Fatty Liver Symptoms: পৰীক্ষা নকৰাকৈ জানক! ফেটি লিভাৰ হ’লে দেখা দিয়ে এই ৫টা লক্ষণ, জনালে চিকিৎসক…

Fatty Liver Symptoms: আজিকালি বহুতে ফেটি লিভাৰৰ সমস্যাত ভোগে। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু মানুহে ইয়াক সাধাৰণ বুলি আওকাণ কৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

Fatty Liver Symptoms: পৰীক্ষা নকৰাকৈ জানক! ফেটি লিভাৰ হলে দেখা দিয়ে এই ৫টা লক্ষণ, জনালে চিকিৎসক...

ফেটি লিভাৰৰ লক্ষণ

Published: 

04 Dec 2025 18:50 PM

বৰ্তমান সময়ত ফেটি লিভাৰ এক সাধাৰণ সমস্যাত পৰিণত হৈছে। বহু মানুহে এই সমস্যাত ভোগা দেখা যায়। যেতিয়া ফেটি লিভাৰ (Fatty Liver)ৰ সমস্যা হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এইবোৰ সাধাৰণ বুলি আওকাণ কৰি চলে। এই সন্দৰ্ভত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি সবিশেষ জনাইছে এগৰাকী চিকিৎসকে। ডাঃ চেঠীয়ে নিজৰ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি জনাইছে যে, কেনেকৈ পৰীক্ষা নকৰাকৈ জানিব পাৰিব ফেটি লিভাৰ হোৱা বুলি।

লক্ষণ

পেটৰ আশে-পাশে চৰ্বিঃ পেটৰ আশে-পাশে চৰ্বি হোৱা ফেটি লিভাৰৰ সংকেত হ’ব পাৰে। যেতিয়া লিভাৰত চৰ্বি জমা হয় তেতিয়া শৰীৰৰ মাজৰ অংশত চৰ্বি বাঢ়ে। যাৰ BMI 27 তকৈ অধিক থাকে বা যাৰ ওজন পেটত বেছিকৈ বাঢ়ে তেনে লোকৰ ফেটি লিভাৰৰ আশংকা অধিক থাকে।

ভাগৰুৱাঃ কোনো কাৰণ নোহোৱাকৈ অনবৰতে ভাগৰ আৰু দুৰ্বলতা অনুভৱ হ’ব পাৰে। কোনো কাম নকৰাকৈ অনবৰত এই ভাগৰ লাগি থাকিব পাৰে। দীৰ্ঘদিন এনে হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰিব লাগে।

সোঁফালে বিষঃ যকৃত আমাৰ সোঁফালে আৰু ওপৰৰ অংশত থাকে। ফেটি লিভাৰ হ’লে পেটৰ এই অংশত বিষ বা হেঁচা অনুভৱ হ’ব পাৰে। এই বিষ কেতিয়াবা কম আৰু কেতিয়াবা তীব্ৰ হ’ব পাৰে।

মুখ, ডিঙিঃ ফেটি লিভাৰ হ’লে ডিঙিৰ কাষৰ অংশ ছাল কলা পৰে। ইয়াক একেথোছিচ বুলি কয়। কিছুমান মানুহৰ মুখত গুটি গুটি ওলায়। ইয়াৰোপৰি হৰম’নৰ পৰিৱৰ্তনৰ বাবে চুলিৰ সমস্যা আৰম্ভ হয়।

ভোক নলগাঃ ফেটি লিভাৰ হ’লে ভোক নালাগে বা কম খাদ্য খালেই পেট ভৰি যায়। ফেটি লিভাৰ হ’লে হজম প্ৰক্ৰিয়াতো প্ৰভাৱ পৰে। ইয়াৰোপৰি ওজন কম হোৱা দেখা যায়।

গতিকে এনে লক্ষণবোৰ যদি দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। সুস্থ জীৱনশৈলী, খাদ্যভাস, ওজন নিয়ন্ত্ৰণ, ব্যায়াম আদিৰ দ্বাৰা ফেটি লিভাৰৰ আশংকা কম কৰিব পাৰি। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃশৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পালে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...