বিদেশীৰ বোজা মানি লোৱা নহ’বঃ বিজেপিক জাতিদ্ৰোহী আখ্যা দি হুংকাৰ কংগ্ৰেছৰ
অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনো সদিচ্ছা নাই বুলি অভিযোগ কৰে ৰিপুণ বৰাই। ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশীক স্বদেশী কৰাৰ ম্যাদ বৃদ্ধি কৰি বিজেপি চৰকাৰে এতিয়া অসমৰ ওপৰত আন এক মাধমাৰ শোধাবলৈ উদ্যত হৈছে বুলিও তেওঁ দাবী কৰে।

বিদেশীক স্বদেশী কৰাৰ বাবে অসম চুক্তি নস্যাৎ কৰি বিজেপি চৰকাৰে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। আজি এক সংবাদমেল সম্বোধন কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক তীক্ষ্ণ আক্ৰমণৰ লক্ষ্য কৰি লয়। শাসকীয় বিজেপি আৰু অগপক কঠোৰ ভাষাৰে সমালোচনা কৰি জাতিদ্ৰোহী আখ্যা দিয়ে কংগ্ৰেছ নেতা দুগৰাকীয়ে।
অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনো সদিচ্ছা নাই বুলি অভিযোগ কৰে ৰিপুণ বৰাই। ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশীক স্বদেশী কৰাৰ ম্যাদ বৃদ্ধি কৰি বিজেপি চৰকাৰে এতিয়া অসমৰ ওপৰত আন এক মাধমাৰ শোধাবলৈ উদ্যত হৈছে বুলিও তেওঁ দাবী কৰে। বিদেশীক এইদৰে সময় ৰেহাই দিয়া কাৰ্যই অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰী যে এতিয়াও আহি আছে সেয়া প্ৰমাণিত কৰিছে বুলিও মন্তব্য কৰে বৰাই।
অনুপ্ৰৱেশ ৰোধ কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ভোট বেংকৰ স্বাৰ্থত এই ইছ্যুটোক সদায় জীয়াই ৰাখিবহে বিচাৰিছে বুলিও তেওঁ লগতে কয়। ৰিপুণ বৰাই লগতে বিজেপি চৰকাৰে ইয়াৰ জৰিয়তে অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই বুলি মন্তব্য কৰে আৰু ভাৰতৰ সংবিধান আৰু সৰ্বোচ্চ ন্যায়ালয়ে মান্যতা দিয়া অসম চুক্তিক উলংঘা কৰা বুলি দাবী কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
ইফালে নাগৰিকত্ব লাভৰ বাবে ১০ বছৰলৈ সময়সীমা বৃদ্ধি কৰা বিজেপিয়ে অনাগত দিনত এই সীমা যে পুনৰ বৃদ্ধি নকৰিব তাৰ কি নিশ্চয়তা আছে বুলিও প্ৰশ্ন কৰে ৰিপুণ বৰাই। এই সন্দৰ্ভত অগপ দলে এতিয়াও কিয় নিশ্চুপ আছে বুলি তেওঁ লগতে আশ্চৰ্য প্ৰকাশ কৰে। অসমৰ ৰাইজে অগপ দলৰ জাতীয়তাবাদৰ আঁৰৰ মুখাখন ভালকৈয়ে চিনি পাইছে বুলি ৰিপুণ বৰাই লগতে কয়।
ইফালে, সংবাদমেলত দেৱব্ৰত শইকীয়াই যোৱা ১ ছেপ্টেম্বৰৰ দিনটোত কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনাক নাগৰিকত্ব সংশোধনী আইনৰ দ্বিতীয় সংস্কাৰ আখ্যা দিয়ে। বিজেপি দল আৰু চৰকাৰে এক দেশ, এক ৰাষ্ট্ৰ আৰু ভোট বেংকৰ ৰাজনীতিৰে অসমীয়া জাতিসত্ত্বাক ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰত নামি পৰিছে বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে।
তেওঁ লগতে কয় যে পাকিস্তান, বাংলাদেশ জন্ম নোহোৱাৰ সময়তে ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা লোকক অগপ চৰকাৰৰ দিনত যি ‘ডি’ ভোটাৰৰ সংজ্ঞা সেই সংজ্ঞাত এইখন মিত্ৰজোঁটৰ চৰকাৰৰ দিনতো ‘ডি’ ভোটাৰ হৈয়ে আছে, অপমানিত হৈয়ে আছে৷ ১৯১২ চনৰ কৰিমগঞ্জৰ বজালীঘাটত জন্মগ্ৰহণ কৰা ৰেৱতী দাস, বিপিন ৰাম দাস, মুক্তিযুঁজাৰু প্ৰফুল্ল কুমাৰ সাহা, বিএছএফত সন্তানে কাম কৰা বন্দনা দাসক ডিটেনচন কেম্পত থোৱা হৈছে বুলিও বিস্ফোৰক তথ্য দাঙি ধৰে বিৰোধী দলপতিগৰাকীয়ে৷
এনেকৈ বিজেপিয়ে অসমত থকা সকলো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আহিছে বুলি মন্তব্য কৰে শইকীয়াই৷ নাগৰিকত্ব সংশোধনী আইনৰ পৰা অসমক বাহিৰ কৰা দিয়া, ২০১৮ চনৰ ৬ মে’ত প্ৰধানমন্ত্ৰীক পত্ৰ লিখি আইনৰ আওতাৰ পৰা অসমক বাদ দিবলৈ আৰ্জি দিয়াৰ কথাও কয় বিৰোধী দলপতিগৰাকীয়ে। তেওঁ কয়, দিল্লীত বিজেপি নেতাই তেনেকুৱা অসমবিৰোধী কথা ক’ব।
“কিন্তু গুৱাহাটীলৈ আহি বিজেপি নেতাই কয় আমি জাতি, মাটি ভেটি ৰক্ষা কৰিম, অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিম৷ এইবিলাক কৰি এতিয়া বিজেপিয়ে অসমৰ অসমীয়া মানুহক বিপাঙত পেলাইছে৷ কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আদালতলৈ গৈছে৷ গোচৰ আদালতত চলি আছে৷”- এইদৰে কয় দেৱব্ৰত শইকীয়াই। আদালতত চলি থকা গোচৰৰ ক্ষেত্ৰত কেনেকৈ চৰকাৰে নিৰ্দেশনা দি থাকিব পাৰে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷