শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কি হৈছিল নিশা? ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ ৪ জনৰ মৃতদেহ…

এক ভয়ংকৰ ঘটনা। এটা পৰিয়ালৰ ৪ জন লোকৰ মৃত্যু। জানিব পৰা মতে, এই পৰিয়ালটোৰ ৪ জনলোকে একেলগে বিষপান কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কি হৈছিল নিশা? ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ ৪ জনৰ মৃতদেহ…
প্ৰতীকী ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Jul 2025 15:45 PM

মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এটা পৰিয়ালৰ চাৰিজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এই আটাইকেইজনে বিষ সেৱন কৰি মৃত্যু বৰণ কৰে। এক কথাত এয়া গণ আত্মহত্যাৰ ঘটনা। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অঞ্চলটোত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সাগৰ জিলাৰ খুৰই অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিহতসকলৰ ভিতৰত আছে এজন পুৰুষ, তেওঁৰ মাতৃ আৰু দুটা সন্তান। শুকুৰবাৰ (২৫ জুলাই)য়ে গভীৰ নিশা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। তেহাৰ গাঁৱৰ পৰা নিলগত পথাৰত নিৰ্মিত ঘৰ এটাত পৰিয়ালটোৱে বাস কৰিছিল। তথ্য অনুসৰি যোৱা নিশা মনোহৰ সিং লোধিৰ, তেওঁৰ মাতৃ আৰু পুত্ৰ-কন্যাৰ মৃতদেহ উদ্ধাৰ হয়।

মনোহৰ আৰু তেওঁৰ সন্তানক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ মৃত্যু হয়। জানিব পৰা মতে, কিছুদিন পূৰ্বে মনোহৰৰ পত্নী মাতৃগৃহলৈ গৈছিল। ঘটনাৰ সময়ত মনোহৰ, মাতৃ ফুলৰাণী লোধি (৭০), কন্যা শিৱানী (১৮) আৰু পুত্ৰ অনিকেত (১৬) ঘৰটোত উপস্থিত আছিল।

ফুলৰাণী আৰু তেওঁৰ নাতি অনিকেটৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাৰ সময়ত শিৱানীৰ মৃত্যু হয়। সংকটজনক অৱস্থাত মনোহৰক অন্য হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু আদবাটতে তেওঁৰ মৃত্যু হয়। মৃত মনোহৰ সিং লোধিৰ জ্যেষ্ঠ ভাতৃ নন্দৰাম সিং লোধিয়ে কয় যে তেওঁলোক চাৰিজন ভাতৃ, ইয়াৰে দুজন ভাতৃ গাঁৱত আৰু দুজন গাঁৱৰ কাষৰ পথাৰত নিৰ্মাণ কৰা ঘৰত থাকে।

মৃতকৰ ভাতৃয়ে জনোৱা মতে, তেওঁৰ এজন ভাতৃ মনোহৰ ঘৰৰ ওপৰৰ মহলাত থাকে। তলৰ মহলাত থকা পৰিয়ালটোৱে বমিৰ শব্দ শুনিছিল। তাৰ পাছতে তেওঁলোক তাত উপস্থিত হয় আৰু আটাইকে হাস্পাতাললৈ লৈ যায়।

চিকিৎসকে কি কয়

খুৰই অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত ডাঃ বৰষা কেশৰৱানীয়ে জনোৱা মতে, যোৱা নিশা চাৰিজন লোকক চিকিৎসালয়লৈ অনা হয়, ইয়াৰে দুজন লোকক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হয়। এগৰাকী কন্যা আৰু পিতৃৰ অৱস্থা সংকটজনক। কিশোৰীগৰাকীয়ে চিকিৎসালয়তেই মৃত্যুক সাৱটি লয়। ইফালে তেওঁৰ পিতৃক অন্য হাস্পাতাললৈ ৰেফাৰ কৰা হয় যদিও আদবাটতে তেওঁলোকৰ মৃত্যু হয়।

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোচৰৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিয় এই ঘটনা সংঘটিত হল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ প্ৰকৃততে হৈছিল কি? পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ, এবছৰ পাছত উদ্ধাৰ মহিলাৰ মৃতদেহ…