তিতা কেৰেলাৰ ‘মিঠা’ গুণঃ এইদৰে কৰক ব্যৱহাৰ, জিলিকি উঠিব দুগাল
সোৱাদত তিতা হ’লেও তিতা কেৰেলাৰ আছে অনেক গুণ। তিতা কেৰেলা খালে দেহে বহু উপকাৰিতা লাভ কৰে। সমান্তৰালকৈ ছালৰ যত্ন তথা সৌন্দৰ্য চৰ্চাতো তিতা কেৰেলা অত্যন্ত উপকাৰী বিবেচিত হয়।

দুপৰীয়াৰ ভাত সাঁজ সমুখত লৈ কাঁহীখনত তিতা কেৰেলা দেখিলে প্ৰায় লোকে ভ্ৰু কোঁচায়। মুখত দিয়াৰ আগতেই কেৰেলাৰ তিতা সোৱাদ জিভাত লাগে। অৱশ্যে সকলোৱেই যে তিতা কেৰেলা বেয়া পায়, তেনেও নহয়। পিছে সোৱাদত তিতা হ’লেও তিতা কেৰেলাৰ আছে অনেক গুণ। তিতা কেৰেলা খালে দেহে বহু উপকাৰিতা লাভ কৰে। সমান্তৰালকৈ ছালৰ যত্ন তথা সৌন্দৰ্য চৰ্চাতো তিতা কেৰেলা অত্যন্ত উপকাৰী বিবেচিত হয়। এই পাচলিবিধত এনে কিছুমান উপাদান থাকে, যি আমাৰ ছালৰ স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
তিতা কেৰেলাত ভিটামিন চি, বিটা-কেৰটিন আদি উপাদান থাকে। এই উপাদানসমূহে ছালৰ স্বাস্থ্য উন্নত কৰে। এই পাচলিবিধে ছালখন সুৰক্ষিত কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে ই ছালৰ উজ্জলতা বজাই ৰাখিব পাৰে। এনে সুফল লাভৰ বাবে আপুনি ছালত তিতা কেৰেলা কিদৰে ব্যৱহাৰ কৰি, চাওক এই বিষয়ে–
নিম, হালধি আৰু তিতা কেৰেলাৰ ফেচ পেকঃ নিম আৰু হালধি, এই দুয়োবিধ সামগ্ৰী ছালৰ বাবে অতি উপকাৰী। ছালৰ সমস্যা হ্ৰাস কৰা আৰু ছালৰ উজ্জলতা বৃদ্ধিৰ বাবে নিম আৰু হালধি অতি উপযোগী। ইয়াৰ লগতে যদি তিতা কেৰেলা মিহলাই দিয়া হয়, তেতিয়া দুগুণ ফল পোৱা যাব। ইয়াৰ বাবে নিম পাত আৰু তিতা কেৰেলা একেলগে পেষ্ট কৰিব লাগে। তাত সামান্য হালধি গুড়ি মিহলাই লওক। তাৰ পিছত মুখত লগাব পাৰে। এই ফেচ পেকে ব্ৰণ আঁতৰায়।
তিয়ঁহ আৰু তিতা কেৰেলাৰ ফেচ পেকঃ এই ফেচ পেকে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। তিয়ঁহ আৰু তিতা কেৰেলাৰ পেষ্ট একেলগে বনাওক। ইয়াৰ বাহিৰেও তিয়ঁহ আৰু তিতা কেৰেলাৰ পেষ্টৰ পৰা ৰস উলিয়াই লওক। সেই ৰসো আপুনি মুখত লগাব পাৰে। ১৫-২০ মিনিট মুখত লগাই থৈ মুখখন ধুব। এই ফেচ পেক সপ্তাহত ২-৩ দিন ব্যৱহাৰ কৰিলে পাৰ্থক্য লক্ষ্য কৰিব।
কণী, দৈ আৰু তিতা কেৰেলাৰ ফেচ পেকঃ কণীয়ে ছালত পৰা বয়সৰ ছাপ ৰোধ কৰাত সহায় কৰে। আনহাতে দৈ ছালৰ আৰ্দ্ৰতা বজাই ৰখা আৰু দাগ কমোৱাত ফলপ্ৰসূ। ইয়াৰ লগত তিতা কেৰেলা মিহলাই পেষ্ট বনাব। কণীৰ কুহুম মিহলাই ফেচ পেক বনাই ২০ মিনিট মুখত লগাব। তাৰ পিছত মুখখন ধুব। এইদৰে আপোনাৰ ছালৰ উজ্জলতা বৃদ্ধি পাব।