Bloating Problem: খাওক এই ঘৰুৱা পানীয়! ৫ মিনিটতে হ্ৰাস পাব পেট ফুলাৰ সমস্যা…
Bloating problem Remedy: আজিকালি বহুতে পেট ফুলাৰ সমস্যাত ভোগা দেখা যায়। এই ক্ষেত্ৰত বিভিন্নজনে বহু ঔষধ সেৱন কৰে। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।
প্ৰায়ভাগ মানুহে পেটফুলাৰ সমস্যাত ভোগা দেখা যায়। কিছুমানৰ খাদ্য গ্ৰহণ কৰাৰ পাছতো এই সমস্যা হোৱা দেখা যায়। কেতিয়াবা এই সমস্যা ইমানেই বাঢ়ি যায় যে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ বাবে মানুহে বিভিন্ন ঔষধ সেৱন কৰে। কিন্তু আপুনি কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা এই সমস্যাৰ পৰা সকাহ পাব পাৰে? প্ৰাকৃতিক উপায়ৰ দ্বাৰা আপুনি পেটৰ সমস্যা বহু পৰিমাণে কম কৰিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে নিউট্ৰেনিচিষ্ট নেহা সাহাই। তেওঁ ইনষ্টাগ্ৰামত এই সম্পৰ্কে এটা ভিডিঅ’ আপলোড কৰিছে।
কি কৰিব
নিউট্ৰেনিচিষ্টগৰাকীয়ে কয় যে, খাদ্য গ্ৰহণ কৰাৰ পাছত পেট ফুলাৰ সমস্যা হোৱা সাধাৰণ কথা। বহু সময়ত খাদ্য গ্ৰহণ কৰাৰ পাছত পেটটো ফুলি টানি ধৰাৰ দৰে অনুভৱ হয়। এই সমস্যাৰ পৰা সকাহ পাবলৈ আপোনাক ৪ টা বস্তুই সহায় কৰিব পাৰে। বিশেষ ৪ টা বস্তুৰ দ্বাৰা বনোৱা এক প্ৰকাৰৰ পানীয়ই এই সমস্যাৰ পৰা সকাহ দিব পাৰে।
কি কি লাগিব
- ১-২ সৰু চামুচেৰে চফ
- ১ টুকুৰা আদা
- ৪-৫টা পদিনা পাত
- নেমু ৰস অলপ
কেনেকৈ তৈয়াৰ কৰিব
এই আটাইকেইটা বস্তু একেলগে লৈ ল’ব। পাছত এটা গিলাচত গৰম পানী লৈ এইখিনি মিহলি কৰিব দিব। পানীখিনি ৫ মিনিট সময় ঢাকি ৰাখিব। পাছত পানী খিনি চেকি লৈ কুহুমীয়া হোৱাৰ পাছত লাহে লাহে পি খাব। পানী বহুত বেছি গৰম হ’ব নালাগে।
View this post on Instagram
কিয় ভাল
উল্লেখ্য যে, চফত এনে কিছুমান উপাদান থাকে যিয়ে মাংসপেশীক আৰাম দি গেছ বাহিৰ কৰাত সহায় কৰে। আদাই পাচন প্ৰক্ৰিয়া দ্ৰুত কৰে আৰু পেটৰ জলন হ্ৰাস কৰে। পদিনাই ঠাণ্ডা কৰে আৰু বদহজমৰ সমস্যা কমায়। ইয়াৰ লগতে নেমুই শৰীৰৰ অতিৰিক্ত ছডিয়াম আৰু বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। গতিকে এই আটাইকেইটা বস্তু গৰম পানীৰ সৈতে মিহলাই খালে পেট ফুলাৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।
(অৱশ্যে আপোনাৰ যদি কোনো ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল)
অন্য খবৰ পঢ়কঃ প্ৰতিদিনে পুৱা এমাহলৈ খাওক এই ঘৰুৱা জুচ! কম হৈ পৰিব পেটৰ চৰ্বি…