চৰকাৰৰ সিদ্ধান্ত! এতিয়াৰ পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো প্ৰতিষ্ঠানে…

মহিলাসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত অনুসৰি, কোনো মহিলাক নিশা কাম কৰিবৰ বাবে বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে। অন্য সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

চৰকাৰৰ সিদ্ধান্ত! এতিয়াৰ পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো প্ৰতিষ্ঠানে...

প্ৰতীকী ফটো

Updated On: 

05 Aug 2025 16:19 PM

মহিলাৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহে। ইয়াৰ মাজতে এখন ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। মহিলাৰ সুৰক্ষাৰ লগত জড়িত বিষয়ৰ ওপৰত অধিসূচনা জাৰি কৰি চৰকাৰে কৈছে যে মহিলা কৰ্মচাৰীক নিশা কাম কৰাৰ বাবে কোনোৱে বাধ্য কৰাব নোৱাৰিব। চৰকাৰখনে দোকান-পোহাৰ আৰু বাণিজ্যিক প্ৰতিষ্ঠানত কাম কৰা মহিলাসকলৰ বাবে এক নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই অধিসূচনা জাৰি কৰিছে।

ওড়িশাৰ শ্ৰম আৰু ই এছ আই বিভাগে জাৰি কৰা এই অধিসূচনা অনুসৰি কোনো মহিলা কৰ্মচাৰীক নিশা কাম কৰাৰ বাবে কোনোৱে জোৰ কৰিব নোৱাৰে। ইয়াৰ বাবে কোম্পানীসমূহে মহিলাসকলৰ পৰা লিখিতভাৱে ল’ব লাগিব যে তেওঁলোকে নিজৰ ইচ্ছামতে নিশা কাম কৰিছে। চৰকাৰে লগতে কয় যে, মহিলাসকলে নিশাৰ ভাগত অকলে কাম কৰিব নোৱাৰিব। যিকোনো শ্বিফ্টত কমেও ৩ গৰাকী মহিলা থাকিব লাগিব। মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কোম্পানীসমূহে পিক-আপ আৰু ড্ৰপৰ সুবিধা প্ৰদান কৰিব লাগিব।

লগতে কয় যে, মহিলাক অনা-নিয়া কৰা বাহনত জিপিএছ ট্ৰেকিং সজ্জিত হ’ব লাগিব, লগতে কৰ্মচাৰীক ঘৰত বা ঘৰৰ ওচৰত নমাই দিব লাগিব। ইয়াৰোপৰি গাড়ীৰ চালকৰ বায়’ডাটা আৰু আৰক্ষীৰ পৰীক্ষণ বাধ্যতামূলক হ’ব। সকলো ধৰণৰ কৰ্মচাৰীৰ বাবে এয়া বাধ্যতামূলক হ’ব। অহা যোৱাৰ ক্ষেত্ৰত সুৰক্ষাৰ প্ৰদানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

কৰ্মক্ষেত্ৰত মৌলিক সা-সুবিধাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। কৰ্মস্থলীৰ সমীপত ভাল পোহৰযুক্ত শৌচাগাৰ আৰু খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব কোম্পানীসমূহে। এই স্থানসমূহলৈ যোৱা পথসমূহতো চিচিটিভি থাকিব লাগিব যাতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত হয়। ইয়াৰোপৰি দিন আৰু ৰাতিৰ ডিউটিৰ মাজত কমেও ৮ ঘন্টা জিৰণি লোৱাৰ সময় থাকিব লাগিব। ইয়াৰ দ্বাৰা মহিলা কৰ্মচাৰীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া হৈছে।

ইয়াৰোপৰি নিয়োগকৰ্তাসকলে কৰ্মক্ষেত্ৰত “যৌন নিৰ্যাতনৰ পৰা মহিলাক সুৰক্ষা আইন, ২০১৩”ৰ বিধানসমূহ পালন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে চৰকাৰে।

এই অধিসূচনাত কিশোৰীসকলৰ সুৰক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে কোনো কিশোৰীক ৰাতিৰ ডিউটিত নিয়োগ কৰিব নোৱাৰিব। চৰকাৰৰ এই নিৰ্দেশনাৰ উদ্দেশ্য হৈছে মহিলাসকলৰ বাবে এক নিৰাপদ কৰ্ম পৰিবেশ গঢ়ি তোলা আৰু নিশা কাম কৰা মহিলাসকলক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰা। আশা কৰা হৈছে, ওড়িশা চৰকাৰৰ এই পদক্ষেপৰ ফলত মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাব লগতে তেওঁলোকৰ আত্মবিশ্বাসো বাঢ়িব।

 

অন্য খবৰ পঢ়কঃ গৰ্ভাৱস্থাত হঠাতে কিয় BP বাঢ়ি যায়? চিকিৎসকৰ পৰা জানক প্ৰি-এক্লেম্পচিয়াৰ লক্ষণ…

 

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...