শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পেটৰ চৰ্বি কমোৱাৰ এই যাদুকৰী ঘৰুৱা বিধানৰ বিষয়ে জানেনে? লাভ কৰিব চমৎকাৰী ফলাফল

বিভিন্ন গৱেষণাত মেথিৰ পানী আৰু আদাৰ পানীয়ে পেটৰ চৰ্বি সোনকালে বাৰ্ণ কৰিব পাৰে বুলিও কোৱা হৈছে। পিছে এইক্ষেত্ৰত অধিক ফলপ্ৰসূ কোনবিধ, মেথি পানী নে আদাৰ পানী? জানো আহক এই বিষয়ে।

পেটৰ চৰ্বি কমোৱাৰ এই যাদুকৰী ঘৰুৱা বিধানৰ বিষয়ে জানেনে? লাভ কৰিব চমৎকাৰী ফলাফল
ওজন হ্ৰাসৰ ঘৰুৱা বিধানImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 23 Oct 2025 19:42 PM

মেদবহুলতা আজিৰ সময়ত বহুলোকৰ বাবে চিন্তাৰ কাৰণ। এফালে ই ৰোগৰ বাহক হিচাপে প্ৰমাণিত হোৱাৰ লগতে বহুলোকৰ বাবে হতাশাৰো কাৰণ হৈ পৰে। সেয়ে ওজন হ্ৰাস আৰু অতিৰিক্ত চৰ্বি আঁতৰাবলৈ বিশেষভাৱে যত্ন লোৱা প্ৰয়োজন হৈ পৰে। পেটৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ শাৰীৰিক ব্যায়ামৰ লগতে খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগে। ভিন্ন ধৰণৰ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ সমান্তৰালকৈ এইক্ষেত্ৰত কিছুমান পানীয়ও উপকাৰী বিবেচিত হয়।

পেটৰ চৰ্বি হ্ৰাসৰ লগতে আন উপকাৰিতাৰ বাবে বহু লোকে নেমু-মৌ-কুহুমীয়া গৰম পানী খায়। কিছুলোকে জিৰা পানী, মেথি পানী, আদাৰ পানী খোৱা দেখা যায়। এই উপাদানসমূহ তিয়াই থোৱা পানী দেহৰ চৰ্বি বাৰ্ণ কৰাত ফলপ্ৰসূ প্ৰমাণিত হয়। বিভিন্ন গৱেষণাত মেথিৰ পানী আৰু আদাৰ পানীয়ে পেটৰ চৰ্বি সোনকালে বাৰ্ণ কৰিব পাৰে বুলিও কোৱা হৈছে।

পিছে এইক্ষেত্ৰত অধিক ফলপ্ৰসূ কোনবিধ, মেথি পানী নে আদাৰ পানী? মেথি পানী আৰু আদাৰ পানী দুয়োটাই চৰ্বি বাৰ্ণ কৰিব পাৰে। অৱশ্যে দুয়োটাৰে গুণ পৃথক হয়। জানো আহক এই বিষয়ে।

মেথি পানী

বিভিন্ন খাদ্যৰ সোৱাদ বৃদ্ধিত মেথি যিদৰে ফলপ্ৰসূ বিবেচিত হয়, সেইদৰে নিশা কিছু মেথি পানীত তিয়াই থৈ পিছদিনা পুৱা খালে ওজন কমোৱাত সহায়ক হয়। মেথিত গেলেক্টোমেনান থাকে, ই বাৰে বাৰে ভোক লগাত বাধা দিয়ে। ই বিপাকীয় হাৰ বৃদ্ধি কৰে। মেথিয়ে পেট ফুলি উঠা সমস্যা হ্ৰাসত সহায় কৰে। পেট ফুলা, বদহজম আৰু কলেষ্টেৰল হ্ৰাস কৰে।

আদাৰ পানী

আদাৰ ঔষধি গুণ অনেক। আদাৰ পানীয়ে কেলৰি বাৰ্ণ কৰাত সহায় কৰে আৰু সঘনাই ভোক ৰোধ কৰে। পুৱা নিয়মিতভাৱে আদাৰ পানী খালে পেটৰ চৰ্বি হ্ৰাস কৰাৰ লগতে ৰক্তচাপো নিয়ন্ত্ৰণ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়ে, হজম শক্তি উন্নত কৰে আৰু লগতে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

কোনবিধ পানীয় অধিক উপকাৰী

দেহৰ বিপাকীয় ক্ৰিয়া উন্নীত কৰিবলৈ আদাৰ পানী খোৱাই ভাল। যদি আপুনি তেজৰ চেনিৰ মাত্ৰা আৰু হজম শক্তিৰ ওপৰত গুৰুত্ব দিব বিচাৰে, তেতিয়া মেথিৰ পানী বাছি ল’ব পাৰে। অৱশ্যে আপুনি যি পানীয়ই গ্ৰহণ নকৰক কিয়, সঠিক পৰিমাণতহে গ্ৰহণ কৰা উচিত।