Pahalgam Terror Attack: সন্ত্ৰাসবাদীয়ে ইজনৰ পিছত সিজনক কৰিছে গুলীচালনা, তেতিয়া জিপ লাইন অপাৰেটৰে কিয় কৈছিল ‘আল্লাহ-হু-আকবৰ’?
সন্ত্ৰাসবাদী বিচাৰি ফুৰাৰ সময়ত এটা ভিডিঅ’ পোহৰলৈ আহিছে। য’ত তলত বন্দুকৰ গুলী চলি থকাৰ সময়তে জিপ লাইন অপাৰেটৰে আল্লাহু আকবৰ ধ্বনি দিয়া দেখা গৈছে। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে সন্দেহৰ সৃষ্টি হয়।

সন্ত্ৰাসবাদীয়ে ইজনৰ পিছত সিজনক কৰিছে গুলীচালনা
বৈছাৰণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি এতিয়া সকলোৰে সন্মুখত স্পষ্ট হৈ আছে। পৰ্যটকসকলে আনন্দ কৰি থকাৰ সময়তে জংঘলৰ পৰা ওলাই আহে সন্ত্ৰাসবাদী। নিজৰ ধৰ্মীয় পৰিচয় জানি পইণ্ট ব্লেংক ৰেঞ্জত গুলীচালনা কৰে। এইদৰেই তেওঁলোকে ২৬ জন পৰ্যটকক হত্যা কৰিছিল। সন্ত্ৰাসবাদী বিচাৰি থাকোঁতে এটা ভিডিঅ’ পোহৰলৈ আহিছে। য’ত জিপ লাইন অপাৰেটৰে তলত বন্দুকৰ গুলী শুনি লগে লগে “আল্লাহ-হু-আকবৰ” ধ্বনি দিয়া দেখা গৈছিল। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে সন্দেহৰ সৃষ্টি হয়। সেই ব্যক্তিজনো সন্ত্ৰাসবাদীৰ লগত জড়িত আছিল নেকি?
The zip line operator seen in this viral video pushing Rishi Bhatt to continue the ride even after hearing the gunshots has been detained by the NIA. https://t.co/HgQ5dJo1oF
— Riccha Dwivedi (@RicchaDwivedi) April 28, 2025
জিপ লাইনত উঠি গৈ থকা অৱস্থাত বৈছাৰণত সংঘটিত হয় সন্ত্ৰাসবাদী আক্ৰমণ। লোকজনে নিজৰ ফোনত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল, য’ত জিপ লাইন অপাৰেটৰজনে গুলীচালনাৰ মাত্ৰ এক চেকেণ্ড পূৰ্বে তিনিবাৰকৈ ‘আল্লাহ আকবৰ’ বুলি কৈছে। ভাইৰেল ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে মঙলবাৰে NIA এ জিপ লাইন অপাৰেটৰক মাতি আনে।
জিপ লাইন অপাৰেটৰ মুজাম্মিলে NIA ক জনাইছে যে, এয়া তেওঁৰ স্বাভাৱিক প্ৰতিক্ৰিয়া। যেনেকৈ বহুতে “অ’ গড” বা “অ’ মাই গড” বুলি কয়, তেনেকৈয়ে তলত গুলীৰ শব্দ শুনি “আল্লাহ-হু-আকবৰ” বুলি কৈছিল।
মুজাম্মিলে NIAক জনোৱা মতে, সন্ত্ৰাসবাদী আক্ৰমণ দেখি তেওঁ ইমানেই ভয় খাইছিল যে তেওঁ পোনে পোনে ঘৰলৈ গৈছিল। গোটেই দিনটো ভয়ত আছিল। কাৰো লগত কথা নাপাতিলে। দুপৰীয়া বন্ধু এজনক ফোন কৰি গোটেই ঘটনাটো ব্যক্ত কৰে।
কিন্তু তলত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰা দেখিও জিপ লাইনত উঠি অহা ঋষি ভাট নামৰ ব্যক্তিজনে কিয় তললৈ ঠেলি দিছিল বুলি প্ৰশ্ন উত্থাপন কৰিছিল NIA ৰ বিষয়াসকলে। মুজাম্মিলে এই প্ৰশ্নৰ ভাল উত্তৰ নিদিলে।
এতিয়াৰ বাবে NIA য়ে মুজাম্মিলক ক্লিন চিট দিছে। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জিপ লাইন অপাৰেটৰটোৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।