শৰীৰৰ পৰা অস্বাভাৱিক ধৰণে ঘাম ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

গৰমৰ ঘাম ওলোৱা সাধাৰণ কথা। কিন্তু যদি অস্বাভাৱিক ধৰণে ঘাম ওলাই তেন্তে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

শৰীৰৰ পৰা অস্বাভাৱিক ধৰণে ঘাম ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

গৰম

Published: 

12 Jun 2025 06:56 AM

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যালয়মসূহৰ সময় সলনি কৰা হৈছে। কেৱল ৰাজ্যতেই নহয় দেশৰ বিভিন্ন প্ৰান্ত এতিয়া গ্ৰীষ্ম প্ৰবাহৰ কবলত। দিল্লীৰ লগতে বিভিন্ন প্ৰান্তত তাপমাত্ৰ ৪৫ ডিগ্ৰী পাৰ কৰিছে। এনে পৰিস্থিতিত বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। শৰীৰক ঠাণ্ডা ৰখা প্ৰক্ৰিয়াৰ বাবে গৰমত ঘাম ওলোৱা সাধাৰণ কথা। কিন্তু যদি কোনো লোকৰ এচি বা শীতল কোঠাত বহি থকাৰ পাছতো ঘাম ওলাই তেন্তে ই ৰোগৰ লক্ষণ হ’ব পাৰে। এই ৰোগৰ চিকিৎসা কৰিব লাগে। চিকিৎসা নকৰিলে বহু ধৰণৰ গুৰুতৰ ৰোগ হ’ব পাৰে। এই সন্দৰ্ভত আমি চিকিৎসকৰ সৈতে আলোচনা কৰিছিলো। এই লেখাটোত সবিশেষ উল্লেখ কৰা হ’ল।

কাৰণ

এম এম জি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আলোক ৰঞ্জনে কয় যে,বহু কাৰণত অত্যাধিক ঘাম ওলাব পাৰে। ইয়াৰ আঁৰত এটা জিনীয় কাৰণো আছে। ইয়াৰ উপৰিও গৰমত কঠোৰ পৰিশ্ৰম কৰিলেও অত্যধিক ঘাম ওলায়।অত্যধিক গৰমৰ বাবেও গোটেই শৰীৰৰ পৰা ঘাম ওলাব পাৰে। কিন্তু যদি কোনো কাৰণ নোহোৱাকৈ অত্যধিক ঘাম ওলায়, তেন্তে হাইপাৰহাইড্ৰ’ছিছ নামৰ ৰোগৰ লক্ষণ হোৱাৰ সম্ভাৱনা থাকে।

হাইপাৰহাইড্ৰ’ছিছ

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে কয় যে, হাইপাৰহাইড্ৰ’ছিছৰ বহু কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত স্নায়ুতন্ত্ৰৰ সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা, জিনীয় কাৰণ, মানসিক চাপ আৰু কিছুমান ঔষধৰ ফলত হোৱাৰ সম্ভাৱনা থাকে। হাইপাৰহাইড্ৰ’ছিছৰ ফলত হোৱা ঘামৰ ফলত হাত, ভৰি, কাষলতি আৰু মুখত অত্যাধিক ঘাম ওলায়। যদি এই ৰোগৰ চিকিৎসা কৰা নহয় তেন্তে ই স্নায়ুতন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে আৰু হৰম’নৰ ভাৰসাম্যহীনতাই আন বহু ৰোগৰ সৃষ্টি কৰিব পাৰে। লগতে তেওঁ কয় যে, হৃদৰোগ, উচ্চ ৰক্তচাপ, সংক্ৰমণ আদিৰ ফলতো কেতিয়াবা অস্বাভাৱিক ঘাম ওলায়।

কি কৰিব

যদি আপোনাৰ স্বাভাৱিকতকৈ বেছি ঘাম ওলাই তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে আপোনাৰ অৱস্থা বুজি এই সন্দৰ্ভত ভালকৈ গম পাব। যদি অত্যধিক ঘাম ওলোৱাৰ লগতে ভাগৰুৱা, জ্বৰ বা ওজন কমি যায়, তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়।

 

অন্য খবৰ পঢ়কঃ থাইৰয়ডৰ সমস্যা হ’লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক…

গাখীৰ গৰম কৰাৰ সময়ত ওফন্দি বাগৰি পৰে নেকি? এয়া শুভ নে অশুভ জানেনে!
এই কেইটা ঘৰুৱা উপায়েৰে আঁতৰ কৰক আপোনাৰ ওঁঠৰ ক'লা দাগ
WTCৰ ফাইনেলত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বাহুত ক’লা বেণ্ড কিয়!
কেতিয়াও চৰ্বি জমা নহয় ! আপোনাৰ যকৃতৰ স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সেৱন কৰক এই পানীয়...