পুৰুষৰ সৈতে একে নহয় ! মহিলাৰ হাৰ্ট এটেকৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে ? জানক
মহিলাৰ হৃদৰোগ বা হাৰ্ট এটেকৰ লক্ষণবোৰ বেলেগ হ'ব পাৰে। কিছুমানে এই সমস্যাবোৰ সাধাৰণ বুলি ভাৱি আওকাণ কৰে। লক্ষণবোৰ জানক।
বৰ্তমান সময়ত প্ৰায় সংখ্যক লোক হাৰ্ট এটেকৰ বলি হৈছে। হাৰ্ট এটেকৰ পূৰ্বে বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰৰ ভিতৰত হঠাৎ বুকুৰ বিষ, হঠাতে ঘাম ওলোৱা, দৃষ্টিশক্তি ম্লান হোৱা আদি । মনকৰিবলগীয়া যে, সকলোৰে ক্ষেত্ৰত হাৰ্ট এটেকৰ লক্ষণবোৰ একে নহয়। বিশেষকৈ পুৰুষৰ শৰীৰত দেখা দিয়া লক্ষণসমূহ মহিলাৰ ক্ষেত্ৰত একে নহ’বও পাৰে।
বিশেষজ্ঞৰ মতে,অত্যধিক শাৰীৰিক পৰিশ্ৰম আৰু সঠিকভাৱে পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰা মহিলাৰ হাৰ্ট এটেকৰ অন্যতম প্ৰধান কাৰণ। ৰজোনিবৃত্তিৰ পিছত এগৰাকী মহিলাৰ হাৰ্ট এটেকৰ বৃদ্ধি পাব পাৰে।
মহিলাৰ ক্ষেত্ৰত কি কি লক্ষণে দেখা দিয়ে?
এগৰাকী মহিলাই অত্যন্ত ভাগৰুৱা অনুভৱ পৰিব পাৰে। ৰাতি পৰ্যাপ্ত টোপনি যোৱাৰ পাছতে ভাগৰ অনুভৱ কৰিব পাৰে। যদি মহিলাৰ ক্ষেত্ৰত এনে লক্ষণে দেখা দিয়ে, তেন্তে সাৱধান হোৱা উচিত। যদি এই সমস্যা বাঢ়ি গৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
হৃদৰোগৰ অৰ্থ কেৱল বুকুৰ বিষ নহয়। হাৰ্ট এটেকৰ পূৰ্বে হাত, পিঠি, ডিঙি, কঁকাল আদিত বিষ অনুভৱ কৰিব পাৰে। এইবোৰ অংশত বিষ হ’লে বহুতে পেশীৰ বিষ বুলি ভাবি আওকাণ কৰে।
টোপনিৰ অভাৱ হ’লেও সাৱধান হওক। ৰাতি যদি টোপনি নাহে বা বাৰে বাৰে সাৰ পাই থাকে বা টোপনিৰ সময়ত উশাহ লোৱাত অসুবিধা হৈছে, তেন্তে সাৱধান হোৱা উচিত।
মহিলাগৰাকীয়ে উশাহ লোৱাত কষ্ট পাব পাৰে। সাধাৰণতে বুকুৰ বিষ অনুভৱ নকৰে যদিও উশাহ লোৱাৰ সময়ত বুকুৰ বিষ অনুভৱ কৰিব পাৰে।
তদুপৰি, বমি আৰু ডিঙি আৰু বুকুত জ্বলা-পোৰা আদি লক্ষণ দেখা দিব পাৰে। খাদ্য খোৱাৰ পাছত এই সমস্যা হ’ব পাৰে।
মনত ভয় বাঢ়িব পাৰে। মানসিক অস্বস্তিত ভুগিব পাৰে। সৰু সৰু কিছুমান কথাত এগৰাকী মহিলা আতংকিত হ’ব পাৰে। ইয়াক মানসিক সমস্যা বুলি ভুল নকৰিব।