স্বাস্থ্য, স্মৃতিশক্তি আৰু ভাল টোপনিৰ বাবে শোৱাৰ সঠিক দিশ জানি লওক

ভুল দিশত শুলে জীৱনত অশান্তিৰ সৃষ্টি হ’ব পাৰে। বহুতৰে জীৱনত টোপনিৰ লগত জড়িত বিভিন্ন সমস্যা থাকে। বহুতৰ ৰাতি টোপনি নাহে। ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে ভুল দিশত শোৱা বা মূৰটো ভুল দিশত ৰাখি শুই থকা।

স্বাস্থ্য, স্মৃতিশক্তি আৰু ভাল টোপনিৰ বাবে শোৱাৰ সঠিক দিশ জানি লওক
Published: 

15 Dec 2025 13:25 PM

শোৱাৰ উত্তম দিশ কোনটো? কোন দিশত শুলে বৃদ্ধি হয় আয়ুস, স্মৃতি শক্তি, জীৱনত নাথাকে কোনো সমস্যা। এই প্ৰশ্ন প্ৰায় সংখ্যক লোকৰ মনত উত্থাপিত হয়। ভুল দিশত শুলে জীৱনত অশান্তিৰ সৃষ্টি হ’ব পাৰে। বহুতৰে জীৱনত টোপনিৰ লগত জড়িত বিভিন্ন সমস্যা থাকে। বহুতৰ ৰাতি টোপনি নাহে। ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে ভুল দিশত শোৱা বা মূৰটো ভুল দিশত ৰাখি শুই থকা। গতিকে বাস্তুশাস্ত্ৰৰ মতে শোৱাৰ সঠিক দিশ কোনটো জানোঁ আহক।

পূব দিশ: পূব দিশ শিক্ষা আৰু আধ্যাত্মিক বিকাশৰ লগত জড়িত। গতিকে এই দিশত মূৰটো ৰাখি শুলে একাগ্ৰতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। সেইবাবেই পৰিৱেশ বিজ্ঞানীসকলে ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু শিক্ষাদানৰ লগত জড়িত লোকসকলক মূৰটো পূব দিশলৈ লৈ শুবলৈ পৰামৰ্শ দিয়ে। এই দিশত শুলে স্মৃতি শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।

পশ্চিম দিশ: মূৰটো পশ্চিম দিশত ৰাখি শুই থাকিলে কোনো সমস্যা নাই যদিও বহুক্ষেত্ৰত এই দিশত মূৰটো ৰাখি শুলে মনত অস্থিৰতা আহিব পাৰে। কিন্তু একাংশই বিশ্বাস কৰে পশ্চিম দিশত মূৰটো থৈ শুব পাৰি। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায়।

উত্তৰ দিশ: মূৰটো উত্তৰ দিশত ৰাখি শুব নালাগে। এই দিশত শুলে আপোনাৰ জীৱনত অশুভ প্ৰভাৱ পৰিব পাৰে। গতিকে শুই থকাৰ সময়ত কেতিয়াও উত্তৰ দিশত মূৰটো ৰাখিব নালাগে।

দক্ষিণ দিশ: বাস্তুৰ মতে মূৰটো দক্ষিণ দিশত ৰাখি শুব লাগে। শোৱাৰ বাবে দক্ষিণ দিশটো অতি উত্তম। এই দিশত শোলে টোপনি ভাল হয় বুলি কোৱা হয়। পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ লগত আমাৰ শৰীৰ সংযুক্ত। ফলত টোপনিৰ সমস্যা নহয়। ফলত শৰীৰ সুস্থ হৈ থাকে আৰু মনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে।

স্পষ্টীকৰণ: বিভিন্ন উৎসৰ তথ্য আৰু সামাজিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন কেৱল শিক্ষাৰ বাবে প্ৰস্তুত কৰা হৈছে। কোনো কাৰণতে TV9 অসমীয়া দায়ী নহয়।

আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা