ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ…চাওক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
আজি ‘মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি আছিল মন কী বাতৰ ১২২ সংখ্যক খণ্ড। এই সময়চোৱাত মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদলৈকে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত আগবঢ়োৱা হ’ল-
১) কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২৪ মে’ত গাডকাৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত দুয়োগৰাকী নেতাই অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সন্দৰ্ভত আলোচনা কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ পথ যোগাযোগ নেটৱৰ্কক অধিক শক্তিশালী কৰাৰ উপায় বিচাৰি উলিয়ায়।
২) অব্যাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ। গৌৰৱ গগৈয়ে কয় যে যোৰহাটৰ পৰা মই জয়ী হোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে ৰাজনৈতিক দুৰ্ঘটনা। বহুতে তেওঁক চানক্য বুলি ভাবিছিল। কিন্তু এতিয়া তেনে পৰিবেশ নাই। ইয়াৰ বিপৰীতে দলে বিচাৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈও সাজু বুলি কয় গগৈয়ে।
৩)হিমন্ত বিশ্ব শৰ্মাক ল’ৰা ৰজাৰ সৈতে তুলনা ৰিপুণ বৰাৰ। সংবাদমেল সম্বোধন কৰি বৰাই কয় যে, ল’ৰা ৰজাই ক্ষমতাত থকিবলৈ আনৰ অংগক্ষত কৰিছিল। এতিয়া হিমন্ত বিশ্বই গৌৰৱৱ গগৈৰ অংগক্ষত কৰিব বিচাৰিছে । ৰাজনৈতিকভাবে গৌৰৱ গগৈক ধ্বংস কৰিব বিচাৰিছে শৰ্মাই। গগৈক ধ্বংস কৰিলে আগন্তুক ২৫ বছৰলৈ তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাথাকে বুলি জানে। যাৰ বাবে এই ষড়যন্ত্ৰ কৰিছে।
৪)আজি ‘মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি আছিল মন কী বাতৰ ১২২ সংখ্যক খণ্ড। এই সময়চোৱাত মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদলৈকে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। মোদীয়ে ভাৰতীয় সেনাৰ প্ৰশংসা কৰি কয় যে, ভাৰতীয় সেনাৰ বীৰত্ব তথা সাহসে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে। আজি প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্প এয়াই যে সন্ত্ৰাসবাদ শেষ কৰিব লাগে।
৫) মন কী বাতত লগতে মোদীয়ে কয় যে, গুজৰাটৰ গিৰ অৰণ্যত এছিয়াটিক সিংহৰ সংখ্যা বৃদ্ধি পাইছে। ই ‘অতি উৎসাহজনক’ বুলি অভিহিত কৰে তেওঁ। লগতে কয় যে, মাত্ৰ পাঁচ বছৰতে সিংহৰ সংখ্যা ৬৭৪ৰ পৰা ৮৯১টালৈ বৃদ্ধি পাইছে।স্থানীয় জনসাধাৰণৰ সহযোগিতা আৰু আধুনিক প্ৰযুক্তিৰ এক অলৌকিক ৰূপ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আখ্যা দিয়ে।
৬) সামাজিক মাধ্যমত ৰাইজক বিশেষ আহ্বান কণ্ঠশিল্পী জুবিন গাৰ্গৰ।উল্লেখ্য যে, যোৱা ২৩ মে’ত মুক্তি লাভ কৰিছিল অসমীয়া ছবি ভাইমন দা। কিন্তু বহুতে এই ছবিৰ কিছুমান ক্লিপ সামাজিক মাধ্যমত ভাইৰেল কৰিছে। গতিকে সামাজিক মাধ্যমত ক্লিপ ভাইৰেল নকৰিবলৈ জৰুৰী নিৰ্দেশনা দিছে জুবিন গাৰ্গে। লগতে এনে লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি কৈছে।
৭)অপাৰেশ্য সেন্দূৰৰ পাছত ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধি দলটোৱে বিশ্ব ভ্ৰমণ কৰি সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিছে। ভাৰতৰ প্ৰতিনিধি দলে সমগ্ৰ বিশ্বৰ প্ৰায় ৩৩খন দেশত উপস্থিত হৈছে। আমেৰিকাত উপস্থিত হৈ শশী থাৰুৰে কয় যে, আপোনালোকে জানে মই বিৰোধী দলৰ নেতা। কিন্তু মই লিখিছিলো যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাত মতাৰ সময় আহি পৰিছে। আৰু এতিয়া ভাৰতে ঠিক তেনেকুৱাই কৰিছে। ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাই দিছে।
৮)জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ভাৰত। এতিয়া অনুমান কৰা হৈছে যে অহা ৩০ৰ পৰা ৩৬ মাহত ভাৰতে জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। এই সন্দৰ্ভত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমণিয়ামে কয় যে, জাপানক এৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। সামগ্ৰিকভাৱে বিশ্ব আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অনুকূল বুলি তেওঁ কয়।
৯)ধাৰাসাৰ বৰষুণৰ বাবে অধিক বেয়া হৈ পৰিছে পাকিস্তানৰ পৰিস্থিতি। পঞ্জাৱ প্ৰদেশৰ বহু অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বতৰ আৰু বৰষুণৰ আকস্মিক পৰিৱৰ্তনৰ ফলত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে।