শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অত্যাধিক ওজন বৃদ্ধি বা হ্ৰাস পোৱাৰ সমস্যাত ভুগিছে নেকি? বাবা ৰামদেৱে দিলে টিপছ…

আজিকালি প্ৰায়ভাগ মানুহে মেদবহুলতাৰ সমস্যাত ভোগে। ইয়াৰ বিপৰীতে কিছুমান অত্যাধিক ওজন হ্ৰাস পায়। তেনেস্থলত আয়ুৰ্বেদত এনে কিছুমান উপায় আছে যি এই সমস্যাৰ বাবে ফলপ্ৰসূ।

অত্যাধিক ওজন বৃদ্ধি বা হ্ৰাস পোৱাৰ সমস্যাত ভুগিছে নেকি? বাবা ৰামদেৱে দিলে টিপছ…
শকতImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Jul 2025 15:19 PM

বৈদিক যুগৰ পৰাই আয়ুৰ্বেদ ভাৰতত আছে আৰু স্বাস্থ্যজনিত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ই মানুহক সহায় কৰি আহিছে। সময়ৰ লগে লগে অন্য দৰৱ বজাৰত ভৰি পৰিলেও পতঞ্জলিয়ে সময়ে সময়ে জনতাৰ বিশ্বাস জয় কৰি আহিছে। আয়ুৰ্বেদিক ঔষধৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীলৈকে মানুহে বিভিন্ন ধৰণৰ পতঞ্জলি সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱেও মানুহক সুস্থ হৈ থাকিবলৈ টিপচ দি থাকে।

মেদবহুলতা আজিৰ সময়ত এক ডাঙৰ সমস্য়া। প্ৰায়ভাগ মানুহে ওজন বৃদ্ধিৰ সমস্যাত ভোগে। ইয়াৰ কাৰণ মানুহৰ জীৱনশৈলী, খাদ্যভাস বা বিভিন্ন হ’ব পাৰে। মেদবহুলতাৰ ফলত মানুহৰ বহু স্বাস্থ্যজনিত সমস্যাও বৃদ্ধি পায়। গতিকে মানুহ সুস্থ আৰু স্বাভাৱিত ওজনত থকাতো প্ৰয়োজন। মেদবহুলতাৰ সমান্তৰালকৈ অধিক ওজন কম হোৱাও ডাঙৰ সমস্যা।

যদি আপুনি বেছি ক্ষীণ, কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ওজন কমি আহিছে, একো খাবলৈ মন নাযায়, ওজন নিয়ন্ত্ৰণত নাথাকে তেন্তে ই চিন্তাৰ বিষয় হ’ব পাৰে। এনে ক্ষেত্ৰত বাবা ৰামদেৱে কোৱা পদ্ধতিটো চেষ্টা কৰিব পাৰে। এই লেখাটোত আমি এই বিষয়ে বিতংভাৱে জনাম।

ওজন কম হ’লে কি কৰিব

বাবা ৰামদেৱে কয় যে এগৰাকী মহিলাৰ ওজন ক্ৰমাগতভাৱে কমি আহিছিল। পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে তেওঁৰ মাত্ৰ ২৮ কিলোগ্ৰামলৈ হ্ৰাস ওজন হৈছিল। যাৰ বাবে তেওঁ দৈনন্দিন কামবোৰো কৰিব পৰা নাছিল। কিন্তু পাছত তেওঁৰ ওজন ২৮ ৰ পৰা ৩৮ কিঃগ্ৰাঃ লৈ বৃদ্ধি পায়। বাবা ৰামদেৱে কয়,  যদি আপুনি ওজন বৃদ্ধি কৰিব বিচাৰে তেন্তে ঔষধ সেৱন নকৰিব। কিন্তু অশ্বগন্ধা, শতবৰ, কল, আম, খেজুৰ, গাখীৰ আদি খাব লাগে।ইয়াৰ বাহিৰেও যোগাসন কৰিব লাগে। ইয়াৰ দ্বাৰা আপুনি সুস্থ ওজন বৃদ্ধি কৰিব পাৰে।

 

 

View this post on Instagram

 

A post shared by Swami Ramdev (@swaamiramdev)

ওজন কম কৰাৰ বাবে কি কৰিব

বাবা ৰামদেৱে ওজন কমাবলৈ যোগাসনৰ পৰামৰ্শ দিছে। যি আপুনি দৈনন্দিন জীৱনত সহজে কৰিব পাৰে।  ইয়াৰ ফলত পেটৰ চৰ্বিও কমি যাব। এই সকলোবোৰ আসন মধুমেহ ৰোগত আক্ৰান্তসকলৰ বাবেও উপকাৰী। প্ৰথম আসনটো হ’ল মাণ্ডুকাসন, য’ত বজ্ৰাসনত বহি পেটত হাত ৰাখি আগলৈ থাকিব লাগে। ইয়াৰ বাহিৰেও বক্ৰাসন কৰিব পাৰে। পৱনমুক্তাসনও সহজ কিন্তু ফলপ্ৰসূ যোগাসন। আপোনাৰ হজম শক্তিৰ বাবেও উপকাৰী। ওজন হ্ৰাসৰ বাবে এই যোগ ভংগীমা শৃংখলাত উত্তনপদ আসন, সৰ্বাংগাসন, হালাসন, চক্কীচালনাসন, অৰ্ধনৱাসন, শালাভাসন কৰাৰো পৰামৰ্শ দিছে বাবা ৰামদেৱে।

 

 

View this post on Instagram

 

A post shared by Swami Ramdev (@swaamiramdev)

সমস্যা

ওজন বৃদ্ধি হ’লে ডায়েবেটিছকে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি ওজন অত্যাধিক কমি অহাও ডাঙৰ সমস্যা হব পাৰে। যদি এইবোৰ উপায় কৰাৰ পাছতো সমাধান নহয় তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ সঘনাই টেঙা উগাৰ আহি থাকে নেকি? ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় জানক…