শৰীৰত বাৰে বাৰে বিষ কিয় হয় জানেনে? জানক চিকিৎসকৰ পৰা…
আজিকালি মানুহৰ বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিছুমানে সঘনাই ফুলা বা বিষৰ সমস্যাত ভোগে। বহুতৰ চকু, হাত, ভৰি ফুলা বা বিষ হোৱা দেখা যায়। সকলো সময়তে ই সাধাৰণ নহ'ব পাৰে।

বিভিন্নজনে বহু সময়ত শৰীৰত সঘনাই ফুলা আৰু বিষ হোৱাৰ সমস্যাত ভোগে। ই ভাগৰ বা অন্য কাৰণত হোৱা বুলি ভবা যায় যদিও সকলো সময়তে ই সাধাৰণ নহ’ব পাৰে। যি অন্য ৰোগৰ লক্ষণ হ’ব পাৰে। এই লক্ষণ হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ডৰ ভাৰসাম্যহীনতা আনকি মানসিক সমস্যাৰো মূল কাৰণ হৈ পৰিব পাৰে। যদি আপুনি প্ৰায়ে পুৱা সাৰ পোৱাৰ সময়ত মুখ বা ভৰিৰ মৃদু ফুলা আৰু ভাগৰ অনুভৱ কৰে, তেন্তে ইয়াক আওকাণ নকৰিব। ইয়াৰ ফলত লাহে লাহে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
শৰীৰত প্ৰদাহ হোৱাটো এটা স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। ই বিভিন্ন কাৰণত হ’ব পাৰে। কিন্তু কেতিয়াবা ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে ই সুস্থ কোষকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত গাঁঠি, ছাল, অন্ত্ৰ আনকি হৃদযন্ত্ৰও প্ৰভাৱিত হ’ব পাৰে। দীৰ্ঘদিনীয়া ফুলাৰ সমস্যা বা বিষ ডায়েবেটিছ, হৃদৰোগ, মেদবহুলতা আনকি কেন্সাৰৰ সৈতেও জড়িত হ’ব পাৰে।
অটোইম্যুন ৰোগ
গাজিয়াবাদ জিলা চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সন্তৰাম বাৰ্মাই কয় যে অটোইম্যুন ৰোগ শৰীৰত অহৰহ বিষ আৰু ফুলাৰ কাৰণ হ’ব পাৰে। কেতিয়াবা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ কোষবোৰত ধ্বংস কৰিবলৈ আৰম্ভ কৰে। এই অৱস্থাক অটোইম্যুন ডিজিজ বুলি কোৱা হয়। বাতবিষ, লুপাছ আৰু মাল্টিপল স্ক্লেৰোচিছৰ দৰে ৰোগত প্ৰদাহ স্থায়ী হৈ থাকে আৰু অংগসমূহৰ বিষ, ভাগৰ আৰু ফুলাৰ দৰে লক্ষণ দেখা দিয়ে।
পাচনতন্ত্ৰৰ সমস্যা
আন্ত্ৰিক স্বাস্থ্যই আমাৰ সমগ্ৰ শৰীৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। যেতিয়া পাচনতন্ত্ৰত বিঘিনি ঘটে—যেনে ইৰিটেবল বাৱেল চিনড্ৰম (IBS), লিকি গট চিনড্ৰম বা কোষ্ঠকাঠিন্য—তেতিয়া ই শৰীৰত প্ৰদাহ বা ফুলাৰ লক্ষণ দেখা দিয়ে। আন্ত্ৰিক স্বাস্থ্যৰ দুৰ্বলতাই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত প্ৰদাহ বৃদ্ধি পাব পাৰে।
ভুল খাদ্য আৰু জীৱনশৈলী
ভজা খাদ্য, প্ৰচেছড আৰু চেনিযুক্ত খাদ্য, ৰেড মীট আৰু ট্ৰেন্স ফেট অত্যধিক সেৱনৰ ফলত এই সমস্যা হ’ব পাৰে। লগতে ধূমপান, মদ্যপান, ব্যায়ামৰ অভাৱ, টোপনিৰ মানদণ্ড আৰু অহৰহ মানসিক চাপ আদিও ইয়াৰ প্ৰধান কাৰণ। এই ধৰণৰ জীৱনশৈলীয়ে শৰীৰত প্ৰদাহৰ চিহ্ন যেনে CRP (C-reactive protein) বৃদ্ধি কৰে, যিয়ে শৰীৰৰ আভ্যন্তৰীণ প্ৰদাহৰ ইংগিত দিয়ে।
এলাৰ্জী, সংক্ৰমণ আৰু আঘাত
কেতিয়াবা বাহ্যিক কাৰণ যেনে খাদ্যৰ এলাৰ্জী, ধূলি বা যিকোনো ভাইৰাছ-বেক্টেৰিয়াৰ সংক্ৰমণেও বাৰে বাৰে প্ৰদাহৰ সৃষ্টি কৰিব পাৰে। এনে ক্ষেত্ৰত ছাল, চকু, ডিঙি বা শ্বাস-প্ৰশ্বাসতন্ত্ৰ ফুলা অনুভৱ কৰিব পাৰে। কেতিয়াবা পুৰণি আঘাতৰ স্থানো ফুলি উঠা দেখা যায়। গতিকে দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
অন্য খবৰ পঢ়কঃ সঘনাই টেঙা উগাৰ আহি থাকে নেকি? ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় জানক…