শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰকৃততে হৈছিল কি? পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ, এবছৰ পাছত উদ্ধাৰ মহিলাৰ মৃতদেহ…

প্ৰেমৰ ভয়ংকৰ পৰিণতি। এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, মহিলাগৰাকীৰ প্ৰায় ১ বছৰ আগতে বিয়া হৈছিল। এয়া আছিল প্ৰেম বিবাহ।

প্ৰকৃততে হৈছিল কি? পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ, এবছৰ পাছত উদ্ধাৰ মহিলাৰ মৃতদেহ…
স্বামী-স্ত্ৰীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Jul 2025 15:21 PM

এগৰাকী মহিলাৰ মৃত্যু হোৱা কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰায় ১ বছৰ পূৰ্বে মহিলাগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল। এয়া আছিল তেওঁৰ প্ৰেম বিবাহ। কিন্তু বিয়াৰ এবছৰ পাছতেই তেওঁ চৰম পন্থা গ্ৰহণ কৰে। মৃত মহিলাগৰাকী স্পন্দনা (২৪) বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, মহিলাগৰাকীয়ে পৰিয়ালৰ বিৰুদ্ধে গৈ বিবাহপাশত আৱদ্ধ হৈছিল। এই ঘটনা সংঘটিত হৈছে বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ মদনায়াকনাহল্লী থানা এলেকাত।

মহিলাগৰাকী কানপুৰৰ বাসিন্দ আছিল। তেওঁ য়েলাহাংকাৰ এখন ব্যক্তিগত কলেজত এম বি এ পঢ়ি আছিল। এই সময়চোৱাতে তেওঁ অভিষেক নামৰ যুৱকজনক লগ পায়। প্ৰথমে ইনষ্টাগ্ৰামত লগ পাই যদিও পাছলৈ দুয়োৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ হৈ পৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ বিৰুদ্ধে গৈ তেওঁ যুৱকজনৰ সৈতে বিয়া হয় আৰু ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে। কিন্তু বিয়াৰ ১ বছৰ পাছতেই তেওঁ চৰম পন্থা গ্ৰহণ কৰে।

ঘটনাটো কি

জানিব পৰা মতে, ২৪ জুলাই ভীম অমৱস্য উপলক্ষে মৃত মহিলাগৰাকীয়ে পুৱা ১০ বজাত স্বামীৰ বাবে আনন্দৰে পূজা কৰিছিল। কিন্তু সেই সুখ বেছি সময় নাথাকিল। কিয়নো,পাছদিনা পুৱা ১১ বজাত অভিষেকৰ অফিচৰ এগৰাকী যুৱতীয়ে তেওঁক ফোন কৰে, যাৰ পাছত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াৰ পূৰ্বেও মহিলাগৰাকীয়ে স্বামীক সন্দেহ কৰিছিল, কিন্তু ফোন কল পোৱাৰ পাছত তেওঁ আৰু অধিক ভাঙি পৰিছিল। সেই নিশা ১২:৪৫ বজাত স্পন্দনাই ভনীয়েকলৈ মেছেজ পঠিয়াই আৰু পাছত চৰম পন্থা গ্ৰহণ কৰে। ভনীয়েকলৈ প্ৰেৰণ কৰা মেছেজত তেওঁ উল্লেখ কৰিছিল যে, এই মৃত্যুৰ বাবে তেওঁ স্বামীৰ পিতৃ-মাতৃ আৰু অফিচৰ মানুহ দায়ী।

যৌতুকৰ বাবে হাৰাশাস্তিৰ অভিযোগ

অভিযোগ অনুসৰি বিয়াৰ কিছুদিন পাছৰ পৰাই অভিষেকৰ পৰিয়ালে যৌতুক বিচাৰি স্পন্দনাক হাৰাশাস্তি কৰিছিল। এই কথা স্পন্দনাই পিতৃক জনাইছিল আৰু তাৰ পিছত স্পন্দনাৰ পৰিয়ালে ৫ লাখ টকা দিছিল। ২৪ জুলাইত স্পন্দনাই পুনৰ দেউতাকক ফোন কৰি কয় যে শাহুৱেকৰ কথা শুনি এতিয়া  স্বামীয়ে হাৰাশাস্তি কৰা আৰম্ভ কৰিছে। কিন্তু ইয়াৰ কেইটামান দিন পাছতেই মহিলাগৰাকীয়ে মৃত্যুক সাৱতি লয়।

স্পন্দনাৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে নিজেই মৃতদেহটো নমাই আনি কাকো নোকোৱাকৈ চিকিৎসালয়লৈ লৈ যায়। অভিযোগ অনুসৰি স্পন্দনাৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছে। এনে অৱস্থাত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অন্য হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।  গতিকে মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব এয়া হত্যা নে আন কিবা। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে স্পন্দনাৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ অন্য সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত, ইয়াৰ পাছত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ আচৰিত! ভাৰত- আমেৰিকাতকৈ অধিক সুৰক্ষিত পাকিস্তান, তথ্যত প্ৰকাশ…