Elaichi: নিশা শুৱাৰ পূৰ্বে পানীৰ সৈতে এটা ইলাচি খালে পুৰুষসকলৰ কি কি লাভ হয়? জানক…

Elaichi Benefits: ইলাচিৰ বহু উপকাৰী গুণ আছে। বিশেষকৈ পুৰুষসকলে যদি নিশা শুৱাৰ পূৰ্বে এটাকৈ ইলাচি খাই তেন্তে বহু উপকাৰ লাভ কৰিব। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই।

Elaichi: নিশা শুৱাৰ পূৰ্বে পানীৰ সৈতে এটা ইলাচি খালে পুৰুষসকলৰ কি কি লাভ হয়? জানক...

ইলাচি

Published: 

06 Jan 2026 | 10:51 AM

প্ৰায় সকলোৰে ঘৰত থকা এবিধ মচলা হ’ল ইলাচি (Elaichi)। চাহৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰস্তুত কৰালৈকে সকলোতে ইলাচি ব্যৱহাৰ কৰা হয়। ইলাচিয়ে সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰো বহু উপকাৰ সাধন কৰে। ইলাচিত ভিটামিন চি, ভিটামিন বি, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, আইৰন, জিংক, মেংগনিজ আৰু কপাৰৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে। এই উপাদানবোৰে শৰীৰক পুষ্টি প্ৰদান কৰে, যাৰ ফলত বহু লাভ হয়।

পিছে আপুনি জানেনে এজন পুৰুষে যদি প্ৰতিদিনে পানীৰ সৈতে ইলাচি খাই তেন্তে বহু উপকাৰ লাভ কৰিব? এই সন্দৰ্ভত চাৰ্টিফাইড নিউট্ৰিয়নিষ্ট ৰাজমনী পেটেলে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ এই বিষয়টোক লৈ সবিশেষ জনাইছে।

পুৰুষৰ কি কি লাভ হয়?

  • টেষ্টষ্টেৰনৰঃ ইলাচিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে শৰীৰত চাপ কম কৰাত সহায় কৰে। যেতিয়া চাপ কম হয় তেতিয়া হৰম’নৰ ভাৰসাম্য ঠিক থাকে। যাৰ ফলত শৰীৰত টেষ্টষ্টেৰনৰ মাত্ৰা প্ৰাকৃতিক ভাৱে নিয়ন্ত্ৰণত থাকে।
  • ষ্টেমিনা আৰু শক্তি বৃদ্ধিঃ ইলাচিয়ে শৰীৰৰ তেজৰ চলাচল ভাল কৰাত সহায় কৰে। যেতিয়া তেজৰ চলাচল ভাল হয় তেতিয়া অক্সিজেন আৰু পুষ্টিকৰ উপাদান শৰীৰৰ সকলো অংগলৈ সহজে যায়। ইয়াৰ ফলত শৰীৰৰ শক্তি বৃদ্ধি পায়। ইয়াৰোপৰি ইলাচিয়ে ভাগৰ কমাই আৰু শৰীৰ সক্ৰিয় কৰি ৰাখে।
  • পাচনতন্ত্ৰঃ আজিকালি বিভিন্নজনৰ গেছ, পেটফুলা, এচিডিটি আদিৰ সমস্যা হোৱা দেখা যায়। এনে অৱস্থাত আপোনাক ইলাচিয়ে সহায় কৰিব পাৰে। ই পাচনপ্ৰক্ৰিয়া ভাল কৰি গেছৰ সমস্য়াৰ পৰা সকাহ দিয়ে। ইয়াৰোপৰি ই পেট ফুলা, এচিডিটি আদি কম কৰে।
  • মানসিক চাপ কমঃ ইলাচিত প্ৰাকৃতিক গোন্ধ থাকে যিয়ে মগজু শান্ত কৰি ৰাখে। যাৰ ফলত খিংখিঙীয়া ভাব কম হয়। ই মুড ভাল কৰে। ই পেশীবোৰ শান্ত কৰে। ইয়াৰ ফলত মনোযোগ প্ৰক্ৰিয়া ভাল কৰে।
  • হৃদযন্ত্ৰঃ ইলাচিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰো লগতে ই তেজৰ চলাচল ভাল কৰে, যাৰ ফলত হৃদযন্ত্ৰত কম চাপ পৰে। এনে অৱস্থাত ই হৃদযন্ত্ৰৰ সমস্যাৰ বাবে ভাল।

কেনেকৈ খাব

  • এটা সেউজীয়া ইলাচি ল’ব।
  • তাৰ গুটি কেইটা উলিয়াই কুহুমীয়া পানীৰ সৈতে খাব।
  • ইলাচিৰ বাকলি চোবাই খাব পাৰে।
  • নিশা শুৱাৰ ১০ মিনিট পূৰ্বে এয়া খাব।

 

অন্য খবৰ পঢ়কঃ একেৰাহে ৭ দিন পুৱা আমলখিৰ ৰস খালে শৰীৰৰ কি কি লাভ হয়? জানক…

 

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?