ভয়ংকৰ ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰে মহতিয়ালে ২০খন বাহন, প্ৰাণ গ’ল যাত্ৰীৰ
ব্ৰেক বিকল হৈ পৰা এখন নিয়ন্ত্ৰণহীন ট্ৰেইলাৰে এক্সপ্ৰেছৱে’ত আজি সৃষ্টি কৰে আতংকময় পৰিস্থিতিৰ। নিয়ন্ত্ৰণহীন ট্ৰেইলাৰখনে পথত প্ৰায় ২০খন বাহন মহতিয়াই নিয়ে। এই ভয়ংকৰ দুঘটনাত এতিয়ালৈকে চাৰিজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

এক ভয়ংকৰ পথ দুৰ্ঘটনাই আজি জোকাৰি তুলিছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। ব্ৰেক বিকল হৈ পৰা এখন নিয়ন্ত্ৰণহীন ট্ৰেইলাৰে এক্সপ্ৰেছৱে’ত আজি সৃষ্টি কৰে আতংকময় পৰিস্থিতিৰ। নিয়ন্ত্ৰণহীন ট্ৰেইলাৰখনে পথত প্ৰায় ২০খন বাহন মহতিয়াই নিয়ে। এই ভয়ংকৰ দুঘটনাত এতিয়ালৈকে চাৰিজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। আনহাতে দুৰ্ঘটনাৰ ফলত ১৫ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ পিছত মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত তীব্ৰ যান–যঁটৰ সৃষ্টি হয়।
দুৰ্ঘটনাৰ ফলত ঘাইপথত প্ৰায় ৫ কিলোমিটাৰ পৰ্যন্ত বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। ব্ৰেক বিকল হৈ পৰাৰ পিছত ট্ৰেইলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ইখনৰ পিছত সিখনকৈ বাহনত খুন্দা মাৰে। দুৰ্ঘটনাৰ প্ৰকৃতি ইমানেই প্ৰবল আছিল যে ট্ৰেইলাৰখনে খুন্দা মৰাৰ ফলত তিনিখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।
একে সময়তে আন বহু যান-বাহনৰ বিস্তৰ ক্ষতি হোৱা বুলি খবৰ প্ৰকাশ পাইছে। উল্লেখ্য যে এই মুম্বাই-পুনে এক্সপ্ৰেছৱে’ হৈছে ৰাজ্যখনৰ আটাইতকৈ ব্যস্ত এক্সপ্ৰেছৱে’। আজি সাপ্তাহিক ছুটিৰ বাবে এই এক্সপ্ৰেছৱে’ত যথেষ্ট ভিৰ হৈছিল। বাহনৰ যথেষ্ট সমাগম থকাৰ সময়তে খোপোলি অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰকাশিত খবৰ অনুসৰি, নতুনকৈ নিৰ্মাণ কৰা সুৰংগৰ সমীপত লোনাভালা খাণ্ডালা ঘাটৰ পৰা মুম্বাই অভিমুখী লেনলৈ নামি অহাৰ সময়ত ট্ৰেইলাৰখনৰ ব্ৰেক বিকল হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। অনিয়ন্ত্ৰিত ট্ৰেইলাৰখনে ক্ষণিকৰ ভিতৰতে সমুখেৰে গৈ থকা কেইবাখনো বাহন আৰু ট্ৰাকত খুন্দা মাৰে। এই দুৰ্ঘটনাত বহু গাড়ীৰ ক্ষতিসাধন হৈছে।
দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে খোপোলি আৰক্ষীৰ লগতে স্থানীয় সাহায্য আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্ঘটনাৰ পিছত আৱদ্ধ হৈ থকা লোকসকলক গন্তব্যস্থানলৈ প্ৰেৰণৰ বাবে যান-বাহন ব্যৱস্থাত প্ৰয়োজনীয় সালসলনি কৰিছে আৰক্ষীয়ে।