Plastic Bottle: প্লাষ্টিকৰ বটলত পানী খাই নেকি? হ’ব পাৰে ডাঙৰ ক্ষতি, জানক…

Plastic Bottle: আজিকালি বহুতে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে। বহুতে প্লাষ্টিকৰ বটলত পানী খায়। কিন্তু আপুনি জানেনে প্লাষ্টিকৰ বটলত পানী খালে বিভিন্ন সমস্যা আহিবা পাৰে। এই ক্ষেত্ৰত জনা দৰকাৰ।

Plastic Bottle: প্লাষ্টিকৰ বটলত পানী খাই নেকি? হব পাৰে ডাঙৰ ক্ষতি, জানক...

প্লাষ্টিক বটল

Published: 

05 Dec 2025 | 10:51 AM

আপুনি প্লাষ্টিকৰ বটলত পানী খাই নেকি? যদি খাই তেন্তে সেয়া বন্ধ কৰক। কিয়নো ই আপোনাৰ স্বাস্থ্যৰ ডাঙৰ ক্ষতি কৰিব পাৰে। শেহতীয়াকৈ প্লাষ্টিকৰ বটল সন্দৰ্ভত গৱেষণাত এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। যত উল্লেখ আছে যে, এই বটলবোৰৰ পৰা নিৰ্গত হোৱা নেন’প্লাষ্টিক কণাবোৰে শৰীৰৰ ভিতৰত পেটৰ কোষবোৰৰ ক্ষতি কৰিছে। RSC Publishing এই গৱেষণাৰ তথ্য প্ৰকাশ কৰা হৈছে।

গৱেষণাত প্ৰকাশ পাইছে যে, প্ৰতিদিনে প্লাষ্টিকৰ বটলত পানী, পানীয় আদি সেৱন কৰা বেয়া। এই বটলত যিকোনো পানীয় গ্ৰহণ কৰাতো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। দীৰ্ঘদিন ধৰি নেন’প্লাষ্টিকৰ সংস্পৰ্শলৈ আহিছে পেটৰ কোষ আৰু অন্ত্ৰৰ বাৰিৰৰ বেৰ দুৰ্বল হৈ পৰে। এই কণিকাবোৰে শৰীৰৰ ৰক্তকণিকাবোৰক আক্ৰমণ কৰে। আনকে দীৰ্ঘদিন এনে হৈ থাকিলে প্ৰদাহ।

কিয় ক্ষতিকাৰক

গৱেষণাৰ পৰা দেখা গৈছে যে, প্লাষ্টিকৰ বটলবোৰ গৰম আৰু সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ ফলত ইয়াৰ অৱনতি ঘটে। প্লাষ্টিকবোৰ ভাঙি মিহি সৰু সৰু কণালৈ ৰূপান্তৰিত হয়, যিবোৰ চকুৰে দেখা পোৱা নাযায়। এই ক্ষুদ্ৰ কণাবোৰক নেন’প্লাষ্টিক বুলি কোৱা হয়। এই সৰু টুকুৰাবোৰ অতি কম পানীতো মিহলি হৈ যায়। গতিকে যেতিয়া প্লাষ্টিকৰ বটলত পানী খোৱা যায় তেতিয়া এই কণাবোৰ শৰীৰত প্ৰৱেশ কৰি অন্ত্ৰৰ ক্ষতি কৰে। ইয়াৰ ফলত আন্ত্ৰিক অংশত থকা ভাল বেক্টেৰিয়াবোৰো বিঘ্নিত হৈ বদহজম, গেছ, পেটৰ বিষ আদি সমস্যাৰ সৃষ্টি হয়।

গৱেষণাৰ পৰা দেখা গৈছে যে, এই নেন’প্লাষ্টিকবোৰ উশাহৰ জৰিয়তে তেজত দ্ৰৱীভূত হয়। কেৱল পেট নহয়, ই আন বহু অংগৰ ক্ষতি কৰে। ই বৃক্ক, যকৃতৰ ক্ষতি কৰে। দীৰ্ঘদিন এই প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিলে কেন্সাৰ পৰ্যন্ত হ’ব পাৰে।

কেনেকৈ গৱেষণা কৰা হৈছিল

এই গৱেষণাত প্লাষ্টিকৰ বটলৰ পৰা নেন’প্লাষ্টিক কণা সংগ্ৰহ কৰা হৈছিল। ঘৰুৱা কামত ব্যৱহাৰ কৰা বটল, পানী, পানীয় আদিৰ পৰা এইবোৰ সংগ্ৰহ কৰা হৈছিল। এই গৱেষণাই স্পষ্ট কৰি দিছে যে প্ৰদূষণৰ লগতে ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। গতিকে প্লাষ্টিকৰ ব্যৱহাৰ কৰিব নালাগে।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ মাত্ৰ ৫ টা অভ্যাস! জীৱনলৈ আহিব উন্নতি, দূৰ হ’ব সমস্যা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...