয়োজন। জীৱন জীয়াবলৈ, সুখ-দুখ ভাগ কৰিবলৈ আপোনজনৰ প্ৰয়োজন। সেয়া লাগিলে পিতৃৃ-মাতৃ, বন্ধু-বান্ধৱী, জীৱন সংগী বা আন কোনোবাই নহওক কিয়। আনৰ সহায় কৰক, চাব আপুনিও সহায় পাব। আনৰ সৈতে সুখ ভাগ কৰক, দেখিব আনন্দ দুগুণ হৈ পৰিব। সঁচাকৈ ভাবিব নোৱাৰাকে জীৱনত সুখী হ’বলৈ সহজ!
জীৱন যুদ্ধখন যিমান দীঘলীয়া যেন লাগে সিমানে চুটি বুলিও ক’ব পাৰি। সেয়ে নিজক কেতিয়াও প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজত সোমাব নিদিব। কেতিয়াবা জীৱনলৈ বিতৃষ্ণা আহিব পাৰে, আৰু এয়া সাধাৰণ কথা। কিন্তু অলপ আনন্দ, অলপ বিষাদ যদি নাথাকে জীৱনৰ সোৱাদ বুলিবলৈ কিবা থাকিব জানো? এবাৰ ভাবিবচোন পুহমহীয়া ঠাণ্ডাত কেনেকৈ ৰাজপথত শুই আছে শিশুৰ পৰা বৃদ্ধলৈকে? ডাষ্টবিনৰ পৰা বুটলি কেনেকৈ খাদ্য খাইছে? বা বৃদ্ধাশ্ৰমত বহি এহাল পিতৃ মাতৃয়ে কেনেকৈ অপেক্ষা কৰিছে এবাৰ সন্তানৰ মুখ চাবলৈ? যেতিয়া আনৰ দুখ উপলব্ধি কৰিব পাৰিব তেতিয়া গ’ম পাব যে আমাৰ জীৱনটো কিমান ধুনীয়া।
সকলোৰে মূলতঃ সময়! সন্মান কৰক এই মূল্যবান শব্দটিৰ। সময় দিয়ক নিজক। জীয়াই থাকক নিজৰ বাবে। এই সময়ত নতুনৰ। পুৰণিক এৰি নতুনক আদৰি লোৱাৰ সময় এয়া। আপুনিও সজাই তোলক জীৱনটি নতুনকৈ। জীৱনটো ধুনীয়া কৰিবলৈ সকলো ভাল কামেই কৰক। সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ এৰি এবাৰ জীৱনৰ হাতখন ধৰক। চাব ইয়াতেই আছে স্বৰ্গ, ইয়াতেই আছে সকলো সুখ। জীয়াই থাকিবলৈ শিকক। সুখী হ’বলৈ শিকক। ভালে থাকক আপুনি আৰু আপোনাৰ পৰিয়াল। আপোনালৈ নতুন বছৰৰ বহুত শুভেচ্ছা…
অন্য খবৰ পঢ়কঃ ৰাজ্যবাসীক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…