Walking: শীতকালত পুৱা খোজ কঢ়া ভাল নে বেয়া? জানক চিকিৎসকৰ পৰা…

Walking: খোজকঢ়াৰ বহু উপকাৰী গুণ আছে। যাৰ বাবে বহুতে পুৱা খোজ কাঢ়ে। এতিয়া শীতকাল পৰিছে। গতিকে প্ৰশ্ন হয়, শীতকালত পুৱা খোজ কঢ়া শৰীৰৰ বাবে ভাল নে বেয়া? ইয়াৰ ফলত শৰীৰৰ উপকাৰ হয়নে?

Walking: শীতকালত পুৱা খোজ কঢ়া ভাল নে বেয়া? জানক চিকিৎসকৰ পৰা...

খোজকঢ়া

Published: 

21 Nov 2025 14:18 PM

খোজকঢ়াৰ উপকাৰী গুণ বহুত আছে। যাৰ বাবে বহুতে পুৱাৰ ভাগত বা সন্ধিয়া খোজ কাঢ়ে। পুৱাৰ সময়খিনি খোজ কঢ়াৰ বাবে উত্তম সময় বুলি গণ্য কৰা হয়। কিন্তু প্ৰশ্ন হয়, শীতকালত পুৱা ঠাণ্ডা বতাহত খোজ কঢ়া ভাল নে বেয়া? এই সময়চোৱাত আমাৰ শৰীৰৰ তেজৰ সোঁত অলপ লেহেমীয়া হয়। কিন্তু খোজকাঢ়িলে শৰীৰৰ শক্তি বৃদ্ধি পায়। ইয়াৰোপৰি ই হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ বাবে ভাল।খোজ কঢ়াৰ ফলত তেজৰ সোঁত উন্নত হয়, পেশী শক্তিশালী হয় আৰু লগতে মানসিক চাপ কমি যায়।

খোজ নাকাঢ়িলে কি হয়

যদি আপুনি খোজ নাকাঢ়ে বা কোনো শাৰীৰিক কাৰ্যকলাপ নকৰে তেন্তে শৰীৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। ইয়াৰ ফলত ওজন বৃদ্ধি, মেদবহুলতা, তেজত চুগাৰ বৃদ্ধি আদি সমস্যা হ’ব পাৰে। ইয়াৰোপৰি হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা দুৰ্বল হৈ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰল লগতে খোজ নাকাঢ়িলে পেশীৰ দুৰ্বলতা, গাঁঠিৰ বিষ, ভাগৰুৱা আদি সমস্যা হ’ব পাৰে। মানসিক স্বাস্থ্যও প্ৰভাৱিত হয়।  কিয়নো শাৰীৰিক কাৰ্যকলাপে মানসিক চাপ কম কৰে।

পুৱা শীতকালত খোজ কঢ়া ভাল নে বেয়া

লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে এই সন্দৰ্ভত সবিশেষ জনাইছে। তেওঁ কয় যে, শীতকালত পুৱা ঠাণ্ডা বতাহত খোজ কঢ়া নিৰাপদ বুলি গণ্য কৰা হয়। কিন্তু এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। শীতল বতাহত খোজ কাঢ়িলে তেজৰ সোঁত উন্নত হয় আৰু বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ হয়। কিন্তু যদি হাঁপানী, ৰক্তচাপ বা হৃদৰোগত কোনো লোক আক্ৰান্ত হয় তেন্তে অধিক সাৱধানতা অৱলম্বন কৰা উচিত।

ইয়াৰোপৰি  গৰম কাপোৰ পৰিধান নকৰাকৈ বা ষ্ট্ৰেচিং নকৰাকৈ খোজ কাঢ়িলে পেশীৰ আঘাত বা চৰ্দি হ’ব পাৰে। খোজ কঢ়াৰ সময় পুৱা সোনকালে বা মাজভাগত হ’ব লাগে। যাতে শৰীৰ সক্ৰিয় হৈ পৰে।

কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?

গৰম কাপোৰ পৰিধান কৰিব লাগে। কিছু সময় ষ্টেচিং কৰা দৰকাৰ, অন্তত ১০-১৫ মিনিট সময়। বেছি ঠাণ্ডা হ’লে হাত-ভৰি ঢাকি ৰাখিব আৰু লাহে লাহে খোজ কাঢ়িব। পানী খাই থাকিব। প্ৰয়োজনত মাস্ক পৰিধান কৰিব।

 

 

অন্য খবৰ পঢ়কঃ হ’ব সৰ্বনাশ! ক’লা তৰপ থকা পিঁয়াজ খালে স্বাস্থ্যৰ কি কি ক্ষতি হ’ব পাৰে, জানক…

ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...
থেলাছেমিয়া ৰোগৰ লক্ষণ আৰু কাৰণ কি, জানক সকলো...
এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !