বাৰীৰ গোলাপতে আছে আপোনাৰ পেটৰ সমস্যা নিৰাময়ৰ গুণ, বাবা ৰামদেৱে দিলে এই বিধান…
তঞ্জলিৰ প্ৰতিষ্ঠাপক তথা যোগগুৰু বাবা ৰামদেৱে নিজা ছ’চিয়েল মিডিয়া হেণ্ডেলত এক পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টটোত তেওঁ কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাসৰ উপায় আগবঢ়াইছে।

বাবা ৰামদেৱ
সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে বহুতো স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে। এনে সমস্যাসমূহৰ ভিতৰত পেটৰ লগত জড়িত সমস্যাও অন্যতম। সাধাৰণতে দৈনিক জাংক ফুড, পেকজড ফুড, তেল-মছলাযুক্ত খাদ্য যদি খোৱা হয়, তেতিয়া হজম শক্তিত যথেষ্ট কু-প্ৰভাৱ পেলাব পাৰে। গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা এতিয়া সাধাৰণ হৈ পৰিছে। এই সমস্যাসমূহৰ পৰা মুক্তি পাবলৈ মানুহে বহু ব্যৱস্থা গ্ৰহণ কৰে আৰু কিছুমানে আনকি ঔষধো গ্ৰহণ কৰে।
পিছে কোষ্ঠকাঠিন্যৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে খাদ্যৰ কিছু পৰিৱৰ্তন কৰিব লাগিব। ইয়াৰ উপৰিও এনে সমস্যাৰ পৰা সকাহৰ ক্ষেত্ৰত সহায়ক কিছুমান শাক-পাচলি আৰু ফল-মূলো আছে। শেহতীয়াকৈ পতঞ্জলিৰ প্ৰতিষ্ঠাপক তথা যোগগুৰু বাবা ৰামদেৱে নিজা ছ’চিয়েল মিডিয়া হেণ্ডেলত এক পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টটোত তেওঁ কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাসৰ উপায় আগবঢ়াইছে।
পতঞ্জলিৰ প্ৰতিষ্ঠাপক তথা যোগগুৰু বাবা ৰামদেৱে উল্লেখ কৰা মতে, ৰেড ড্ৰেগন ফ্ৰুট পেটৰ বাবে অতি উপকাৰী। এই ফলে তেজ বৃদ্ধিতো সহায় কৰে। তেওঁ ভিডিঅ’টোত লগতে কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত ৰেড ড্ৰেগন ফ্ৰুট অতি উপকাৰী বুলি জানিবলৈ দিয়ে। লগতে এই ফল খালে ছাল উজ্জ্বল হয় আৰু শৰীৰ শক্তিশালী হৈ থাকে বুলিও তেওঁ প্ৰকাশ কৰিছে। এই ফলক তেওঁ কোষ্ঠকাঠিন্যৰ নিশ্চিত ঔষধ বুলি অভিহিত কৰিছে।
বাবা ৰামদেৱে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত আন এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত তেওঁ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিবলৈ ঘৰুৱা উপায়ৰ কথা কৈছে। এই ক্ষেত্ৰত তেওঁ গোলাপ ফুলক অতি উপকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে গোলাপ মগজু, পেট আৰু এচিডিটিৰ ঔষধ। ইয়াত তেওঁ গোলাপৰ পৰা তৈয়াৰী গুলকান্দৰ বিষয়েও উল্লেখ কৰে।
এই গুলকান্দ কোষ্ঠকাঠিন্য, এচিডিটি বা গেছৰ সমস্যা থকা লোকৰ বাবে গোলাপ যথেষ্ট উপকাৰী। লগতে কলাইটিছতো এই ঔষধে সকাহ প্ৰদান কৰে বুলি কোৱা হৈছে।