অপাৰেশ্যন সেন্দূৰৰ ল’গ’ কোনে আৰু কিমান সময়ত প্ৰস্তুত কৰিছিল?

Operation sindoor logo: পহলগাম কাণ্ডৰ দ্বাৰা সন্ত্ৰাসবাদীসকলে ভাৰতীয় মহিলাৰ সেন্দূৰ কাঢ়িছিল। যাৰ প্ৰত্যুত্তৰ ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে দিছিল। 

অপাৰেশ্যন সেন্দূৰৰ লগ কোনে আৰু কিমান সময়ত প্ৰস্তুত কৰিছিল?

অপাৰেশ্যন সেন্দূৰ

Published: 

28 May 2025 | 01:25 PM

২২ এপ্ৰিল, ২০২৫। এই দিনটো সম্ভৱতঃ কোনো ভাৰতীয়ই পাহৰিব নোৱাৰে। এই দিনটোতেই জম্মু-কাশ্মীৰৰ পহলগামত ধৰ্ম সুধি হত্যা কৰা হৈছিল ২৬ জনকৈ লোকক।  পত্নীৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল স্বামীক। মাত্ৰ কেইমান মূহুৰ্ততে বৈসাৰন এলেকা তেজেৰে ৰাঙলী হৈ পৰিছিল। এই কাণ্ডই দেশৰ লগতে সমগ্ৰ বিশ্বত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতে চলাইছিল অপাৰেশ্যন সেন্দূৰ।  মাত্ৰ ২২ মিনিটতে ভাৰতীয় সেনাই ধ্বংস কৰিছিল ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি। পাকিস্তান আৰু পি অ’ কেৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলা এই আক্ৰমণত মৃত্যু মুখত পৰিছিল ১০০ ৰো অধিক সন্ত্ৰাসবাদী। ধ্বংস কৰি পেলোৱা হৈছিল  লস্কৰ-ই-তৈবা আৰু জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ।

কেৱল দেশতে নহয়, সমগ্ৰে বিশ্বতে অপাৰেশ্যন সেন্দূৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতে সামাজিক মাধ্যমত এখনবি বিশেষ ফটো ভাইৰেল হৈ পৰিছে। অপাৰেশ্যন সেন্দূৰৰ সমান্তৰালকৈ ইয়াৰ ল’গ’ই বহুতৰে মন জয় কৰিবলৈ সক্ষম হয়। পিছে প্ৰশ্ন হয়, এই ল’গ’টো কোনে ডিজাইন কৰিছিল ?

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি অপাৰেচন সিন্দুৰৰ ল’গ’ ডিজাইনৰ আঁৰত আছিল দুজন সেনা জোৱান। ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজন হৈছিল মাত্ৰ ৪৫ মিনিটৰ। ইয়াৰে এজন আছিল লেফটেনেণ্ট কৰ্ণেল হৰ্ষ গুপ্তা, আৰু আনজন আছিল হাবিলদাৰ সুৰিন্দৰ সিং। তেওঁলোকেই প্ৰস্তুত কৰি উলিয়াইছিল ল’গ’।

প্ৰায় সকলোৰে মন জয় কৰা ল’গ’টোৰ ক’লা বেকগ্ৰাউন্টত ডাঙৰ ডাঙৰ বগা ইংৰাজী আখৰেৰে লিখা আছিল অপাৰেশ্যে সেন্দূৰ (Operation sindoor) । ল’গ’টোত sindoor শব্দটোৰ বাবে ইংৰাজীত দুটা O ব্যৱহাৰ কৰা হৈছে। ইয়াৰে এটা O ৰ ভিতৰত দেখুওৱা হৈছে সেন্দূৰৰ ৰং। যি বিবাহিতা মহিলাৰ প্ৰতীক,যিয়ে কেৱল পৰম্পৰাই নহয়, শক্তি আৰু আবেগেৰে প্ৰতিনিধিত্ব কৰে। ইয়াৰোপৰি ৰঙা ৰং আছিল বলিদান, ন্যায় আৰু শক্তিৰ প্ৰতীক।

উল্লেখ্য যে, পহলগাম কাণ্ডৰ দ্বাৰা সন্ত্ৰাসবাদীসকলে ভাৰতীয় মহিলাৰ সেন্দূৰ কাঢ়িছিল। যাৰ প্ৰত্যুত্তৰ ভাৰতে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে দিছিল।  সহজ ভাষাত ক’বলৈ হ’লে ভাৰতে পুনৰবাৰ বিশ্বক দেখুৱাইছে যে ভাৰতে কি কৰিব পাৰে। কিছুদিন পূৰ্বে অপাৰেশ্যে সিন্দুৰৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰি মোদীয়ে স্পষ্টকৈ কৈছিল যে, সেন্দূৰ বাৰুদলৈ ৰূপান্তৰ হ’লে কি হয় সেয়া সকলোৱে দেখিছে।

 

অন্য খবৰ পঢ়কঃ ক্ষমতাৰ লালসা! সেনাৰ অভ্যুত্থান হ’লে কোন দেশলৈ পলায়ন কৰিব মহম্মদ ইউনুছে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...